--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘মই মুছলমান বাবে মোক লক্ষ্য কৰি লোৱা হৈছিল…’- দুমাহজোৰা বন্দিত্বৰ পাছত এই বিস্ফোৰক মন্তব্য দৰং জিলাৰ শ্যামপুৰ গাঁৱৰ নিবাসী হাছিনা ভানুৰ৷ দৰং জিলাৰ বিদেশী ন্যায়াধীকৰণে ‘বিদেশী’ বুলি ঘোষণা কৰাৰ পাছত হাছিনা ভানুৱে ১৯ অক্টোৱৰৰ পৰা তেজপুৰ কাৰাগাৰস্থিত তুচ্ছপুৰ ডিটেনশ্যন কেম্পত বন্দী হৈ আছিল৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে মাৰ্চত ন্যায়াধীকৰণ আদালতৰ এক বিতৰ্কিত সিদ্ধান্ত প্ৰত্যাৱৰ্তন কৰাৰ পাছত তেওঁক মুকলি কৰি দিয়া হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছত ভানুক মুকলি কৰি দিয়া হৈছে৷ উচ্চ ন্যায়ালয়ে বিদেশী ন্যায়াধীকৰণৰ সিদ্ধান্তত আশ্চৰ্য প্ৰকাশ কৰিছে৷ উল্লেখযোগ্য যে, ২০১৬ চনৰ আগষ্টত ন্যায়াধীকৰণে হাছিনা ভানু প্ৰকৃততে এগৰাকী ভাৰতীয় নাগৰিক আছিল বুলি কৈছিল। পৰৱৰ্তী সময়ত একেখন ন্যায়াধীকৰণে ভানুক ‘বিদেশী’ হিচাপে ৰায় দিছিল৷

কালি নিশা ডিটেনশ্যন কেম্পৰ পৰা ভানু ঘৰলৈ উভতি আহে৷ ঘৰত উপস্থিত হৈ হাছিনা ভানুৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠানৰ সন্মুখত মন্তব্য কৰে যে, তেওঁ অনুভৱ কৰিছিল যে তেওঁক তেওঁৰ ধৰ্মৰ বাবে লক্ষ্য কৰা হৈছিল; কাৰণ তেওঁ মুছলমান৷ ভানুৱে লগতে কাৰাগাৰৰ ভিতৰৰ ডিটেনশ্যন কেম্পত তেওঁ প্ৰচুৰ হাৰাশাস্তিৰ সন্মুখীন হোৱা বুলি মন্তব্য কৰে৷ তেওঁ কয়, তাত বহুতো হিন্দু আৰু মুছলমানো আছিল৷ আৰু মই ভাবো যে মই মুছলমান হোৱাৰ পৰাই মোক লক্ষ্য কৰা হৈছিল৷

সংবাদ মাধ্যমৰ সন্মুখত ভানুৱে কয় যে, ন্যায়াধীকৰণৰ দ্বিতীয়টো গোচৰৰ বাবে মই প্ৰথম গোচৰটোৰ পৰা আদেশ দাখিল কৰিছিলোঁ (য’ত তেওঁক ভাৰতীয় নাগৰিক হিচাপে ঘোষণা কৰা হৈছিল) কিন্তু ন্যায়াধীকৰণে এক বেলেগ নিৰ্দেশ দিছিল। এতিয়া আকৌ মোক ভাৰতীয় বুলি প্ৰমাণিত কৰা হৈছে। একেসময়ে চৰকাৰে কিয় তেওঁক এনেদৰে হাৰাশাস্তি কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে৷

ভানুৰ স্বামী আয়েন আলীয়ে কয় যে, তেওঁৰ পত্নীৰ নাগৰিকত্ব প্ৰমাণ কৰাৰ সংগ্ৰাম মানসিকভাৱে যথেষ্ট প্ৰত্যাহ্বানমূলক আছিল। দুমাহ ধৰি তেওঁ কাৰাগাৰত আছিল, যিটো আমাৰ বাবে একপ্ৰকাৰ মানসিক নিৰ্যাতন। আলীয়ে আৰু কয় যে, আমি বিগত পাঁচ বছৰত যথেষ্ট ধন ব্যয় কৰিব লগা হৈছিল (২০১৬ চনৰ ন্যায়াধিকৰণৰ শুনানিৰ পৰা আৰম্ভ কৰি)। আইনী মাচুলৰ ব্যৱস্থা কৰিবলৈ মই মোৰ মাটি-ভেটি পৰ্যন্ত বিক্ৰী কৰিছিলোঁ। এতিয়া তাইক ভাৰতীয় বুলি ঘোষণা কৰা হৈছে৷ মই চৰকাৰক আমাক ক্ষতিপূৰণ দিবলৈ অনুৰোধ জনাইছোঁ৷

ক্ষুব্ধ উচ্চ ন্যায়ালয়ে ন্যায়াধীকৰণৰ ত্ৰুটিপূৰ্ণ আদেশৰ ওপৰত কেইবাটাও পৰ্যৱেক্ষণ কৰিছে। উচ্চতম ন্যায়ালয়ৰ এক দৃষ্টান্ত উল্লেখ কৰি ন্যায়াধীশ এন কোতিশ্বৰ সিঙে কয় যে, “ন্যায়াধীকৰণে বিষয়টো কেনেদৰে পৰীক্ষা কৰিছিল আমি বুজিবলৈ অক্ষম।” তেওঁ লগতে কয় যে, দ্বিতীয় শুনানিত, য’ত শ্ৰীমতী ভানুক ‘বিদেশী’ বুলি ঘোষণা কৰা হৈছিল - সেয়া অবৈধ আছিল৷ কিয়নো ই সংবিধানৰ অনুচ্ছেদ ১৪১ উলংঘা কৰিছিল।

উল্লেখযোগ্য যে, ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৪১ত কোৱা হৈছে যে উচ্চতম ন্যায়ালয়ে ঘোষণা কৰা ৰায় ভাৰতৰ ভূ-খণ্ডৰ ভিতৰত সকলো আদালতৰ বাবে বাধ্যতামূলক হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ