--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰীক্ষাৰ্থী দুগৰাকী, কিন্তু পৰীক্ষাত পৃথকে পৃথকে স্থান দিব নোৱাৰি দুয়োকে! তেলেংগানা ব’ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে হায়দৰাবাদৰ কনজইণ্ড টুইনছ বীণা আৰু বাণী। জন্মৰ পৰাই তেলেংগানাৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ তত্বাৱধানত আছে বীণা আৰু বাণী।

দুটা ভিন্ন শৰীৰ, কিন্তু মূৰ এটাই! যমজ সন্তানৰ চিকিৎসা খৰচ কেনেকৈ বহন কৰিব? জন্মৰ পিছত বীণা আৰু বাণীক চিকিৎসালয়ত এৰি থৈ যায় পিতৃ-মাতৃয়ে। চিকিৎসক আৰু নাৰ্ছৰ তত্বাৱধানত ১৩ বছৰ ধৰি চিকিৎসালয়খনত ডাঙৰ-দীঘল হৈছিল দুয়োগৰাকী ভগ্নী। তাৰ পিছত তেওঁলোকক চৰকাৰী ঘৰলৈ পঠিওৱা হ’ল৷ বীণা-বাণীক পঢ়ুৱাবলৈ ঘৰত এগৰাকী শিক্ষকো নিয়োগ কৰা হৈছিল।

ইয়াৰ পূৰ্বে ২০২০ চনত একাদশ শ্ৰেণীৰ পৰীক্ষাতো ভাল প্ৰদৰ্শন কৰিছিল বীণা আৰু বাণীয়ে। শাৰীৰিক অক্ষমতাৰ বাবে ব’ৰ্ডৰ পৰীক্ষাৰ সময়ত অতিৰিক্ত সময় ল’বলৈ সন্মত হোৱা নাছিল। বৰঞ্চ নিৰ্দিষ্ট সময়ৰ পাঁচ মিনিট আগতে বহি জমা দিয়া বুলিও জানিবলৈ পোৱা গৈছে। কেৱল সেয়াই নহয়, একেলগে পৰীক্ষাত বহিবলৈ দিয়া বাবে তেলেংগানা শিক্ষা বিভাগক ধন্যবাদ জ্ঞাপন কৰে বীণা আৰু বাণীয়ে।

ইফালে, চিকিৎসালয়ত থকাৰ পৰাই দুয়োগৰাকী ভগ্নীক অস্ত্ৰোপচাৰ কৰি পৃথক কৰাৰ প্ৰয়াস কৰা হৈছে। কিন্তু এইমছৰ বিশেষজ্ঞ চিকিৎসকৰ মতে এই ধৰণৰ অস্ত্ৰোপচাৰ অত্যন্ত বিপদজনক। সেয়া যি কি নহওক, দুয়োৰে এই কৃতিত্ব এতিয়া হৈ পৰিছে সকলোৰে বাবে প্ৰেৰণাৰ উত্‍স।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ