--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘মই মুছলমান বাবে মোক লক্ষ্য কৰি লোৱা হৈছিল…’- দুমাহজোৰা বন্দিত্বৰ পাছত এই বিস্ফোৰক মন্তব্য দৰং জিলাৰ শ্যামপুৰ গাঁৱৰ নিবাসী হাছিনা ভানুৰ৷ দৰং জিলাৰ বিদেশী ন্যায়াধীকৰণে ‘বিদেশী’ বুলি ঘোষণা কৰাৰ পাছত হাছিনা ভানুৱে ১৯ অক্টোৱৰৰ পৰা তেজপুৰ কাৰাগাৰস্থিত তুচ্ছপুৰ ডিটেনশ্যন কেম্পত বন্দী হৈ আছিল৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে মাৰ্চত ন্যায়াধীকৰণ আদালতৰ এক বিতৰ্কিত সিদ্ধান্ত প্ৰত্যাৱৰ্তন কৰাৰ পাছত তেওঁক মুকলি কৰি দিয়া হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত ভানুক মুকলি কৰি দিয়া হৈছে৷ উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধীকৰণৰ সিদ্ধান্তত আশ্চৰ্য প্ৰকাশ কৰিছে৷ উল্লেখযোগ্য যে, ২০১৬ চনৰ আগষ্টত ন্যায়াধীকৰণে হাছিনা ভানু প্ৰকৃততে এগৰাকী ভাৰতীয় নাগৰিক আছিল বুলি কৈছিল। পৰৱৰ্তী সময়ত একেখন ন্যায়াধীকৰণে ভানুক ‘বিদেশী’ হিচাপে ৰায় দিছিল৷

কালি নিশা ডিটেনশ্যন কেম্পৰ পৰা ভানু ঘৰলৈ উভতি আহে৷ ঘৰত উপস্থিত হৈ হাছিনা ভানুৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠানৰ সন্মুখত মন্তব্য কৰে যে, তেওঁ অনুভৱ কৰিছিল যে তেওঁক তেওঁৰ ধৰ্মৰ বাবে লক্ষ্য কৰা হৈছিল; কাৰণ তেওঁ মুছলমান৷ ভানুৱে লগতে কাৰাগাৰৰ ভিতৰৰ ডিটেনশ্যন কেম্পত তেওঁ প্ৰচুৰ হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰে৷ তেওঁ কয়, তাত বহুতো হিন্দু আৰু মুছলমানো আছিল৷ আৰু মই ভাবো যে মই মুছলমান হোৱাৰ পৰাই মোক লক্ষ্য কৰা হৈছিল৷

সংবাদ মাধ্যমৰ সন্মুখত ভানুৱে কয় যে, ন্যায়াধীকৰণৰ দ্বিতীয়টো গোচৰৰ বাবে মই প্ৰথম গোচৰটোৰ পৰা আদেশ দাখিল কৰিছিলোঁ (য’ত তেওঁক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰা হৈছিল) কিন্তু ন্যায়াধীকৰণে এক বেলেগ নিৰ্দেশ দিছিল। এতিয়া আকৌ মোক ভাৰতীয় বুলি প্ৰমাণিত কৰা হৈছে। একেসময়ে চৰকাৰে কিয় তেওঁক এনেদৰে হাৰাশাস্তি কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে৷

ভানুৰ স্বামী আয়েন আলীয়ে কয় যে, তেওঁৰ পত্নীৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ সংগ্ৰাম মানসিকভাৱে যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল। দুমাহ ধৰি তেওঁ কাৰাগাৰত আছিল, যিটো আমাৰ বাবে একপ্ৰকাৰ মানসিক নিৰ্যাতন। আলীয়ে আৰু কয় যে, আমি বিগত পাঁচ বছৰত যথেষ্ট ধন ব্যয় কৰিব লগা হৈছিল (২০১৬ চনৰ ন্যায়াধিকৰণৰ শুনানিৰ পৰা আৰম্ভ কৰি)। আইনী মাচুলৰ ব্যৱস্থা কৰিবলৈ মই মোৰ মাটি-ভেটি পৰ্যন্ত বিক্ৰী কৰিছিলোঁ। এতিয়া তাইক ভাৰতীয় বুলি ঘোষণা কৰা হৈছে৷ মই চৰকাৰক আমাক ক্ষতিপূৰণ দিবলৈ অনুৰোধ জনাইছোঁ৷

ক্ষুব্ধ উচ্চ ন্যায়ালয়ে ন্যায়াধীকৰণৰ ত্ৰুটিপূৰ্ণ আদেশৰ ওপৰত কেইবাটাও পৰ্যৱেক্ষণ কৰিছে। উচ্চতম ন্যায়ালয়ৰ এক দৃষ্টান্ত উল্লেখ কৰি ন্যায়াধীশ এন কোতিশ্বৰ সিঙে কয় যে, “ন্যায়াধীকৰণে বিষয়টো কেনেদৰে পৰীক্ষা কৰিছিল আমি বুজিবলৈ অক্ষম।” তেওঁ লগতে কয় যে, দ্বিতীয় শুনানিত, য’ত শ্ৰীমতী ভানুক ‘বিদেশী’ বুলি ঘোষণা কৰা হৈছিল - সেয়া অবৈধ আছিল৷ কিয়নো ই সংবিধানৰ অনুচ্ছেদ ১৪১ উলংঘা কৰিছিল।

উল্লেখযোগ্য যে, ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৪১ত কোৱা হৈছে যে উচ্চতম ন্যায়ালয়ে ঘোষণা কৰা ৰায় ভাৰতৰ ভূ-খণ্ডৰ ভিতৰত সকলো আদালতৰ বাবে বাধ্যতামূলক হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক