--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ত্ৰিকোণ প্ৰেম কাহিনীৰ কৰুণ সমাপ্তি। একে সময়তে দুই যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকা এজন যুৱকে সাবটি ল'ব লগীয়া হ'ল মৃত্যুক। লয়ড ডিচুজা নামৰ ২৮ বছৰীয়া যুৱকজনে এগৰাকী প্ৰেমিকাৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ কৰুণ মৃত্যুক সাবটি লয়। কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ সোমেশ্বৰত সংঘটিত হৈছে এই ঘটনা। লয়ডে দুই গৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকা কথাটো গম পায় দুই যুৱতীয়ে। সেয়েহে এই কথাটোক লৈ তিনিওৰে মাজত প্ৰচণ্ড কাজিয়া লাগে। অৱশেষত তিনিওজন এঠাইত লগ হৈ কথাটো আলোচনা কৰাৰ কথা ভাবে। তিনিওজনে কেইদিনমানৰ পৰা এই বিষয়টোক লৈ নিৰন্তৰ তৰ্ক কৰি আছিল। লয়ড ডিচুজাই নিজৰ জীৱনত কাক বিচাৰে সেয়া জনাবলৈ কয় দুই প্ৰেমিকাই। লয়ডে এই কাহিনী চিৰকালৰ বাবে শেষ কৰাৰ সিদ্ধান্ত লৈছিল আৰু সেয়েহে দুয়োগৰাকী যুৱতীক সোমেশ্বৰৰ সাগৰৰ পাৰলৈ মাতি আনে। ইয়াতো তেওঁলোকৰ মাজত তীব্ৰ তৰ্ক আৰম্ভ হয়। এগৰাকী যুৱতীয়ে নিজকে প্ৰতাৰিত অনুভৱ কৰি সাগৰত জপিয়াই দিয়ে। যুৱতীগৰাকীয়ে সাগৰত জাপ দিয়াৰ পূৰ্বে কৈছিল,লয়ডে যে আন কাৰোবাকো ভাল পাব পাৰে, সেই কথা তেওঁ কেতিয়াও মানি ল'ব নোৱাৰে, গতিকে তেওঁ জীয়াই থকাৰ কোনো অৰ্থ নাই। এগৰাকী প্ৰেমিকা সাগৰত জাপ দিয়া দেখি তেওঁৰ প্ৰাণৰক্ষা কৰিবলৈ লয়ডেও সাগৰত জঁপিয়াই পৰে। লয়ডে যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল কিন্তু নিজে সাগৰত ডুব যাবলৈ আৰম্ভ কৰিছিল আৰু তেওঁৰ মূৰটোৱে এটা শিলত আঘাত কৰিছিল। প্ৰত্যক্ষদৰ্শীসকলে যুৱকজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। উল্লাল আৰক্ষী থানাত ঘটনাটোৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে। আত্মহত্যা কৰিবলৈ চেষ্টা কৰা যুৱতীগৰাকী চিকিৎসালয়ত আৰোগ্য হৈ উঠিছে বুলি জনায় মেংগালুৰুৰ আৰক্ষী আয়ুক্ত এন শশীকুমাৰে। লয়ডে আবু ধাবিত কাম কৰি আছিল আৰু কোভিড-১৯ মহামাৰীৰ সময়ত নিজৰ জন্মস্থানলৈ উভতি আহিছিল। এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকাৰ সময়তে তেওঁ আন এগৰাকীৰ সৈতে সম্পৰ্ক ৰাখিবলৈ আৰম্ভ কৰে, যি কথাই শেষ কৰি পেলালে তেওঁৰ জীৱন। প্ৰেমত কেতিয়াও ঠগ-প্ৰৱঞ্চনাই স্থান পাব নালাগে সেই কথাই যেন বুজালে এই প্ৰেম কাহিনীয়ে। আৰু পঢ়কঃ পূৰ্বে আছিল দৰিদ্ৰ; ৰোনাল্ডোৰ প্ৰেমিকা হোৱাৰ পাছত সাধুকথাৰ দৰে সলনি হ’ল জীৱন

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক