--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • লেনিনগ্ৰেডৰ কিৰিশ্বি তেল শোধনাগাৰত এই আক্রমণ চলোৱা হৈছিল। এই শোধনাগাৰটোৱে বছৰত প্ৰায় ১৭
  • ৭ মিলিয়ন মেট্রিক টন খাৰুৱা তেল শোধন কৰে।

ডিজিটেল ডেস্ক : শনিবাৰে নিশা ইউক্রেইনৰ ড্ৰ'নে ৰাছিয়াৰ অন্যতম বৃহত্তম এটা তেল শোধনাগাৰত আক্ৰমণ কৰাৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। ইউক্রেইন আৰু ৰুছ সেনাই দেওবাৰে এই কথা জনায়। লেনিনগ্ৰেডৰ কিৰিশ্বি তেল শোধনাগাৰত এই আক্রমণ চলোৱা হৈছিল। এই শোধনাগাৰটোৱে বছৰত প্ৰায় ১৭.৭ মিলিয়ন মেট্রিক টন খাৰুৱা তেল শোধন কৰে।


এই শোধনাগাৰটো পৰিচালনা কৰে ৰুছ তেল কোম্পানী ছুৰগুটনেফটিগেছে আৰু ই হৈছে উৎপাদনত দেশখনৰ তিনিটা শীর্ষ শোধনাগাৰৰ অন্যতম। ইউক্রেইনৰ সেনাৰ মতে ড্ৰ'নৰ আক্ৰমণত শোধনাগাৰটোত বিস্ফোৰণ হয় আৰু অগ্নিকাণ্ড সংঘটিত হয়।


লেনিনগ্ৰেডৰ আঞ্চলিক গৱৰ্নৰ আলেকজেণ্ডাৰ ড্ৰ'জডেনক'ৱে জনায় যে কিৰিশ্বি অঞ্চলত ইউক্রেইনৰ তিনিখন ড্র'ন ভূপাতিত কৰা হয়। তেওঁ আৰু কয়, 'কোনো আহত হোৱা নাই আৰু পাছত অগ্নিনির্বাপণ কৰা হয়।'



উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ