--°C
Loading...
Listen to Article
2 min read
80%

 ডিজিটেল ডেস্কঃ  অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত ইন্ধনৰ সংকট গভীৰ হৈ পৰাত সোমবাৰৰ পৰা এসপ্তাহৰ বাবে চৰকাৰী কাৰ্যালয়সমূহ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে  শ্ৰীলংকা চৰকাৰে। বিদ্যুৎ যোগান সমস্যাৰ পটভূমিত শ্ৰীলংকাৰ শিক্ষা মন্ত্ৰালয়ে কলম্বো চহৰৰ সকলো চৰকাৰী আৰু চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ব্যক্তিগত বিদ্যালয়ৰ শিক্ষকসকলক অহা সপ্তাহৰ পৰা অনলাইন ক্লাছ অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে।

 

দেশখনত ইন্ধনৰ পৰিমাণ তীব্ৰভাৱে হ্ৰাস পোৱাৰ ফলত শ্ৰীলংকাই বিদেশী মুদ্ৰাত আমদানিৰ ধন পৰিশোধ কৰিবলৈ বাধাৰ সন্মুখীন হৈছে, যাৰ বাবে দেশখনৰ অৰ্থনীতি স্তব্ধ হৈ পৰিছে।

 

ৰাজহুৱা প্ৰশাসন আৰু আভ্যন্তৰীণ পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে জাৰি কৰা ঘোষণা অনুসৰি, "ইন্ধন যোগানৰ ওপৰত থকা বাধা, দুৰ্বল ৰাজহুৱা পৰিবহণ ব্যৱস্থা আৰু ব্যক্তিগত বাহনৰ ব্যৱহাৰত হোৱা অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি নূন্যতম কৰ্মচাৰীৰ সৈতে কাম কৰাৰ বাবে এই সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে।" অৱশ্যে চৰকাৰী ঘোষণাত স্বাস্থ্য খণ্ডত কৰ্মৰত সকলো কৰ্মচাৰীয়ে কৰ্মক্ষেত্ৰলৈ যাব পাৰিব বুলি নিশ্চয়তা দিছে।

 

শ্ৰীলংকাত বৰ্তমানেও অব্য়াহত আছে অৰ্থনৈতিক সংকট । বিগত কে'বামাহ ধৰি দেশখনত অব্য়াহত আছে জৰুৰীকালীন অৱস্থা । দেশৰ জনগণে বিদ্ৰোহ কৰি আহিছে খাদ্য়ৰ বাবে । ইতিমধ্য়ে শ্ৰীলংকাত চৰকাৰৰ বিৰুদ্ধে জনগণে বিদ্ৰোহ কৰিছে অন্ন, বস্ত্ৰ আৰু ইন্ধনৰ বাবে । এনে অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ শ্ৰীলংকা চৰকাৰে বিভিন্ন দেশৰ সহায় বিচাৰিছে । ভাৰতেও দেশখনক সহায়ৰ বাবে আগবাঢ়ি আহিছে । শ্ৰীলংকা চৰকাৰৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ভাৰতে ইউৰিয়া সাৰ ক্ৰয়ৰ বাবে শ্ৰীলংকালৈ ৫৫ নিযুত আমেৰিকান ডলাৰৰ এলঅ'চি প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে