--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ ঘৰতেই নিৰাপত্তাজনিত  আশংকাৰ সৃষ্টি হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। আজি এজন সন্দেহজনক লোকে গাড়ীৰে ডোভালৰ ঘৰত প্ৰৱেশৰ চেষ্টা চলায়। তেওঁক নিৰাপত্তৰক্ষীয়ে ততপৰতাৰে বাধা দিয়ে যদিও এই কাৰ্যক লৈ উদ্বিগ্নতাৰ সৃষ্টি হৈছে। দেশৰ নিৰাপত্তজনিত ভালেমান দিশত লোৱা বহু কঠিন আৰু স্পৰ্শকাতৰক সিদ্ধান্তৰ বাবে ডোভাল সদায়ে চৰ্চাৰ বিষয় হৈ আহিছে। দেশৰ আভ্যন্তৰীণ আৰু বহিঃশত্ৰুক দমনৰ বাবে অজিত ডোভালৰ নেতৃত্বতে ভাৰতে ভালেমান গুৰুত্বপূৰ্ণ অভিযান চলাইছে। গতিকে স্বাভাৱিকতে অজিত ডোভাল যিকোনো বৈৰীৰ আক্ৰমণৰ লক্ষ্য হ’ব পাৰে। এনে পৰিপ্ৰেক্ষিতত গাড়ীসহ কোনো লোকে তেওঁৰ ঘৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ লৈ দিল্লী আৰক্ষীৰ মাজত হাহাকাৰ লাগিছে। ডোভালৰ ঘৰত থকা নিৰাপত্তাৰক্ষীয়ে লোকজনক আটক কৰাৰ পাছতে দিল্লী আৰক্ষীয়ে জিম্মাত লৈ জেৰা চলাই আছে। আৰভীক এটা সূত্ৰই প্ৰকাশ কৰিছিল যে লোকজনৰ শৰীৰত কোনো ‘চিপ’ সংলগ্ন কৰি থোৱা আছিল আৰু তেওঁক বাহিৰৰ পৰা কোনো লোকে নিয়ন্ত্ৰণ কৰি আছিল। আৰক্ষীৰ এই দাবী অৱশ্যে সত্য প্ৰমাণিত হোৱা নাই। এমআৰই স্কেনত লোকজনৰ শৰীৰত কোনো ‘চিপ’ৰ অৱস্থিতি ধৰা পৰা নাই। লোকজন বেংগালুৰুৰ বাসিন্দা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ জিম্মাতে থকা লোকজনে কি উদ্দেশ্য লৈ ডোভালৰ ঘৰত প্ৰৱেশৰ চেষ্টা কৰিছিল সেয়া উলিয়াবলৈ আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা মতে লোকজন মানসিকভাৱে কিছু অসুস্থ যেন ধাৰণা কৰা হৈছে আৰু লোকজনে এখন ভাৰালৈ লোৱা গাড়ী চলাই আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ