--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উদ্যোগপতি ৰতন টাটা এতিয়া এই পৃথিৱীত নাই যদিও তেওঁ সমাজৰ লগতে জীৱ-জন্তুৰ বাবেও এনেধৰণৰ দানশীল কাম কৰিছে যিটো বিশ্বই সদায় মনত ৰাখিব। ইয়ৈৰ উদাহৰণ মুম্বাইৰ মহালক্ষ্মী অঞ্চলত টাটা ট্ৰাষ্টে নিৰ্মাণ কৰা ক্ষুদ্ৰ পশু চিকিৎসালয়খন ৷ চলিত বৰ্ষৰ মাৰ্চ মাহত এই পশু চিকিৎসালয়খন আৰম্ভ কৰা হৈছে আৰু এতিয়া মানুহে নিজৰ পোহনীয়া জন্তু যেনে কুকুৰ-মেকুৰী লৈ ইয়ালৈ চিকিৎসাৰ বাবে আহিবলৈ আৰম্ভ কৰিছে।


ৰতন টাটাৰ এই কথা পাতিব নোৱাৰা  জন্তুবোৰৰ প্ৰতি ইমানেই আকৰ্ষণ আছিল যে যদি সিহঁত অসুস্থ বা আঘাতপ্ৰাপ্ত হয় তেন্তে সিহঁতক তেওঁ দেখা নাপাব, সেইবাবেই এই সৰু জন্তুবোৰৰ বাবে সকলো ধৰণৰ আধুনিক সা-সুবিধাৰে সজ্জিত এই চিকিৎসালয়খন নিৰ্মাণ কৰিছিল যাতে ইয়াত এই জীৱ-জন্তুবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে চিকিৎসা কৰিব পাৰি।

চাৰি মহলীয়া ক্ষুদ্ৰ পশু চিকিৎসালয়ৰ ভৱনটো বাহিৰৰ পৰা বিলাসী দেখা যেন যায়। প্ৰথম দৃষ্টিত কোনেও অনুমান নকৰিব যে এইখন পশু চিকিৎসালয় হ’ব পাৰে। মানুহৰ চিকিৎসালয়তো এনে সুবিধা দেখা নাযায় ৷ মুম্বাইৰ মহালক্ষ্মী অঞ্চলত ৰতন টাটাই নিৰ্মাণ কৰা পশু চিকিৎসালয়খনে দেখুৱাইছে ৰতন টাটাৰ জীৱ-জন্তুৰ প্ৰতি থকা প্ৰেম।


তথ্য অনুসৰি, প্ৰায় ১১ বছৰ পূৰ্বে টাটাৰ কৰ্মচাৰীসকলে কামৰ বাবে গোৱালৈ গৈছিল আৰু তেওঁলোকে ৰাস্তাত এটা কুকুৰ পাইছিল, যিটো কুকুৰ তেওঁলোকে লগত লৈ মুম্বাইলৈ লৈ আহিছিল। কুকুৰটোৰ নাম গোৱা ৰাখিলে, কাৰণ তেওঁ কুকুৰটোক গোৱাত পাইছিল। এই পথৰ কুকুৰ গোৱাই যোৱা ১১ বছৰ ধৰি ৰতন টাটাৰ বাসগৃহত বাস কৰি আহিছে, যিয়ে ৰতন টাটাৰ কুকুৰৰ প্ৰতি থকা গভীৰ প্ৰেমৰ পৰিচয় দিয়ে।


চিকিৎসালয়খন খুলি থাকোঁতে তেওঁ কৈছিল যে মই কুকুৰক মোৰ পৰিয়ালৰ অংশ হিচাপে গণ্য কৰোঁ। মোৰ জীৱনত বহুতো পোহনীয়া জন্তু আছে। ইয়াৰ বাবেই মই জানো হস্পিতালৰ গুৰুত্ব। নৱী মুম্বাইত তেওঁলোকে নিৰ্মাণ কৰা চিকিৎসালয়খন ৫ মহলীয়া, য’ত একেলগে ২০০টা পোহনীয়া জন্তুৰ চিকিৎসা কৰিব পৰা যায়। ১৬৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই চিকিৎসালয়খন। 

উল্লেখ্য যে মুম্বাইৰ তাজ হোটেলত ৰতন টাটাই পথৰ কুকুৰৰ প্ৰৱেশৰ অনুমতি দিছে। হোটেলৰ কৰ্মচাৰীৰ মতে, ৰতন টাটাই স্পষ্টকৈ কৈছিল যে হোটেলৰ ভিতৰলৈ যদি কোনোবা পথৰ কুকুৰ আহে তেন্তে তেওঁলোকৰ লগত সৎ ব্যৱহাৰ কৰিব লাগে।


মৃত্যুৰ পিছত ৰতন টাটাৰ অন্তিম দৰ্শনৰ বাবে মুম্বাইৰ এনচিপিএ খেলপথাৰত বিয়লি ৩.৩০ বজালৈকে ৰখা হয়, য’ত বহু সংখ্যক লোকে তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহে। ৰাজনীতিবিদৰ পৰা অভিনেতা, ক্ৰীড়াবিদ আৰু সাধাৰণ জনতাই তেওঁৰ শেষ আভাসৰ বাবে উপস্থিত হৈছে। উদ্ধৱ থাকৰে, শৰদ পাৱাৰ, সুপ্ৰিয়া চুলে, ৰাজ থাকৰেৰ পৰা কুমাৰ মংগলম বিৰলা আৰু ৰবি শাস্ত্ৰীয়ে এনচিপিএৰ খেলপথাৰত উপস্থিত হৈ তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এন চি পি এৰ খেলপথাৰলৈ টেক্সিত লৈ যোৱা হৈছিল এটা ৰাজপথৰ কুকুৰক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ। অৱশ্যে খেলপথাৰৰ বাহিৰত উপস্থিত নিৰাপত্তাৰক্ষীয়ে টেক্সিখন ৰখাই সোধা-পোছাৰ অন্তত ভিতৰলৈ যাবলৈ অনুমতি দিয়ে। উল্লেখ্য যে সেই কুকুৰটোৰ আছিল গোৱা ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু