--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক শোকাৱহ পথ দুৰ্ঘটনাৰ সময়ত প্ৰাণ হেৰুৱালে পঞ্জাবী অভিনেতা তথা সমাজকৰ্মী দীপ সিদ্ধুৱে। মঙলবাৰে নিশাৰ ভাগত হোৱা দুৰ্ঘটনাটটোত থিতাতে নিহত হয় অভিনেতাগৰাকী। যোৱা বছৰ কৃষক আন্দোলনৰ সৈতে চামিল হৈ বিতৰ্কৰ কেন্দ্ৰ হৈ পৰিছিল দীপ সিদ্ধু। যোৱা বছৰৰ গণৰাজ্য দিৱসৰ দিনা দিল্লীত কৃষকৰ প্ৰতিবাদৰ সময়ত লালকিল্লাত হোৱা হিংসাত্মক কাৰ্যত দীপ সিদ্ধুকো অভিযুক্ত কৰা হৈছিল আৰু তেওঁ একাধিকবাৰ গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল। কাৰাগাৰৰ পৰা জামিনত মুকলি হৈ থকা অভিনেতাগৰাকীৰ মৃত্যুৱে এতিয়া বিভিন্নজনৰ চকু সেমেকাই তুলিছে। ইফালে, তেওঁ দুৰ্ঘটনাগ্ৰস্ত গাড়ীত থকা আন এগৰাকী আৰোহীৰ দৈৱক্ৰমে জীৱন ৰক্ষা পৰাটোৱে বিশেষ চৰ্চা লাভ কৰিছে। দীপ সিদ্ধুৱে চলাই যোৱা স্কৰপিঅ’ গাড়ীখনৰ সন্মুখৰ আসনতে বহি গৈছিল তেওঁৰ এগৰাকী বান্ধৱী। প্ৰবাসী ভাৰতীয় ৰীনা ৰয় নামৰ সিদ্ধৰ বান্ধৱীগৰাকীও সেই সময়ত গাড়ীত আছিল যদিও দৈবক্ৰমে তেওঁৰ জীৱন ৰক্ষা পৰে। ভয়ংকৰ দুৰ্ঘটনাটোত থিতাপে প্ৰাণ হেৰুৱাইছিল দীপ সিদ্ধুৱে। কিন্তু কোনো গুৰুতৰ আঘাত নোপোৱাকৈ বাছি গৈছিল তেওঁৰ বান্ধৱী ৰীনা। ৰীনাই দুৰ্ঘটনাৰ সময়ৰ কথা সদৰি কৰি কয় যে, তেওঁ চীটবেল্ট লগাই গাড়ীৰ সন্মুখৰ আসনতে বহি আছিল আৰু তেওঁৰ চিলমিল টোপনি আহিছিল। সেই সময়তে খাড়খোড়া অঞ্চলত প্ৰায় ৯.৩০বজাত দুৰ্ঘটনাটো সংঘটিত হয়। তেওঁৰ জীৱন ৰক্ষা পৰে এয়াৰ বেগৰ বাবে। দুৰ্ঘটনাৰ লগে লগে এয়াৰ বেগে তেওঁ মুখমণ্ডল আৰু বুকু আবৃত কৰি ধৰাৰ ফলত তেওঁ গুৰুতৰ আঘাতৰ পৰা ৰক্ষা পৰে। দীপৰ ফালে থকা এয়াৰবেগ ফাটি যোৱাৰ ফলত তেওঁ জীৱন ৰক্ষা নপৰিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ইফালে, এখন ২২চকীয়া ট্ৰাকৰ সৈতে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু আৰক্ষীয়ে ট্ৰাকখনৰ চালকক বিচাৰি আছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে দীপৰ বান্ধৱী ৰীনা ৰয় এতিয়া চিকিতসাধীন হৈ আছে আৰু তেওঁৰ স্বাস্থ্য সুস্থিৰ। ১৩ জানুৱাৰীত আমেৰিকাৰ পৰা আছিল দীপৰ বান্ধৱী ৰীনা। গুৰুগ্ৰামত থকা অবেৰয় হোটেলত দুয়ো আছিল। নিশা ৭.৩০বজাত গুৰুগ্ৰামৰ পৰা ওলাই তেওঁলোকে বাডিল টোল প্লাজাৰ পৰা কেএমপি পথেৰে গৈ আছিল। উল্লেখ্য যে, ১৯৮৪চনৰ ২ এপ্ৰিলত দীপ সিদ্ধুৰ জন্ম হৈছিল। তেওঁ আইনৰ শিক্ষা গ্ৰহণৰ পাছত মডেল আৰু অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। পঞ্জাবৰ মুকষ্টাৰ ছাহিব জিলাৰ বাসিন্দা আছিল দীপ।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ