--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেৱল অভিনয়েই নহয়, বিভিন্ন মন্তব্যৰ বাবেও চ’চিয়েল মিডিয়াত নানা চৰ্চাৰ সন্মুখীন হয় আমিৰ খান৷বৰ্তমান অভিনেতাজন সোনকালেই মুক্তি পাবলগীয়া ছবি লাল সিং চড্ডাৰ কামত ব্যস্ত৷ অভিনয় তথা ব্যক্তিগত জীৱন সম্পৰ্কে মুকলিকৈ কোৱাৰ  বাবেও অনুৰাগী সকলৰ অতিকৈ প্ৰিয় আমিৰ খান৷ শেহতীয়াকৈ আমিৰ খানে তেওঁৰ দুই প্ৰাক্তন পত্নী কীৰণ ৰাও আৰু ৰীনা দত্ত সম্পৰ্কে কিছু কথা ৰাজহুৱা কৰে৷ 

অতি সোনকালেই আমিৰ খানক কৰীণা কাপুৰৰ সৈতে কফি উইথ কৰণৰ সৈতে দেখা যাব৷  ইয়াৰে এটা খণ্ডত আমিৰ খানে তেওঁৰ প্ৰাক্তন পত্নীৰ প্ৰতি থকা আন্তৰিকতাৰ কথা ৰাজহুৱাকৈ ব্যক্ত কৰে৷  দুই প্ৰাক্তন পত্নী ক্ৰমে ৰীণা দত্ত আৰু কীৰণ ৰাও এতিয়াও তেওঁৰ পৰিয়ালৰ দৰে৷ তেওঁলোকৰ প্ৰতি এতিয়াও আমিৰ খানৰ মনত যথেষ্ট সন্মান আছে বুলি মন্তব্য কৰে আমিৰ খানে৷ লগতে ব্যস্ততাপূৰ্ণ ৰুটিনৰ মাজতে তেওঁলোকে সপ্তাহত এদিন হ’লেও দেখা -সাক্ষাৎ কৰে বুলিও জানিবলৈ দিয়ে আমিৰ খানে৷ তেওঁলোকৰ প্ৰত্যেকৰে ইজনৰ সিজনৰ প্ৰতি ভালপোৱা আৰু সন্মান আছে৷ 

 ১৯৮৬ চনত আমিৰ খান ৰীনা দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু ২০০২ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়৷ ২০০৫ চনত কীৰণ ৰাওৰ সৈতে আমিৰ খানৰ দ্বিতীয় বিবাহ হয়৷ কিন্তু যোৱা মাহত দুয়োৰে বিবাহ বিচ্ছেদ হয় ৷অৱশ্যে কীৰণ ৰাও আৰু আমিৰ খানে পুত্ৰ আজাদক একেলগে ডাঙৰ-দীঘল কৰাৰ সিদ্ধান্ত লৈছে বুলিও জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ