--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১১ আগষ্টত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে আমিৰ খানৰ বহু প্ৰত্যাশিত ছবি ‘'লাল সিং চাড্ডা'’। মুক্তিৰ কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত ছবিখন বৰ্জন কৰাৰ দাবী উত্থাপন হৈছে। যাৰ বাবে ‘'লাল সিং চাড্ডা"ৰ নিৰ্মাতাসকল চিন্তিত। শেহতীয়াকৈ অভিনেতাগৰাকীয়ে তেওঁৰ ছবিখন বৰ্জন নকৰিবলৈ সকলোকে অনুৰোধ জনাইছে। শেহতীয়াকৈ আমিৰ খানেও নিজৰ দৃষ্টিভংগী মানুহৰ সন্মুখত দাঙি ধৰিবলৈ চেষ্টা কৰিছে। কিন্তু এই সকলো প্ৰচেষ্টাৰ পাছতো টুইটাৰত ‘বৰ্জন লাল সিং চাড্ডা' ’ৰ ট্ৰেণ্ড বন্ধ নহ’ল। এনে অৱস্থাত এতিয়া মনোৰঞ্জন জগতৰ লোকসকলে অভিনেতা গৰাকীৰ সমৰ্থনত ওলাই আহিবলৈ আৰম্ভ কৰিছে, ইয়াৰ প্ৰথমতে আছে মিলিন্দ সুমনৰ নাম।

অভিনেতা তথা মডেল মিলিন্দ সুমনে মঙলবাৰে এটা পোষ্ট শ্বেয়াৰ কৰি ট্ৰ’ল সকলক উপযুক্ত উত্তৰ দিছে। অভিনেতাগৰাকীয়ে ‘লাল সিং চড্ডা’ আৰু আমিৰ খানৰ সমৰ্থনত টুইট কৰি লিখিছে, ‘ট্ৰ’লে ভাল ছবি এখন বন্ধ কৰিব নোৱাৰে।’ঞ যদিও অভিনেতা মিলিন্দ সুমনে আমিৰ খান বা ‘লাল সিং চড্ডা’ৰ নাম লোৱা নাছিল, কিন্তু ইয়াৰ অৰ্থ হ’ল তেওঁ  আটাইতকৈ বেছি ট্ৰ’লিংৰ সন্মুখীন হোৱা আমিৰ খানৰ প্ৰসংগত টুইট কৰিছিল।

কিয় ‘'লাল সিং চাড্ডা'’ৰ বিৰোধিতা?

আমিৰ খানৰ ছবি  ‘'লাল সিং চাড্ডা'’ৰ বিৰোধিতা কৰাৰ আছে বহু কাৰণ। প্ৰথম কথা, ২০১৪ চনতে মুক্তি পোৱা আমিৰ খানৰ ছুপাৰহিট ছবি ‘পি কে’ নে। ৮ বছৰৰ পাছতো এই ছবিখন সন্দৰ্ভত তেওঁ বিৰোধিতাৰ সন্মুখীন হৈছে। কাৰণ ‘পিকে’ ছবিখনত হিন্দু দেৱতাক অপমান কৰাৰ অভিযোগ উঠিছিল আমিৰ খানৰ বিৰুদ্ধে

ইয়াৰ উপৰিও এবাৰ আমিৰ খানে ভাৰতক লৈ এটা ডাঙৰ বক্তব্য দিছিল। য’ত তেওঁ কৈছিল যে এতিয়া তেওঁ ভাৰতত থাকিবলৈ ভয় কৰিছে। দৰাচলতে কিৰণ ৰাওৰ সৈতে বিবাহ বিচ্ছেদৰ পূৰ্বে আমিৰে পূৰ্বৰ এক সাক্ষাৎকাৰত কৈছিল যে তেওঁৰ পত্নীয়ে কৈছে, "এতিয়া তেওঁ এতিয়া ভাৰতত থাকিবলৈ ভয় কৰিছে।" আমিৰৰ এই বক্তব্যৰ পাছত মানুহে তেওঁক ট্ৰ’ল কৰাৰ আৰম্ভ কৰিছিল। এই সকলোবোৰ কাৰণতে আমিৰ খানে ব্যাপক বিৰোধিতাৰ সন্মুখীন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ