--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক দুঃখবৰ। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধত ইউক্ৰেইনত মৃত্যুমুখত পৰিল এগৰাকী ভাৰতীয় ছাত্ৰ। মঙলবাৰে খাৰকীভত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণত কৰ্ণাটকৰ এজন ভাৰতীয় ছাত্ৰই হেৰুৱালে প্ৰাণ। পশ্চিম সীমান্তলৈ যোৱাৰ বাবে লভিভৰ ৰেল ষ্টেচনলৈ যোৱা অৱস্থাত তেওঁ গুলীবিদ্ধ হৈ নিহত হয়। কৰ্ণাটকৰ ছাত্ৰজনৰ নাম নবীন বুলি জানিব পৰা গৈছে৷ ভাৰতীয় বৈদেশিক মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা ভাৰতীয় ছাত্ৰগৰাকীৰ মৃত্যু হোৱা বুলি স্পষ্ট কৰা হয়। বৈদেশিক মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে টুইট কৰি লিখে “অতি দুখেৰে জনাও যে খাৰকীভত আজি পুৱা ৰাছিয়াৰ তীব্ৰ আক্ৰমণত এজন ভাৰতীয় ছাত্ৰই প্ৰাণ হেৰুৱাইছে। মন্ত্ৰ্যালয়ে মৃত্যু হোৱা ছাত্ৰজনৰ পৰিয়ালৰ লোকৰ সৈতে সম্পৰ্কত আছে। আমি মৃত্যু হোৱা ছাত্ৰজনৰ পৰিয়ালৰ লোকৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।” https://twitter.com/MEAIndia/status/1498591112188989442?s=20&t=4oHL4VQqoerrPE3j555WqQ আনহাতে ৰাছিয়ান সেনাই ইউক্ৰেইনৰ ৰাজধানী কীভত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিব পাৰে বুলি ধাৰণা কৰি ভাৰতীয় ৰাষ্ট্ৰদূতৰ কাৰ্য্যালয়ে ভাৰতীয় নাগৰিকসকলক কীভৰ পৰা আঁতৰি অহাৰ বাবে আহ্বান জনাইছে। এই সময়চোৱাত প্ৰায় ১৬,০০০ ভাৰতীয় লোক ইউক্ৰেইনত আবদ্ধ হৈ আছে। আৰু পঢ়কঃ শিৱৰাত্ৰিত ভাঙৰ প্ৰসাদ খাই নিচা বেছি হ’লে কি কৰিব?জানো আহক ঘৰুৱা উপায়

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন