--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ পাছতে তেওঁ ঘনিষ্ঠ একাংশই গ্ৰেপ্তাৰ হোৱাৰ আশংকাত ভুগিছে। অবাধ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল ইমৰাণ খান চৰকাৰৰ ঘনিষ্ঠসকলৰ বিৰুদ্ধে। বিদেশী পুঁজিৰ ওপৰত নিৰ্ভশীল দেশখনৰ চৰকাৰে বিদেশী পুঁজিৰ ব্যাপক অপব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছিল। আনকি দেশখনৰ একাংশ লোকে পাকিস্তানক ভিক্ষা কৰি চলি থকা বিশ্বৰ একমাত্ৰ পাৰমাণৱিক শক্তিধৰ দেশ আখ্যা দিছিল। এনে পৰিস্থিতিৰ বাবেই ইমৰাণ খানৰ বিৰুদ্ধে উত্থাপন হয় অনাস্থা প্ৰস্তাৱ।

ইটোৰ পাছত সিটো সহযোগী দলে ইমৰাণ খান চৰকাৰৰ সংগ এৰাৰ পাছত সংসদত সংখ্যাগৰিষ্ঠতা হেৰুৱাবলগীয়া হয় ইমৰাণ খানে। তাৰ অৱধাৰিত ফল হিচাপে কাৰ্যকাল সম্পূ্ৰ্ণ নহওঁতেই তেওঁ গাদীৰ পৰা অপসাৰিত হ’বলগীয়া হয়। এতিয়া তত্তাৱধায়ক প্ৰধানমন্ত্ৰীয়ে চলাই আছে দেশখন। ইমৰাণ খানৰ গাদী যোৱাটো নিশ্চিত হোৱাৰ পাছতে তেওঁ গ্ৰেপ্তাৰৰ সন্মুখীন হ’ব পাৰে বুলি ব্যাপক চৰ্চা চলিছিল। কিন্তু তেওঁ এতিয়ালৈ গ্ৰেপ্তাৰৰ পৰা হাত সাৰি থাকিবলৈ সক্ষম হৈছে যদিও তেওঁৰ সোঁৱে-বাৱে থকা একাংশ লোক গ্ৰেপ্তাৰৰ ভয়ত থৰহৰি কম্পমান হৈ পৰিছে। শেহতীয়াকৈ ইমৰাণ খানৰ পত্নী বুশ্ৰা খানৰ বান্ধৱী এগৰাকীয়ে বৃহৎ পৰিমাণৰ মাৰ্কিন ডলাৰ লগত লৈ ডুবাইলৈ উৰা মৰা বুলি প্ৰকাশ পোৱাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃ্ষ্টি হৈছে।  

ইমৰাণৰ পত্নী বুশ্ৰা খানৰ বান্ধৱী ফাৰাহ খানে কাষত এটা সুদৃশ্য হেণ্ডবেগ লৈ বিমানযাত্ৰা কৰাৰ এখন আলোকচিত্ৰক লৈ এতিয়া তীব্ৰ চৰ্চা চলিছে। বুশ্ৰা খানৰ বান্ধৱীগৰাকীয়ে সুদৃশ্য বেগটোত ৯০ হাজাৰ মাৰ্কিন ডলাৰ লৈ ডুবাইলৈ পলায়ন কৰা বুলি অভিযোগ কৰিছে বিৰোধীয়ে। তেওঁৰ বিমানযাত্ৰা আলোকচিত্ৰখন এতিয়া ভাইৰেল হৈ পৰিছে। 
দুৰ্নীতিৰ গোচৰত অভিযুক্ত ফাৰাহে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈকে ডুবাইলৈ পলায়ন কৰা বুলি অভিযোগ কৰিছে বিৰোধী শিবিৰে। এই অভিযোগক লৈ এতিয়া উত্তাল হৈ পৰিছে দেশখনৰ ৰাজনীতি।
বিৰোধী দলৰ নেতা ৰোমিনা খুৰশ্বিদ আলমে অভিযোগ কৰিছে যে, বুশ্ৰা খানৰ ফ্ৰণ্টঅ’মেন ফাৰাহ খানে পলায়ন কৰিলে। তেওঁৰ কাষতে থকা বেগটো ৯০হাজাৰ মাৰ্কিন ডলাৰেৰে ভৰি আছে। বহুতে তেওঁ ব্যক্তিগত বিমানেৰে ডুবাইলৈ বিলাসবহুল যাত্ৰা কৰাক লৈও অভিযোগ উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক