--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নয়ডাত সংঘটিত হৈছে এক ভয়াৱহ ঘটনা। দূষিত পানী খাই অসুস্থ হৈ পৰিছে ২০০তকৈও অধিক লোক। দূষিত পানী খোৱাৰ ফলত ইজনৰ পিছত সিজনকৈ বহু লোক অসুস্থ হ’বলৈ ধৰিছে।

গ্ৰেটাৰ নয়ডাৰ ইকো ভিলেজ-২ ছ’চাইটিত সৃষ্টি হৈছে এই চিন্তনীয় পৰিৱেশৰ। 

জানিব পৰা মতে, গোটেই এপাৰ্টমেণ্টটোৰ প্ৰতিটো পৰিয়ালতে কোনোবা নহয় কোনোবা এজন বেমাৰত আক্ৰান্ত হৈছে। কেইবাজনো লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। তীব্ৰ পেটৰ বিষ আৰু বমি হৈছে বাসিন্দাসকলৰ৷

চিকিৎসকৰ মতে, দূষিত পানী খোৱাৰ ফলত সমগ্ৰ এপাৰ্টমেন্টটোত এই অৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰে কেইবাজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, চাৰিটা শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

বাসিন্দা সকলে জনোৱা মতে, দুদিন পূৰ্বে এপাৰ্টমেণ্টটোৰ পানীৰ টেংকি পৰিষ্কাৰ কৰা হৈছিল। পৰিষ্কাৰ কৰাৰ বাবে পানীৰ টেংকিত এক প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছিল।

এই ৰাসায়নিক পদাৰ্থ সম্পূৰ্ণৰূপে পৰিষ্কাৰ নকৰাকৈয়ে টেংকিটো পানীৰে ভৰাই দিয়া হৈছিল। সেই পানী খাই অসুস্থ হৈ পৰিছে বাসিন্দাসকল।

এপাৰ্টমেন্টৰ পানীৰ টেংকি আৰু পানীৰ সকলো নল বন্ধ কৰি দিয়া হৈছে৷ প্ৰশাসনে বিষয়টো গভীৰভাৱে তদন্ত কৰিবলৈ নিৰ্দেশ দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু