--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১১ আগষ্টত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে আমিৰ খানৰ বহু প্ৰত্যাশিত ছবি ‘'লাল সিং চাড্ডা'’। মুক্তিৰ কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত ছবিখন বৰ্জন কৰাৰ দাবী উত্থাপন হৈছে। যাৰ বাবে ‘'লাল সিং চাড্ডা"ৰ নিৰ্মাতাসকল চিন্তিত। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে তেওঁৰ ছবিখন বৰ্জন নকৰিবলৈ সকলোকে অনুৰোধ জনাইছে। শেহতীয়াকৈ আমিৰ খানেও নিজৰ দৃষ্টিভংগী মানুহৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিছে। কিন্তু এই সকলো প্ৰচেষ্টাৰ পাছতো টুইটাৰত ‘বৰ্জন লাল সিং চাড্ডা' ’ৰ ট্ৰেণ্ড বন্ধ নহ’ল। এনে অৱস্থাত এতিয়া মনোৰঞ্জন জগতৰ লোকসকলে অভিনেতা গৰাকীৰ সমৰ্থনত ওলাই আহিবলৈ আৰম্ভ কৰিছে, ইয়াৰ প্ৰথমতে আছে মিলিন্দ সুমনৰ নাম।

অভিনেতা তথা মডেল মিলিন্দ সুমনে মঙলবাৰে এটা পোষ্ট শ্বেয়াৰ কৰি ট্ৰ’ল সকলক উপযুক্ত উত্তৰ দিছে। অভিনেতাগৰাকীয়ে ‘লাল সিং চড্ডা’ আৰু আমিৰ খানৰ সমৰ্থনত টুইট কৰি লিখিছে, ‘ট্ৰ’লে ভাল ছবি এখন বন্ধ কৰিব নোৱাৰে।’ঞ যদিও অভিনেতা মিলিন্দ সুমনে আমিৰ খান বা ‘লাল সিং চড্ডা’ৰ নাম লোৱা নাছিল, কিন্তু ইয়াৰ অৰ্থ হ’ল তেওঁ  আটাইতকৈ বেছি ট্ৰ’লিংৰ সন্মুখীন হোৱা আমিৰ খানৰ প্ৰসংগত টুইট কৰিছিল।

কিয় ‘'লাল সিং চাড্ডা'’ৰ বিৰোধিতা?

আমিৰ খানৰ ছবি  ‘'লাল সিং চাড্ডা'’ৰ বিৰোধিতা কৰাৰ আছে বহু কাৰণ। প্ৰথম কথা, ২০১৪ চনতে মুক্তি পোৱা আমিৰ খানৰ ছুপাৰহিট ছবি ‘পি কে’ নে। ৮ বছৰৰ পাছতো এই ছবিখন সন্দৰ্ভত তেওঁ বিৰোধিতাৰ সন্মুখীন হৈছে। কাৰণ ‘পিকে’ ছবিখনত হিন্দু দেৱতাক অপমান কৰাৰ অভিযোগ উঠিছিল আমিৰ খানৰ বিৰুদ্ধে

ইয়াৰ উপৰিও এবাৰ আমিৰ খানে ভাৰতক লৈ এটা ডাঙৰ বক্তব্য দিছিল। য’ত তেওঁ কৈছিল যে এতিয়া তেওঁ ভাৰতত থাকিবলৈ ভয় কৰিছে। দৰাচলতে কিৰণ ৰাওৰ সৈতে বিবাহ বিচ্ছেদৰ পূৰ্বে আমিৰে পূৰ্বৰ এক সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ পত্নীয়ে কৈছে, "এতিয়া তেওঁ এতিয়া ভাৰতত থাকিবলৈ ভয় কৰিছে।" আমিৰৰ এই বক্তব্যৰ পাছত মানুহে তেওঁক ট্ৰ’ল কৰাৰ আৰম্ভ কৰিছিল। এই সকলোবোৰ কাৰণতে আমিৰ খানে ব্যাপক বিৰোধিতাৰ সন্মুখীন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু