--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্কঃ  অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত ইন্ধনৰ সংকট গভীৰ হৈ পৰাত সোমবাৰৰ পৰা এসপ্তাহৰ বাবে চৰকাৰী কাৰ্যালয়সমূহ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে  শ্ৰীলংকা চৰকাৰে। বিদ্যুৎ যোগান সমস্যাৰ পটভূমিত শ্ৰীলংকাৰ শিক্ষা মন্ত্ৰালয়ে কলম্বো চহৰৰ সকলো চৰকাৰী আৰু চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকসকলক অহা সপ্তাহৰ পৰা অনলাইন ক্লাছ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে।

 

দেশখনত ইন্ধনৰ পৰিমাণ তীব্ৰভাৱে হ্ৰাস পোৱাৰ ফলত শ্ৰীলংকাই বিদেশী মুদ্ৰাত আমদানিৰ ধন পৰিশোধ কৰিবলৈ বাধাৰ সন্মুখীন হৈছে, যাৰ বাবে দেশখনৰ অৰ্থনীতি স্তব্ধ হৈ পৰিছে।

 

ৰাজহুৱা প্ৰশাসন আৰু আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে জাৰি কৰা ঘোষণা অনুসৰি, "ইন্ধন যোগানৰ ওপৰত থকা বাধা, দুৰ্বল ৰাজহুৱা পৰিবহণ ব্যৱস্থা আৰু ব্যক্তিগত বাহনৰ ব্যৱহাৰত হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নূন্যতম কৰ্মচাৰীৰ সৈতে কাম কৰাৰ বাবে এই সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।" অৱশ্যে চৰকাৰী ঘোষণাত স্বাস্থ্য খণ্ডত কৰ্মৰত সকলো কৰ্মচাৰীয়ে কৰ্মক্ষেত্ৰলৈ যাব পাৰিব বুলি নিশ্চয়তা দিছে।

 

শ্ৰীলংকাত বৰ্তমানেও অব্য়াহত আছে অৰ্থনৈতিক সংকট । বিগত কে'বামাহ ধৰি দেশখনত অব্য়াহত আছে জৰুৰীকালীন অৱস্থা । দেশৰ জনগণে বিদ্ৰোহ কৰি আহিছে খাদ্য়ৰ বাবে । ইতিমধ্য়ে শ্ৰীলংকাত চৰকাৰৰ বিৰুদ্ধে জনগণে বিদ্ৰোহ কৰিছে অন্ন, বস্ত্ৰ আৰু ইন্ধনৰ বাবে । এনে অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ শ্ৰীলংকা চৰকাৰে বিভিন্ন দেশৰ সহায় বিচাৰিছে । ভাৰতেও দেশখনক সহায়ৰ বাবে আগবাঢ়ি আহিছে । শ্ৰীলংকা চৰকাৰৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ভাৰতে ইউৰিয়া সাৰ ক্ৰয়ৰ বাবে শ্ৰীলংকালৈ ৫৫ নিযুত আমেৰিকান ডলাৰৰ এলঅ'চি প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি