--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া গাখীৰৰো বৰ্ধিত মুদ্ৰাস্ফীতি হৈছে। এতিয়াৰ পৰা আমূল গাখীৰ গ্ৰাহকসকলে ব্যয়বহুল মূল্যত ক্ৰয় কৰিব লাগিব। দেশৰ সৰ্ববৃহৎ দুগ্ধজাত ব্ৰেণ্ড আমূলে মূল্যবৃদ্ধিৰ কথা ঘোষণা কৰিছে। কোম্পানীটোৱে বিক্ৰী হোৱা গাখীৰৰ দাম প্ৰতিলিটাৰত দুটকা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে। আমূলে এই বিষয়ে এক বিজ্ঞপ্তিত জাৰি কৰিছে। গাখীৰৰ বৰ্ধিত মূল্য আজিৰপৰা কাৰ্যকৰী হ’ব। এতিয়া গ্ৰাহকসকলে আধা লিটাৰ আমূল গোল্ডৰ বাবে ৩০টকা, আমূল ৰিফ্ৰেছৰ বাবে ২৪ টকা আৰু আমূল শক্তিৰ বাবে ২৭ টকা পৰিশোধ কৰিব লাগিব। কোম্পানীটোৱে আমূলৰ এই বৰ্ধিত মূল্যবৃদ্ধিৰ আঁৰত আভ্যন্তৰীণ ব্যয়ৰ বাবে হোৱা বুলি সদৰী কৰিছে। সোমবাৰে, আমূলে তেওঁলোকৰ প্ৰতিটো ব্ৰেণ্ডৰ গাখীৰৰ মূল্য ২ টকা বৃদ্ধি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। উৎপাদন ব্যয় বৃদ্ধি হোৱাৰ বাবে এই মূল্যবৃদ্ধি হৈছে বুলি কোম্পানীটোৱে জানিবলৈ দিছে। আমূল কোম্পানীটোৱে কয় যে, ‘পেকেজিং, লজিষ্টিক আৰু গৰুৰ খাদ্যৰ ব্যয় বৃদ্ধিৰ বাবে প্ৰায় ৩ বছৰৰ পাছত এই মূল্যবৃদ্ধি কৰা হৈছে, যাৰ ফলত পৰিচালনা আৰু গাখীৰ উৎপাদনৰ সামগ্ৰিক ব্যয় বৃদ্ধি পাইছে।’ গ্ৰীষ্মকালত গাখীৰৰ চাহিদা বৃদ্ধি হোৱাৰ সৈতে, নিৰন্তৰ গাখীৰ উৎপাদন নিশ্চিত কৰিবলৈ কৃষকসকলক পৰ্যাপ্ত ক্ষতিপূৰণ দিয়া প্ৰয়োজন। কোম্পানীটোৱে বাণিজ্য ৰেহাই আৰু অন্যান্য ব্যয়ো হ্ৰাস কৰিছে আৰু এই কঠিন সময়ত কৃষকসকলক অনুপ্ৰাণিত কৰি তেওঁলোকৰ যাতে আয় বৃদ্ধি হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কোম্পানীটোৱে এই দাম বৃদ্ধিৰ সিদ্ধান্ত লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন