--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ১১ টাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ আৰক্ষীৰ জালত পৰিল সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰীটো ৰাজীৱ ৰাভা বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্ক: গোৱালপাৰা জিলাৰ ধূপধৰাত ড্ৰাগছ বিৰোধী অভিযান ধূপধৰা আৰক্ষীৰ৷ ধূপধৰাৰ কোঁঠাকুঠিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজনক৷ ড্ৰাগছ ক্ৰয়-বিক্ৰয় কৰি থকা মুহূৰ্ততে আৰক্ষীয়ে হাতে-লোটে কৰায়ত্ত কৰে সৰবৰাহকাৰীসহ দুজন লোকক ৷


১১ টাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ আৰক্ষীৰ জালত পৰিল সৰবৰাহকাৰী। ধৃত সৰবৰাহকাৰীটো ৰাজীৱ ৰাভা বুলি জানিব পৰা গৈছে। 


ধূপধৰাত বিক্ৰীৰ বাবে আনিছিল ড্ৰাগছখিনি। ৰাজীৱ ৰাভাৰ পৰা এখন বাইকো জব্দ কৰিছে আৰক্ষীয়ে৷


ধূপধৰা আৰু কোঠাকুঠিৰ মাজ অংশৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ড্ৰাগছখিনি বিক্ৰী কৰাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী ৰাজীৱ ৰাভাৰ লগতে ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা অমৰজিৎ শৰ্মাক। 


আৰক্ষীয়ে জব্দকৃত ড্ৰাগছখিনিৰ ওজন ১৪.৬৩ গ্ৰাম বুলি জানিবলৈ দিয়ে। ধৃত সৰবৰাহকাৰী ৰাজীৱ ৰাভাৰ ঘৰ ধূপধৰাৰ বাঘগডোবা উত্তৰ ঘিলাবাৰী আৰু ক্ৰেতা অমৰজিৎ শৰ্মাৰ ঘৰ কোঁঠাকুঠিৰ নাহৰপাৰাত বুলি জানিব পৰা গৈছে৷


ধূপধৰা আৰক্ষীয়ে ‌অধিক তথ্যৰ বাবে ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ জেৰা অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ