--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: 'দস্যু ৰাণী' ফুলন দেৱী। কল্পকথাৰ নায়িকাৰ দৰে এক প্ৰতিভূত পৰিণত হোৱা ফুলন দেৱীক কোনে নিচিনে! দুই দশক পূৰ্বে এই ফুলন দেৱীৰে অপহৰণ কাণ্ডত জড়িত এজন ডকাইতক সোমবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে উত্তৰ প্ৰদেশ আৰক্ষী। ১৯৮০ চনৰে ফুলন দেৱীৰ অপহৰণত জড়িত থকা ছেদা সিং নামৰ ডকাইতজনক দুটা দশকৰ মূৰত গ্ৰেপ্তাৰ কৰা হৈছে।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে সোমবাৰে ছেদা সিঙক তেওঁৰ জন্মস্থান উত্তৰ প্ৰদেশৰ উৰিয়াৰ ভাচাউন গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে। দুটা দশক ধৰি আত্মগোপন কৰি থকা ছেদা সিং চিকিৎসাৰ বাবে নিজৰ জন্মস্থানলৈ যোৱাৰ সময়তে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। 

ছেদা সিং যোৱা দুটা দশকত আৰক্ষীৰ চকুত ধূলি দি  মধ্য প্ৰদেশৰ চিত্ৰকূটৰ জানকী কুণ্ডৰ ওচৰৰ এখন আশ্ৰমত বাবাৰ ছদ্মবেশত বাস কৰি আছিল। আৰক্ষীয়ে সোমবাৰে এসময়ৰ এই দুৰ্ধৰ্ষ ডকাইত গৰাকীক গ্ৰেপ্তাৰ কৰাৰ সময়ত তেওঁৰ পৰা সাতনা জিলাৰ বাসিন্দা ব্ৰজমোহন দাসৰ নামত প্ৰস্তুত কৰা ভুৱা পৰিচয় পত্ৰ উদ্ধাৰ কৰে।

উল্লেখ্য যে সিঙে মাত্ৰ ২০ বছৰ বয়সতে চম্বলৰ উপদ্ৰৱত লালৰাম গোটত যোগদান কৰিছিল। পিছলৈ তেওঁ লালৰাম গোটৰ আটাইতকৈ সক্ৰিয় সদস্যসকলৰ ভিতৰত অন্যতম হৈ পৰিছিল। এই ডকাইতৰ দলটোৰ দুই নেতা লালৰাম আৰু সীতাৰাম সিঙে প্ৰতিদ্বন্দী ডকাইত দলৰ নেতা বিক্ৰম মাল্লাহক হত্যা কৰাৰ পিছত তেওঁৰ দলৰ সদস্য ফুলন দেৱীক ১৯৮০ চনত অপহৰণ কৰিছিল।

হত্যা, ডকাইতি, অপহৰণ আৰু ধন দাবীকে ধৰি ২০ টাতকৈও অধিক গোচৰত অভিযুক্ত ছেদা সিঙক উত্তৰ প্ৰদেশৰ এখন আদালতে পলাতক ঘোষণা কৰিছিল। এই দুৰ্ধৰ্ষ ডকাইত গৰাকীৰ শিৰৰ দাম ৫০,০০০ টকা ঘোষণা কৰা হৈছিল।  

ছেদা সিঙে লালাৰাম গোটৰ দ্বাৰা সংঘটিত অপহৰণ কাণ্ড সমূহত নেতৃত্ব দিছিল বুলি আৰক্ষীৰ তথ্যত প্ৰকাশিত হৈছিল। সেই সময়ত সমগ্ৰ ৰাজ্যতে ছেদা সিং সাধাৰণ লোকৰ বাবে এক আতংক স্বৰূপ হৈ পৰিছিল। ছেদা সিঙক সন্ধানত আৰক্ষীয়ে কেইবাবাৰো অভিযান চলাইছিল যদিও কোনোপধ্যেই তেওঁৰ সন্ধান উলিওৱাত সফল হোৱা নাছিল। 

আনহাতে সিঙৰ পৰিয়ালেও আৰক্ষীৰ আগত তেওঁৰ মৃত্যু হোৱা বুলি ভুৱা প্ৰমাণ দিছিল। অৱশ্যে পৰিয়ালৰ এই প্ৰমাণত বিশ্বাস হোৱা নাছিল আৰক্ষীৰ আৰু অব্যাহত ৰাখিছিল ডকাইত গৰাকীৰ সন্ধান। অৱশেষত সোমবাৰ আৰক্ষীয়ে তেওঁৰ জন্মস্থানৰ পৰাই বৰ্তমান ৬৯ বছৰীয়া হোৱা ছেদা সিঙক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে বাল্য বিবাহ আৰু বৈবাহিক উৎপীড়নৰ বিৰুদ্ধে এক প্ৰতিবাদী পথ হিচাপে গ্ৰহণ কৰি ডকাইতৰ দলত যোগদান কৰি পিছলৈ নাৰী অধিকাৰ আৰু মানৱ অধিকাৰৰ এক সবল কণ্ঠ হিচাপে খ্যাত হৈ পৰা ফুলন দেৱী উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ সমষ্টিৰ পৰা সমাজবাদী পাৰ্টিৰ সদস্য হিচাপে লোকসভালৈও নিৰ্বাচিত হৈছিল। 

২০০১ চনৰ ২৫ জুলাইত লোকসভা অধিৱেশনত অংশ গ্ৰহণ কৰি ওলাই অহাৰ সময়তে নতুন দিল্লীৰ ভিআইপি অঞ্চলত থকা তেওঁৰ অশোক ৰোডৰ বাসগৃহৰ সন্মুখত তিনিজন অচিনাক্ত বন্দুকধাৰীয়ে ফুলন দেৱীক গুলীয়াই হত্যা কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ