--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • পূজা শান্তিপূর্ণভাৱে সম্পন্ন কৰাবলৈ মোতায়েন থাকিব সশস্ত্র বাহিনী, আৰক্ষীৰ ৰেব বাহিনী, বি জি বি আৰু আনছাৰ বাহিনী।

ডিজিটেল ডেস্ক : এই বছৰ সমগ্র বাংলাদেশত ৩৩ হাজাৰ ৫৭৬খন পূজা মণ্ডপত দুর্গা পূজা অনুষ্ঠিত হ'ব। ইয়াৰ মাজত ঢাকা অঞ্চলত ৭,১৩৬খন, চট্টগ্রাম অঞ্চলত ৪,২৮৮খন, ৰাজশ্বাহী অঞ্চলত ৩,৪৬০খন, চিলেট অঞ্চলত ২,৪৮০খন, খুলনা অঞ্চলত ৪,৫৩৪খন, ৰংপুৰ অঞ্চলত ৫,১৭৫খন, বৰিশাল অঞ্চলত ১,৬১৪খন আৰু মৈমনসিঙত ১,৫৯৯খন পূজা অনুষ্ঠিত হ'ব। এই স্থানবোৰত মণ্ডপৰ কাম-কাজো দ্রুতগতিত আগবাঢ়িছে। তাৰ লগতে কৰা হৈছে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা।


পূজা শান্তিপূর্ণভাৱে সম্পন্ন কৰাবলৈ মোতায়েন থাকিব সশস্ত্র বাহিনী, আৰক্ষীৰ ৰেব বাহিনী, বি জি বি আৰু আনছাৰ বাহিনী। আনহাতে প্রতিমা বিসর্জনৰ ক্ষেত্ৰত সন্ধিয়া ৭ বজাৰ আগতেই বিসর্জন শেষ কৰাৰ নিৰ্দেশ দিছে গৃহ উপদেষ্টা জাহাংগীৰ আলম চৌধুৰীয়ে। ইফালে বাংলাদেশৰ অন্তৱৰ্তী চৰকাৰৰ মুখ্য উপদেষ্টাৰ প্ৰেছ সচিব শ্বফিকুল আলমে কয় যে বাংলাদেশত উদযাপিত হ'বলগীয়া আগন্তুক দুর্গা পূজাত সর্বোচ্চ নিৰাপত্তা ব্যৱস্থা কৰা হ'ব। কোনেও যাতে পূজাত বিঘিনি জন্মাব নোৱাৰে তাৰ বাবে চৰকাৰৰ সকলো নিৰাপত্তা বিভাগ সক্রিয় হৈ থাকিব।


ইফালে বাংলাদেশত দুর্গা পূজাৰ বাবে চলিছে ব্যাপক প্রস্তুতি। খনিকৰসকলে প্রতিমাত বোলাইছে তুলিকা। বছৰটোৰ পাছত ভক্তৰ দৰ্শন আৰু পূজাৰ বাবে পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব দেৱী দুর্গা। চণ্ডীপাঠ, ঢাক-শংখৰ শব্দত তথা উৰুলি ধ্বনিত আমন্ত্রিত হ'ব দেৱী দুর্গা। চাৰিওফালে এতিয়া উৎসৱমুখৰ পৰিৱেশ। বাংলাদেশৰ বিভিন্ন পূজা মণ্ডপত ইতিমধ্যেই প্রতিমা তৈয়াৰৰ কাম শেষ হোৱাৰ পথত।


প্রতিমাৰ শিল্পীসকলে পুৱাৰ পৰা ৰাতিলৈকে পাৰ কৰিছে ব্যস্ত সময়। তেওঁলোকৰ নিপুণ হাতৰ পৰশত মাটিৰ জঁকাত ফুটি উঠিছে দশভূজা দেৱীৰ ৰূপ। ৰং-তুলিকাৰ বোলত প্রতিমাবোৰ হৈ উঠিছে জীৱন্ত। ঢাকাৰ এজন খনিকৰে জনায় যে আগতকৈও প্রতিমাৰ চাহিদা বৃদ্ধি পাইছে। পুৰণা ঢাকাৰ সুজি সাহাই কয় যে মানুহৰ আৰ্থিক অৱস্থা আগৰ দৰে নাই। সেয়ে বৃহৎ আকাৰৰ প্ৰতিমাৰ অৰ্ডাৰ হ্রাস পাইছে। কিন্তু সৰু সৰু মণ্ডপৰ প্ৰতিমাৰ চাহিদা যথেষ্ট বেছি। তাৰ লগতে বিশ্বকর্মা পূজাও থকাৰ বাবে খনিকৰসকলৰ ব্যস্ততা বৃদ্ধি পাইছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ