--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিবা যে অলৌকিক শক্তি আছে সেয়া সময়ে সময়ে ঘটা কিছুমান ঘটনাই বাৰে বাৰে প্ৰমাণ কৰি আহিছে। কোনোবাই বিশ্বাস নকৰিলেও সেই ঘটনাবোৰক নস্যাতো কৰিব নোৱাৰে।

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত পোহৰলৈ আহিছে ভগৱানৰ মূৰ্তি চুৰিৰ এক চাঞ্চল্যকৰ ঘটনা। ইয়াত এজন চোৰে চুৰি কৰিছিল মন্দিৰত স্থাপন কৰা ১০০ বছৰীয়া অষ্টধাতু মূৰ্তি। ইয়াৰ পিছতে চোৰটোৰ জীৱনত এনে ঘটনা ঘটিল যে কিছুদিন পিছত তেওঁ মূৰ্তিটো ঘাইপথৰ কাষত এৰি থৈ যাবলৈ বাধ্য হ’ল। ইয়াৰ সমান্তৰালকৈ তেওঁ এখন ক্ষমাপ্ৰাৰ্থনা পত্ৰও লিখিছিল য’ত বহুত আচৰিত কথা লিখা হৈছিল। বৰ্তমান আৰক্ষীয়ে ক্ষমাপ্ৰাৰ্থনা লিখা চোৰজনক বিচাৰি আছে।

তথ্য অনুসৰি এই ঘটনা সংঘটিত হৈছে প্ৰয়াগৰাজ গংগাপাৰ অঞ্চলৰ নৱাবগঞ্জ ৰাম জাংকী মন্দিৰত। ইয়াত ২৩ ছেপ্টেম্বৰত মন্দিৰৰ পৰা ১০০ বছৰীয়া অষ্টধাতুৰ মূৰ্তি চুৰি হৈছিল। মূৰ্তিটো চুৰি হোৱাৰ পিছত মন্দিৰৰ পুৰোহিতজনে ইমানেই দুখ পালে যে তেওঁ আনকি খোৱা-বোৱাও বন্ধ কৰি দিলে। এই ঘটনাৰ ঠিক ১০ দিনৰ পাছত ৰাষ্ট্ৰীয় ঘাইপথৰ সেৱা পথৰ পৰা গৌঘাট লিংক ৰোডত ৰাইজে এটা প্ৰতিমূৰ্তি দেখিবলৈ পায়।

এই বিষয়ে মানুহে পুৰোহিত স্বামী জয় ৰামদাস মহাৰাজক জনাইছিল। ইয়াৰ পিছত এই মূৰ্তিটো গৌঘাট খালছা আশ্ৰমলৈ লৈ যোৱা হয়। বস্তাটো খুলি দিওঁতে মূৰ্তিটোৰ লগতে এখন চিঠিও আছিল। চিঠিখন পঢ়াত গোটেই কাহিনীটো ওলাই আহিল। এই চিঠিখন অষ্টধাতু মূৰ্তি চুৰি কৰা চোৰৰ বাহিৰে আন কোনোৱে লিখা নাছিল। চুৰিৰ বাবে অনুশোচনা কৰিছিল চোৰে। তেওঁ মন্দিৰৰ পুৰোহিতজনক ক্ষমাপ্ৰাৰ্থনা পত্ৰ লিখিছিল।

এই ক্ষমাপ্ৰাৰ্থনাত লিখা হৈছিল-

‘মহাৰাজ জী প্ৰণাম, মোৰ এটা ডাঙৰ ভুল হৈছিল। অজ্ঞানতাৰ বাবেই মই গৌঘাটৰ পৰা ৰাধা-কৃষ্ণৰ মূৰ্তি চুৰি কৰিছিলোঁ। তেতিয়াৰ পৰাই মই নিশা বহুত দুঃস্বপ্ন দেখিবলৈ ধৰিছোঁ আৰু মোৰ ল’ৰাৰো স্বাস্থ্যৰ অৱনতি ঘটিছে। পৰিয়ালত নানা বিপদৰ সৃষ্টি হৈছে। কিছু টকাৰ বিনিময়ত মই বৰ বেয়া কাম কৰিলোঁ। এই ভুলৰ বাবে ক্ষমা খুজি মূৰ্তিটো এৰি আহিছোঁ। মোক ক্ষমা কৰি মন্দিৰত প্ৰভুক পুনৰ প্ৰতিষ্ঠা কৰিবলৈ অনুৰোধ জনালোঁ। মহাৰাজ জী আমাক ক্ষমা কৰক আৰু আপোনাৰ মূৰ্তি গ্ৰহণ কৰক।

মন্দিৰৰ পুৰোহিতে মূৰ্তিটো পোৱাৰ পিছত পুনৰ মন্দিৰত প্ৰতিষ্ঠা কৰি পূজা আৰম্ভ কৰিছে। আৰক্ষীয়ে নৱাবগঞ্জ থানাত প্ৰতিমা চুৰিৰ এজাহাৰ পঞ্জীয়ন কৰিছে। মূৰ্তিটো চুৰি হোৱাৰ পিছৰে পৰা আৰক্ষীয়ে তালাচীত ব্যস্ত হৈ পৰে। মূৰ্তিটো বিচাৰি পোৱাৰ পিছত এতিয়া আৰক্ষীয়ে চোৰৰ সন্ধানত অভিযান চলাইছে। মন্দিৰৰ চাৰিওফালে স্থাপন কৰা চিচিটিভি স্কেন কৰি আছে আৰক্ষীয়ে।

এই ঘটনাত সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে। এয়া ভগৱানৰে মহিমা বুলি ব্যক্ত কৰিছে স্থানীয় জনতাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ