--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নয়ডাত সংঘটিত হৈছে এক ভয়াৱহ ঘটনা। দূষিত পানী খাই অসুস্থ হৈ পৰিছে ২০০তকৈও অধিক লোক। দূষিত পানী খোৱাৰ ফলত ইজনৰ পিছত সিজনকৈ বহু লোক অসুস্থ হ’বলৈ ধৰিছে।

গ্ৰেটাৰ নয়ডাৰ ইকো ভিলেজ-২ ছ’চাইটিত সৃষ্টি হৈছে এই চিন্তনীয় পৰিৱেশৰ। 

জানিব পৰা মতে, গোটেই এপাৰ্টমেণ্টটোৰ প্ৰতিটো পৰিয়ালতে কোনোবা নহয় কোনোবা এজন বেমাৰত আক্ৰান্ত হৈছে। কেইবাজনো লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। তীব্ৰ পেটৰ বিষ আৰু বমি হৈছে বাসিন্দাসকলৰ৷

চিকিৎসকৰ মতে, দূষিত পানী খোৱাৰ ফলত সমগ্ৰ এপাৰ্টমেন্টটোত এই অৱস্থাৰ সৃষ্টি হৈছে। ইয়াৰে কেইবাজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, চাৰিটা শিশুৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

বাসিন্দা সকলে জনোৱা মতে, দুদিন পূৰ্বে এপাৰ্টমেণ্টটোৰ পানীৰ টেংকি পৰিষ্কাৰ কৰা হৈছিল। পৰিষ্কাৰ কৰাৰ বাবে পানীৰ টেংকিত এক প্ৰকাৰৰ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছিল।

এই ৰাসায়নিক পদাৰ্থ সম্পূৰ্ণৰূপে পৰিষ্কাৰ নকৰাকৈয়ে টেংকিটো পানীৰে ভৰাই দিয়া হৈছিল। সেই পানী খাই অসুস্থ হৈ পৰিছে বাসিন্দাসকল।

এপাৰ্টমেন্টৰ পানীৰ টেংকি আৰু পানীৰ সকলো নল বন্ধ কৰি দিয়া হৈছে৷ প্ৰশাসনে বিষয়টো গভীৰভাৱে তদন্ত কৰিবলৈ নিৰ্দেশ দিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ