--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেৱল অভিনয়েই নহয়, বিভিন্ন মন্তব্যৰ বাবেও চ’চিয়েল মিডিয়াত নানা চৰ্চাৰ সন্মুখীন হয় আমিৰ খান৷বৰ্তমান অভিনেতাজন সোনকালেই মুক্তি পাবলগীয়া ছবি লাল সিং চড্ডাৰ কামত ব্যস্ত৷ অভিনয় তথা ব্যক্তিগত জীৱন সম্পৰ্কে মুকলিকৈ কোৱাৰ  বাবেও অনুৰাগী সকলৰ অতিকৈ প্ৰিয় আমিৰ খান৷ শেহতীয়াকৈ আমিৰ খানে তেওঁৰ দুই প্ৰাক্তন পত্নী কীৰণ ৰাও আৰু ৰীনা দত্ত সম্পৰ্কে কিছু কথা ৰাজহুৱা কৰে৷ 

অতি সোনকালেই আমিৰ খানক কৰীণা কাপুৰৰ সৈতে কফি উইথ কৰণৰ সৈতে দেখা যাব৷  ইয়াৰে এটা খণ্ডত আমিৰ খানে তেওঁৰ প্ৰাক্তন পত্নীৰ প্ৰতি থকা আন্তৰিকতাৰ কথা ৰাজহুৱাকৈ ব্যক্ত কৰে৷  দুই প্ৰাক্তন পত্নী ক্ৰমে ৰীণা দত্ত আৰু কীৰণ ৰাও এতিয়াও তেওঁৰ পৰিয়ালৰ দৰে৷ তেওঁলোকৰ প্ৰতি এতিয়াও আমিৰ খানৰ মনত যথেষ্ট সন্মান আছে বুলি মন্তব্য কৰে আমিৰ খানে৷ লগতে ব্যস্ততাপূৰ্ণ ৰুটিনৰ মাজতে তেওঁলোকে সপ্তাহত এদিন হ’লেও দেখা -সাক্ষাৎ কৰে বুলিও জানিবলৈ দিয়ে আমিৰ খানে৷ তেওঁলোকৰ প্ৰত্যেকৰে ইজনৰ সিজনৰ প্ৰতি ভালপোৱা আৰু সন্মান আছে৷ 

 ১৯৮৬ চনত আমিৰ খান ৰীনা দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু ২০০২ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়৷ ২০০৫ চনত কীৰণ ৰাওৰ সৈতে আমিৰ খানৰ দ্বিতীয় বিবাহ হয়৷ কিন্তু যোৱা মাহত দুয়োৰে বিবাহ বিচ্ছেদ হয় ৷অৱশ্যে কীৰণ ৰাও আৰু আমিৰ খানে পুত্ৰ আজাদক একেলগে ডাঙৰ-দীঘল কৰাৰ সিদ্ধান্ত লৈছে বুলিও জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু