--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক শোকাৱহ পথ দুৰ্ঘটনাৰ সময়ত প্ৰাণ হেৰুৱালে পঞ্জাবী অভিনেতা তথা সমাজকৰ্মী দীপ সিদ্ধুৱে। মঙলবাৰে নিশাৰ ভাগত হোৱা দুৰ্ঘটনাটটোত থিতাতে নিহত হয় অভিনেতাগৰাকী। যোৱা বছৰ কৃষক আন্দোলনৰ সৈতে চামিল হৈ বিতৰ্কৰ কেন্দ্ৰ হৈ পৰিছিল দীপ সিদ্ধু। যোৱা বছৰৰ গণৰাজ্য দিৱসৰ দিনা দিল্লীত কৃষকৰ প্ৰতিবাদৰ সময়ত লালকিল্লাত হোৱা হিংসাত্মক কাৰ্যত দীপ সিদ্ধুকো অভিযুক্ত কৰা হৈছিল আৰু তেওঁ একাধিকবাৰ গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল। কাৰাগাৰৰ পৰা জামিনত মুকলি হৈ থকা অভিনেতাগৰাকীৰ মৃত্যুৱে এতিয়া বিভিন্নজনৰ চকু সেমেকাই তুলিছে। ইফালে, তেওঁ দুৰ্ঘটনাগ্ৰস্ত গাড়ীত থকা আন এগৰাকী আৰোহীৰ দৈৱক্ৰমে জীৱন ৰক্ষা পৰাটোৱে বিশেষ চৰ্চা লাভ কৰিছে। দীপ সিদ্ধুৱে চলাই যোৱা স্কৰপিঅ’ গাড়ীখনৰ সন্মুখৰ আসনতে বহি গৈছিল তেওঁৰ এগৰাকী বান্ধৱী। প্ৰবাসী ভাৰতীয় ৰীনা ৰয় নামৰ সিদ্ধৰ বান্ধৱীগৰাকীও সেই সময়ত গাড়ীত আছিল যদিও দৈবক্ৰমে তেওঁৰ জীৱন ৰক্ষা পৰে। ভয়ংকৰ দুৰ্ঘটনাটোত থিতাপে প্ৰাণ হেৰুৱাইছিল দীপ সিদ্ধুৱে। কিন্তু কোনো গুৰুতৰ আঘাত নোপোৱাকৈ বাছি গৈছিল তেওঁৰ বান্ধৱী ৰীনা। ৰীনাই দুৰ্ঘটনাৰ সময়ৰ কথা সদৰি কৰি কয় যে, তেওঁ চীটবেল্ট লগাই গাড়ীৰ সন্মুখৰ আসনতে বহি আছিল আৰু তেওঁৰ চিলমিল টোপনি আহিছিল। সেই সময়তে খাড়খোড়া অঞ্চলত প্ৰায় ৯.৩০বজাত দুৰ্ঘটনাটো সংঘটিত হয়। তেওঁৰ জীৱন ৰক্ষা পৰে এয়াৰ বেগৰ বাবে। দুৰ্ঘটনাৰ লগে লগে এয়াৰ বেগে তেওঁ মুখমণ্ডল আৰু বুকু আবৃত কৰি ধৰাৰ ফলত তেওঁ গুৰুতৰ আঘাতৰ পৰা ৰক্ষা পৰে। দীপৰ ফালে থকা এয়াৰবেগ ফাটি যোৱাৰ ফলত তেওঁ জীৱন ৰক্ষা নপৰিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইফালে, এখন ২২চকীয়া ট্ৰাকৰ সৈতে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু আৰক্ষীয়ে ট্ৰাকখনৰ চালকক বিচাৰি আছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে দীপৰ বান্ধৱী ৰীনা ৰয় এতিয়া চিকিতসাধীন হৈ আছে আৰু তেওঁৰ স্বাস্থ্য সুস্থিৰ। ১৩ জানুৱাৰীত আমেৰিকাৰ পৰা আছিল দীপৰ বান্ধৱী ৰীনা। গুৰুগ্ৰামত থকা অবেৰয় হোটেলত দুয়ো আছিল। নিশা ৭.৩০বজাত গুৰুগ্ৰামৰ পৰা ওলাই তেওঁলোকে বাডিল টোল প্লাজাৰ পৰা কেএমপি পথেৰে গৈ আছিল। উল্লেখ্য যে, ১৯৮৪চনৰ ২ এপ্ৰিলত দীপ সিদ্ধুৰ জন্ম হৈছিল। তেওঁ আইনৰ শিক্ষা গ্ৰহণৰ পাছত মডেল আৰু অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। পঞ্জাবৰ মুকষ্টাৰ ছাহিব জিলাৰ বাসিন্দা আছিল দীপ।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীনত একেখন মঞ্চত থিয় হ'ব মোদী-জিনপিং-পুটিনসহ শীর্ষ নেতা
ধুবুৰীত মালবাহী ৰে'লৰ প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনত! কথমপি প্ৰাণ ৰক্ষা তিনি ছাত্ৰীসহ এজন লোকৰ
চণ্ডীগড়ত হ'ব IAFৰ ঐতিহাসিক অধ্যায়ৰ সামৰণি অনুষ্ঠান!  মিগ-২১ৰ শেষ উৰণ, প্রতীকী বিদায়
কি ৰঙৰ গণপতিৰ মূৰ্তি ঘৰত ৰাখিলে জীৱনলৈ সুখ-সমৃদ্ধিৰ আগমন ঘটে? নিশ্চিতভাৱে গণেশ চতুৰ্থীত জানি লওক
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান