--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক দুঃখবৰ। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত ইউক্ৰেইনত মৃত্যুমুখত পৰিল এগৰাকী ভাৰতীয় ছাত্ৰ। মঙলবাৰে খাৰকীভত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণত কৰ্ণাটকৰ এজন ভাৰতীয় ছাত্ৰই হেৰুৱালে প্ৰাণ। পশ্চিম সীমান্তলৈ যোৱাৰ বাবে লভিভৰ ৰেল ষ্টেচনলৈ যোৱা অৱস্থাত তেওঁ গুলীবিদ্ধ হৈ নিহত হয়। কৰ্ণাটকৰ ছাত্ৰজনৰ নাম নবীন বুলি জানিব পৰা গৈছে৷ ভাৰতীয় বৈদেশিক মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা ভাৰতীয় ছাত্ৰগৰাকীৰ মৃত্যু হোৱা বুলি স্পষ্ট কৰা হয়। বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে টুইট কৰি লিখে “অতি দুখেৰে জনাও যে খাৰকীভত আজি পুৱা ৰাছিয়াৰ তীব্ৰ আক্ৰমণত এজন ভাৰতীয় ছাত্ৰই প্ৰাণ হেৰুৱাইছে। মন্ত্ৰ্যালয়ে মৃত্যু হোৱা ছাত্ৰজনৰ পৰিয়ালৰ লোকৰ সৈতে সম্পৰ্কত আছে। আমি মৃত্যু হোৱা ছাত্ৰজনৰ পৰিয়ালৰ লোকৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।” https://twitter.com/MEAIndia/status/1498591112188989442?s=20&t=4oHL4VQqoerrPE3j555WqQ আনহাতে ৰাছিয়ান সেনাই ইউক্ৰেইনৰ ৰাজধানী কীভত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিব পাৰে বুলি ধাৰণা কৰি ভাৰতীয় ৰাষ্ট্ৰদূতৰ কাৰ্য্যালয়ে ভাৰতীয় নাগৰিকসকলক কীভৰ পৰা আঁতৰি অহাৰ বাবে আহ্বান জনাইছে। এই সময়চোৱাত প্ৰায় ১৬,০০০ ভাৰতীয় লোক ইউক্ৰেইনত আবদ্ধ হৈ আছে। আৰু পঢ়কঃ শিৱৰাত্ৰিত ভাঙৰ প্ৰসাদ খাই নিচা বেছি হ’লে কি কৰিব?জানো আহক ঘৰুৱা উপায়

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন