--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ ঘৰতেই নিৰাপত্তাজনিত  আশংকাৰ সৃষ্টি হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। আজি এজন সন্দেহজনক লোকে গাড়ীৰে ডোভালৰ ঘৰত প্ৰৱেশৰ চেষ্টা চলায়। তেওঁক নিৰাপত্তৰক্ষীয়ে ততপৰতাৰে বাধা দিয়ে যদিও এই কাৰ্যক লৈ উদ্বিগ্নতাৰ সৃষ্টি হৈছে। দেশৰ নিৰাপত্তজনিত ভালেমান দিশত লোৱা বহু কঠিন আৰু স্পৰ্শকাতৰক সিদ্ধান্তৰ বাবে ডোভাল সদায়ে চৰ্চাৰ বিষয় হৈ আহিছে। দেশৰ আভ্যন্তৰীণ আৰু বহিঃশত্ৰুক দমনৰ বাবে অজিত ডোভালৰ নেতৃত্বতে ভাৰতে ভালেমান গুৰুত্বপূৰ্ণ অভিযান চলাইছে। গতিকে স্বাভাৱিকতে অজিত ডোভাল যিকোনো বৈৰীৰ আক্ৰমণৰ লক্ষ্য হ’ব পাৰে। এনে পৰিপ্ৰেক্ষিতত গাড়ীসহ কোনো লোকে তেওঁৰ ঘৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ লৈ দিল্লী আৰক্ষীৰ মাজত হাহাকাৰ লাগিছে। ডোভালৰ ঘৰত থকা নিৰাপত্তাৰক্ষীয়ে লোকজনক আটক কৰাৰ পাছতে দিল্লী আৰক্ষীয়ে জিম্মাত লৈ জেৰা চলাই আছে। আৰভীক এটা সূত্ৰই প্ৰকাশ কৰিছিল যে লোকজনৰ শৰীৰত কোনো ‘চিপ’ সংলগ্ন কৰি থোৱা আছিল আৰু তেওঁক বাহিৰৰ পৰা কোনো লোকে নিয়ন্ত্ৰণ কৰি আছিল। আৰক্ষীৰ এই দাবী অৱশ্যে সত্য প্ৰমাণিত হোৱা নাই। এমআৰই স্কেনত লোকজনৰ শৰীৰত কোনো ‘চিপ’ৰ অৱস্থিতি ধৰা পৰা নাই। লোকজন বেংগালুৰুৰ বাসিন্দা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। দিল্লী আৰক্ষীৰ জিম্মাতে থকা লোকজনে কি উদ্দেশ্য লৈ ডোভালৰ ঘৰত প্ৰৱেশৰ চেষ্টা কৰিছিল সেয়া উলিয়াবলৈ আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে। আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা মতে লোকজন মানসিকভাৱে কিছু অসুস্থ যেন ধাৰণা কৰা হৈছে আৰু লোকজনে এখন ভাৰালৈ লোৱা গাড়ী চলাই আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়