--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰীক্ষাৰ্থী দুগৰাকী, কিন্তু পৰীক্ষাত পৃথকে পৃথকে স্থান দিব নোৱাৰি দুয়োকে! তেলেংগানা ব’ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে হায়দৰাবাদৰ কনজইণ্ড টুইনছ বীণা আৰু বাণী। জন্মৰ পৰাই তেলেংগানাৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ তত্বাৱধানত আছে বীণা আৰু বাণী।

দুটা ভিন্ন শৰীৰ, কিন্তু মূৰ এটাই! যমজ সন্তানৰ চিকিৎসা খৰচ কেনেকৈ বহন কৰিব? জন্মৰ পিছত বীণা আৰু বাণীক চিকিৎসালয়ত এৰি থৈ যায় পিতৃ-মাতৃয়ে। চিকিৎসক আৰু নাৰ্ছৰ তত্বাৱধানত ১৩ বছৰ ধৰি চিকিৎসালয়খনত ডাঙৰ-দীঘল হৈছিল দুয়োগৰাকী ভগ্নী। তাৰ পিছত তেওঁলোকক চৰকাৰী ঘৰলৈ পঠিওৱা হ’ল৷ বীণা-বাণীক পঢ়ুৱাবলৈ ঘৰত এগৰাকী শিক্ষকো নিয়োগ কৰা হৈছিল।

ইয়াৰ পূৰ্বে ২০২০ চনত একাদশ শ্ৰেণীৰ পৰীক্ষাতো ভাল প্ৰদৰ্শন কৰিছিল বীণা আৰু বাণীয়ে। শাৰীৰিক অক্ষমতাৰ বাবে ব’ৰ্ডৰ পৰীক্ষাৰ সময়ত অতিৰিক্ত সময় ল’বলৈ সন্মত হোৱা নাছিল। বৰঞ্চ নিৰ্দিষ্ট সময়ৰ পাঁচ মিনিট আগতে বহি জমা দিয়া বুলিও জানিবলৈ পোৱা গৈছে। কেৱল সেয়াই নহয়, একেলগে পৰীক্ষাত বহিবলৈ দিয়া বাবে তেলেংগানা শিক্ষা বিভাগক ধন্যবাদ জ্ঞাপন কৰে বীণা আৰু বাণীয়ে।

ইফালে, চিকিৎসালয়ত থকাৰ পৰাই দুয়োগৰাকী ভগ্নীক অস্ত্ৰোপচাৰ কৰি পৃথক কৰাৰ প্ৰয়াস কৰা হৈছে। কিন্তু এইমছৰ বিশেষজ্ঞ চিকিৎসকৰ মতে এই ধৰণৰ অস্ত্ৰোপচাৰ অত্যন্ত বিপদজনক। সেয়া যি কি নহওক, দুয়োৰে এই কৃতিত্ব এতিয়া হৈ পৰিছে সকলোৰে বাবে প্ৰেৰণাৰ উত্‍স।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ