--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উদ্যোগপতি ৰতন টাটা এতিয়া এই পৃথিৱীত নাই যদিও তেওঁ সমাজৰ লগতে জীৱ-জন্তুৰ বাবেও এনেধৰণৰ দানশীল কাম কৰিছে যিটো বিশ্বই সদায় মনত ৰাখিব। ইয়ৈৰ উদাহৰণ মুম্বাইৰ মহালক্ষ্মী অঞ্চলত টাটা ট্ৰাষ্টে নিৰ্মাণ কৰা ক্ষুদ্ৰ পশু চিকিৎসালয়খন ৷ চলিত বৰ্ষৰ মাৰ্চ মাহত এই পশু চিকিৎসালয়খন আৰম্ভ কৰা হৈছে আৰু এতিয়া মানুহে নিজৰ পোহনীয়া জন্তু যেনে কুকুৰ-মেকুৰী লৈ ইয়ালৈ চিকিৎসাৰ বাবে আহিবলৈ আৰম্ভ কৰিছে।


ৰতন টাটাৰ এই কথা পাতিব নোৱাৰা  জন্তুবোৰৰ প্ৰতি ইমানেই আকৰ্ষণ আছিল যে যদি সিহঁত অসুস্থ বা আঘাতপ্ৰাপ্ত হয় তেন্তে সিহঁতক তেওঁ দেখা নাপাব, সেইবাবেই এই সৰু জন্তুবোৰৰ বাবে সকলো ধৰণৰ আধুনিক সা-সুবিধাৰে সজ্জিত এই চিকিৎসালয়খন নিৰ্মাণ কৰিছিল যাতে ইয়াত এই জীৱ-জন্তুবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে চিকিৎসা কৰিব পাৰি।

চাৰি মহলীয়া ক্ষুদ্ৰ পশু চিকিৎসালয়ৰ ভৱনটো বাহিৰৰ পৰা বিলাসী দেখা যেন যায়। প্ৰথম দৃষ্টিত কোনেও অনুমান নকৰিব যে এইখন পশু চিকিৎসালয় হ’ব পাৰে। মানুহৰ চিকিৎসালয়তো এনে সুবিধা দেখা নাযায় ৷ মুম্বাইৰ মহালক্ষ্মী অঞ্চলত ৰতন টাটাই নিৰ্মাণ কৰা পশু চিকিৎসালয়খনে দেখুৱাইছে ৰতন টাটাৰ জীৱ-জন্তুৰ প্ৰতি থকা প্ৰেম।


তথ্য অনুসৰি, প্ৰায় ১১ বছৰ পূৰ্বে টাটাৰ কৰ্মচাৰীসকলে কামৰ বাবে গোৱালৈ গৈছিল আৰু তেওঁলোকে ৰাস্তাত এটা কুকুৰ পাইছিল, যিটো কুকুৰ তেওঁলোকে লগত লৈ মুম্বাইলৈ লৈ আহিছিল। কুকুৰটোৰ নাম গোৱা ৰাখিলে, কাৰণ তেওঁ কুকুৰটোক গোৱাত পাইছিল। এই পথৰ কুকুৰ গোৱাই যোৱা ১১ বছৰ ধৰি ৰতন টাটাৰ বাসগৃহত বাস কৰি আহিছে, যিয়ে ৰতন টাটাৰ কুকুৰৰ প্ৰতি থকা গভীৰ প্ৰেমৰ পৰিচয় দিয়ে।


চিকিৎসালয়খন খুলি থাকোঁতে তেওঁ কৈছিল যে মই কুকুৰক মোৰ পৰিয়ালৰ অংশ হিচাপে গণ্য কৰোঁ। মোৰ জীৱনত বহুতো পোহনীয়া জন্তু আছে। ইয়াৰ বাবেই মই জানো হস্পিতালৰ গুৰুত্ব। নৱী মুম্বাইত তেওঁলোকে নিৰ্মাণ কৰা চিকিৎসালয়খন ৫ মহলীয়া, য’ত একেলগে ২০০টা পোহনীয়া জন্তুৰ চিকিৎসা কৰিব পৰা যায়। ১৬৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই চিকিৎসালয়খন। 

উল্লেখ্য যে মুম্বাইৰ তাজ হোটেলত ৰতন টাটাই পথৰ কুকুৰৰ প্ৰৱেশৰ অনুমতি দিছে। হোটেলৰ কৰ্মচাৰীৰ মতে, ৰতন টাটাই স্পষ্টকৈ কৈছিল যে হোটেলৰ ভিতৰলৈ যদি কোনোবা পথৰ কুকুৰ আহে তেন্তে তেওঁলোকৰ লগত সৎ ব্যৱহাৰ কৰিব লাগে।


মৃত্যুৰ পিছত ৰতন টাটাৰ অন্তিম দৰ্শনৰ বাবে মুম্বাইৰ এনচিপিএ খেলপথাৰত বিয়লি ৩.৩০ বজালৈকে ৰখা হয়, য’ত বহু সংখ্যক লোকে তেওঁক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহে। ৰাজনীতিবিদৰ পৰা অভিনেতা, ক্ৰীড়াবিদ আৰু সাধাৰণ জনতাই তেওঁৰ শেষ আভাসৰ বাবে উপস্থিত হৈছে। উদ্ধৱ থাকৰে, শৰদ পাৱাৰ, সুপ্ৰিয়া চুলে, ৰাজ থাকৰেৰ পৰা কুমাৰ মংগলম বিৰলা আৰু ৰবি শাস্ত্ৰীয়ে এনচিপিএৰ খেলপথাৰত উপস্থিত হৈ তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এন চি পি এৰ খেলপথাৰলৈ টেক্সিত লৈ যোৱা হৈছিল এটা ৰাজপথৰ কুকুৰক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ। অৱশ্যে খেলপথাৰৰ বাহিৰত উপস্থিত নিৰাপত্তাৰক্ষীয়ে টেক্সিখন ৰখাই সোধা-পোছাৰ অন্তত ভিতৰলৈ যাবলৈ অনুমতি দিয়ে। উল্লেখ্য যে সেই কুকুৰটোৰ আছিল গোৱা ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement