--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী নীনা গুপ্তাই বৰ্তমানলৈকে বহু ছবিত অভিনয় কৰিছে। স্পষ্টবাদীতাৰ বাবে পৰিচিত নীনা গুপ্তাই বৰ্তমান সময়তো বহুত কাম পাইছে কিন্তু তথাপিও তেওঁৰ বিশ্বাস যে পুৰুষ অভিনেতাসকলে তেওঁৰ সৈতে কাম কৰিব নিবিচাৰে। বলীউডত লিংগ আৰু বয়সৰ বৈষম্যৰ সন্দৰ্ভত নীনাই কয় যে পুৰুষ অভিনেতাসকলে তেওঁৰ সলনি কম বয়সীয়া অভিনেত্ৰীৰ সৈতে কাম কৰিব বিচাৰে।

১৯৮২ চনত নীনাই বলীউডত অভিষেক ঘটায়। বহু চলচ্চিত্ৰ আৰু টিভি ছিৰিয়েলত কাম কৰাৰ পিছত নীনা সম্পূৰ্ণৰূপে নিৰুদ্দেশ হৈছিল। ইয়াৰ পিছত ২০১৮ চনত ছুপাৰহিট ছবি ‘বধাই হ’ৰ জৰিয়তে তেওঁ এক শক্তিশালী কামবেক কৰে। অভিনয়ৰ দ্বিতীয় ইনিংছত কেৱল চলচ্চিত্ৰতে নহয়, ৱেব ছিৰিজতো নীনাই ভাল প্ৰদৰ্শন কৰিছে। শেহতীয়াকৈ নীনাক ৰাম কাপুৰৰ বিপৰীতে দেখা গৈছে ৱেব ছিৰিজ ‘মছাবা মছাবা’ৰ দ্বিতীয় ছিজনত।

নীনা গুপ্তাই কয় যে, ''মোৰ ২-৩টা প্ৰজেক্ট আছে য’ত মই মোৰ পৰিচালকক সুধিলোঁ মোৰ বিপৰীতে অভিনেতা কোন থাকিব। তেতিয়া মোক পৰিচালকে কৈছিল যে মই তেওঁক পৰামৰ্শ দিব লাগে। মোৰ বাবে ই এক অতি কঠিন কাম কাৰণ মোৰ লগত কোনেও কাম কৰিব নিবিচাৰে।'' নীনাই লগতে কয় যে মোতকৈ বহুত সৰু বুলি জানিও ৰাম কাপুৰে মোৰ বিপৰীতে কাম কৰাৰ বাবে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো।

নীনা গুপ্তাই আৰু কয়, ‘‘মোৰ লগত কোনো অভিনেতা কাম কৰিবলৈ সাজু নহয়। বেছিভাগ অভিনেতাই যুৱ অভিনেত্ৰীৰ সৈতে কাম কৰিব বিচাৰে, লাগিলে সেই অভিনেতাজনতকৈ মোক দেখাত সৰুৱেই লাগক। আমাৰ সমাজখন একেবাৰে সলনি হোৱা নাই। আমি এনে এখন পিতৃতান্ত্রিক সমাজত বাস কৰিছো যিখন সদায় তেনেকৈয়ে থাকিব৷’’ 

ছবিৰ কথা ক’বলৈ গ’লে নীনাক অচিৰেই অমিতাভ বচ্চন আৰু ৰশ্মিকা মান্দনাৰ সৈতে ‘গুডবাই’ ছবি আৰু সূৰজ বৰজাত্যৰ পৰিচালনাত ‘উচাই’ ছবিত দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ