--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান ক্ষমতাৰ পৰা অপসাৰিত হোৱাৰ পাছতে তেওঁ ঘনিষ্ঠ একাংশই গ্ৰেপ্তাৰ হোৱাৰ আশংকাত ভুগিছে। অবাধ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল ইমৰাণ খান চৰকাৰৰ ঘনিষ্ঠসকলৰ বিৰুদ্ধে। বিদেশী পুঁজিৰ ওপৰত নিৰ্ভশীল দেশখনৰ চৰকাৰে বিদেশী পুঁজিৰ ব্যাপক অপব্যৱহাৰ কৰা বুলি অভিযোগ উঠিছিল। আনকি দেশখনৰ একাংশ লোকে পাকিস্তানক ভিক্ষা কৰি চলি থকা বিশ্বৰ একমাত্ৰ পাৰমাণৱিক শক্তিধৰ দেশ আখ্যা দিছিল। এনে পৰিস্থিতিৰ বাবেই ইমৰাণ খানৰ বিৰুদ্ধে উত্থাপন হয় অনাস্থা প্ৰস্তাৱ।

ইটোৰ পাছত সিটো সহযোগী দলে ইমৰাণ খান চৰকাৰৰ সংগ এৰাৰ পাছত সংসদত সংখ্যাগৰিষ্ঠতা হেৰুৱাবলগীয়া হয় ইমৰাণ খানে। তাৰ অৱধাৰিত ফল হিচাপে কাৰ্যকাল সম্পূ্ৰ্ণ নহওঁতেই তেওঁ গাদীৰ পৰা অপসাৰিত হ’বলগীয়া হয়। এতিয়া তত্তাৱধায়ক প্ৰধানমন্ত্ৰীয়ে চলাই আছে দেশখন। ইমৰাণ খানৰ গাদী যোৱাটো নিশ্চিত হোৱাৰ পাছতে তেওঁ গ্ৰেপ্তাৰৰ সন্মুখীন হ’ব পাৰে বুলি ব্যাপক চৰ্চা চলিছিল। কিন্তু তেওঁ এতিয়ালৈ গ্ৰেপ্তাৰৰ পৰা হাত সাৰি থাকিবলৈ সক্ষম হৈছে যদিও তেওঁৰ সোঁৱে-বাৱে থকা একাংশ লোক গ্ৰেপ্তাৰৰ ভয়ত থৰহৰি কম্পমান হৈ পৰিছে। শেহতীয়াকৈ ইমৰাণ খানৰ পত্নী বুশ্ৰা খানৰ বান্ধৱী এগৰাকীয়ে বৃহৎ পৰিমাণৰ মাৰ্কিন ডলাৰ লগত লৈ ডুবাইলৈ উৰা মৰা বুলি প্ৰকাশ পোৱাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃ্ষ্টি হৈছে।  

ইমৰাণৰ পত্নী বুশ্ৰা খানৰ বান্ধৱী ফাৰাহ খানে কাষত এটা সুদৃশ্য হেণ্ডবেগ লৈ বিমানযাত্ৰা কৰাৰ এখন আলোকচিত্ৰক লৈ এতিয়া তীব্ৰ চৰ্চা চলিছে। বুশ্ৰা খানৰ বান্ধৱীগৰাকীয়ে সুদৃশ্য বেগটোত ৯০ হাজাৰ মাৰ্কিন ডলাৰ লৈ ডুবাইলৈ পলায়ন কৰা বুলি অভিযোগ কৰিছে বিৰোধীয়ে। তেওঁৰ বিমানযাত্ৰা আলোকচিত্ৰখন এতিয়া ভাইৰেল হৈ পৰিছে। 
দুৰ্নীতিৰ গোচৰত অভিযুক্ত ফাৰাহে গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈকে ডুবাইলৈ পলায়ন কৰা বুলি অভিযোগ কৰিছে বিৰোধী শিবিৰে। এই অভিযোগক লৈ এতিয়া উত্তাল হৈ পৰিছে দেশখনৰ ৰাজনীতি।
বিৰোধী দলৰ নেতা ৰোমিনা খুৰশ্বিদ আলমে অভিযোগ কৰিছে যে, বুশ্ৰা খানৰ ফ্ৰণ্টঅ’মেন ফাৰাহ খানে পলায়ন কৰিলে। তেওঁৰ কাষতে থকা বেগটো ৯০হাজাৰ মাৰ্কিন ডলাৰেৰে ভৰি আছে। বহুতে তেওঁ ব্যক্তিগত বিমানেৰে ডুবাইলৈ বিলাসবহুল যাত্ৰা কৰাক লৈও অভিযোগ উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ