--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ত্ৰিকোণ প্ৰেম কাহিনীৰ কৰুণ সমাপ্তি। একে সময়তে দুই যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকা এজন যুৱকে সাবটি ল'ব লগীয়া হ'ল মৃত্যুক। লয়ড ডিচুজা নামৰ ২৮ বছৰীয়া যুৱকজনে এগৰাকী প্ৰেমিকাৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ কৰুণ মৃত্যুক সাবটি লয়। কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ সোমেশ্বৰত সংঘটিত হৈছে এই ঘটনা। লয়ডে দুই গৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকা কথাটো গম পায় দুই যুৱতীয়ে। সেয়েহে এই কথাটোক লৈ তিনিওৰে মাজত প্ৰচণ্ড কাজিয়া লাগে। অৱশেষত তিনিওজন এঠাইত লগ হৈ কথাটো আলোচনা কৰাৰ কথা ভাবে। তিনিওজনে কেইদিনমানৰ পৰা এই বিষয়টোক লৈ নিৰন্তৰ তৰ্ক কৰি আছিল। লয়ড ডিচুজাই নিজৰ জীৱনত কাক বিচাৰে সেয়া জনাবলৈ কয় দুই প্ৰেমিকাই। লয়ডে এই কাহিনী চিৰকালৰ বাবে শেষ কৰাৰ সিদ্ধান্ত লৈছিল আৰু সেয়েহে দুয়োগৰাকী যুৱতীক সোমেশ্বৰৰ সাগৰৰ পাৰলৈ মাতি আনে। ইয়াতো তেওঁলোকৰ মাজত তীব্ৰ তৰ্ক আৰম্ভ হয়। এগৰাকী যুৱতীয়ে নিজকে প্ৰতাৰিত অনুভৱ কৰি সাগৰত জপিয়াই দিয়ে। যুৱতীগৰাকীয়ে সাগৰত জাপ দিয়াৰ পূৰ্বে কৈছিল,লয়ডে যে আন কাৰোবাকো ভাল পাব পাৰে, সেই কথা তেওঁ কেতিয়াও মানি ল'ব নোৱাৰে, গতিকে তেওঁ জীয়াই থকাৰ কোনো অৰ্থ নাই। এগৰাকী প্ৰেমিকা সাগৰত জাপ দিয়া দেখি তেওঁৰ প্ৰাণৰক্ষা কৰিবলৈ লয়ডেও সাগৰত জঁপিয়াই পৰে। লয়ডে যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল কিন্তু নিজে সাগৰত ডুব যাবলৈ আৰম্ভ কৰিছিল আৰু তেওঁৰ মূৰটোৱে এটা শিলত আঘাত কৰিছিল। প্ৰত্যক্ষদৰ্শীসকলে যুৱকজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। উল্লাল আৰক্ষী থানাত ঘটনাটোৰ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে। আত্মহত্যা কৰিবলৈ চেষ্টা কৰা যুৱতীগৰাকী চিকিৎসালয়ত আৰোগ্য হৈ উঠিছে বুলি জনায় মেংগালুৰুৰ আৰক্ষী আয়ুক্ত এন শশীকুমাৰে। লয়ডে আবু ধাবিত কাম কৰি আছিল আৰু কোভিড-১৯ মহামাৰীৰ সময়ত নিজৰ জন্মস্থানলৈ উভতি আহিছিল। এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকাৰ সময়তে তেওঁ আন এগৰাকীৰ সৈতে সম্পৰ্ক ৰাখিবলৈ আৰম্ভ কৰে, যি কথাই শেষ কৰি পেলালে তেওঁৰ জীৱন। প্ৰেমত কেতিয়াও ঠগ-প্ৰৱঞ্চনাই স্থান পাব নালাগে সেই কথাই যেন বুজালে এই প্ৰেম কাহিনীয়ে। আৰু পঢ়কঃ পূৰ্বে আছিল দৰিদ্ৰ; ৰোনাল্ডোৰ প্ৰেমিকা হোৱাৰ পাছত সাধুকথাৰ দৰে সলনি হ’ল জীৱন

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি