--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী নীনা গুপ্তাই বৰ্তমানলৈকে বহু ছবিত অভিনয় কৰিছে। স্পষ্টবাদীতাৰ বাবে পৰিচিত নীনা গুপ্তাই বৰ্তমান সময়তো বহুত কাম পাইছে কিন্তু তথাপিও তেওঁৰ বিশ্বাস যে পুৰুষ অভিনেতাসকলে তেওঁৰ সৈতে কাম কৰিব নিবিচাৰে। বলীউডত লিংগ আৰু বয়সৰ বৈষম্যৰ সন্দৰ্ভত নীনাই কয় যে পুৰুষ অভিনেতাসকলে তেওঁৰ সলনি কম বয়সীয়া অভিনেত্ৰীৰ সৈতে কাম কৰিব বিচাৰে।

১৯৮২ চনত নীনাই বলীউডত অভিষেক ঘটায়। বহু চলচ্চিত্ৰ আৰু টিভি ছিৰিয়েলত কাম কৰাৰ পিছত নীনা সম্পূৰ্ণৰূপে নিৰুদ্দেশ হৈছিল। ইয়াৰ পিছত ২০১৮ চনত ছুপাৰহিট ছবি ‘বধাই হ’ৰ জৰিয়তে তেওঁ এক শক্তিশালী কামবেক কৰে। অভিনয়ৰ দ্বিতীয় ইনিংছত কেৱল চলচ্চিত্ৰতে নহয়, ৱেব ছিৰিজতো নীনাই ভাল প্ৰদৰ্শন কৰিছে। শেহতীয়াকৈ নীনাক ৰাম কাপুৰৰ বিপৰীতে দেখা গৈছে ৱেব ছিৰিজ ‘মছাবা মছাবা’ৰ দ্বিতীয় ছিজনত।

নীনা গুপ্তাই কয় যে, ''মোৰ ২-৩টা প্ৰজেক্ট আছে য’ত মই মোৰ পৰিচালকক সুধিলোঁ মোৰ বিপৰীতে অভিনেতা কোন থাকিব। তেতিয়া মোক পৰিচালকে কৈছিল যে মই তেওঁক পৰামৰ্শ দিব লাগে। মোৰ বাবে ই এক অতি কঠিন কাম কাৰণ মোৰ লগত কোনেও কাম কৰিব নিবিচাৰে।'' নীনাই লগতে কয় যে মোতকৈ বহুত সৰু বুলি জানিও ৰাম কাপুৰে মোৰ বিপৰীতে কাম কৰাৰ বাবে মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিছো।

নীনা গুপ্তাই আৰু কয়, ‘‘মোৰ লগত কোনো অভিনেতা কাম কৰিবলৈ সাজু নহয়। বেছিভাগ অভিনেতাই যুৱ অভিনেত্ৰীৰ সৈতে কাম কৰিব বিচাৰে, লাগিলে সেই অভিনেতাজনতকৈ মোক দেখাত সৰুৱেই লাগক। আমাৰ সমাজখন একেবাৰে সলনি হোৱা নাই। আমি এনে এখন পিতৃতান্ত্রিক সমাজত বাস কৰিছো যিখন সদায় তেনেকৈয়ে থাকিব৷’’ 

ছবিৰ কথা ক’বলৈ গ’লে নীনাক অচিৰেই অমিতাভ বচ্চন আৰু ৰশ্মিকা মান্দনাৰ সৈতে ‘গুডবাই’ ছবি আৰু সূৰজ বৰজাত্যৰ পৰিচালনাত ‘উচাই’ ছবিত দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু