--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ সাৰণ জিলাৰ ইছুৱাপুৰস্থিত এখন বজাৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মহাবীৰ মেলাৰ আখৰাৰ সময়ত সেই ঠাইত থকা এখন ঘৰৰ বেলকনি ভাঙি পৰে। বেলকনিত বহি মানুহে সংগীতানুষ্ঠান উপভোগ কৰি আছিল। এই দুৰ্ঘটনাত প্ৰায় এশজন লোক আহত হয়৷ আটাইকেইজন ইছুৱাপুৰ কমিউনিটি হেল্থ চেণ্টাৰ হাস্পতালত চিকিৎসাধীন হৈ আছে, আনহাতে বহু লোকক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আহত একাংশৰ অৱস্থা অতি গুৰুতৰ । পতাকা মেলা সন্দৰ্ভত প্ৰশাসনিক ব্যৱস্থা কটকটীয়া হোৱাৰ বাবে ড্ৰ’ন কেমেৰাৰ জৰিয়তে মেলাখন নিৰীক্ষণ কৰা হৈছিল। 


সেই ঠাইত উপস্থিত থকা লোকৰ চিঞৰ-বাখৰত মানুহে ভয় খাই পলাবলৈ ধৰিলে। এই ভিৰত কিছু লোকে কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰে ৷ বিপুল জনসমাগমৰ বাবে কিছুলোকে হেঁচা ঠেলাত মাটিত বাগৰি পৰে । এই দুৰ্ঘটনাত ১০০ৰো অধিক লোক আহত হয়। ইমানেই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় যে একাংশ লোকে ৰাইজক বাধা দিবলৈ চেষ্টা কৰে । আহত আটাইকেইজনকে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহত একাংশৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

স্থানীয় প্ৰশাসনিক আৰু আৰক্ষী বিষয়াৰ উপৰিও জিলাখনৰ পৰা ২০ গৰাকী দণ্ডাধীশ, ৫০ গৰাকী মহিলা আৰক্ষী বাহিনী আৰু ২০০ পুৰুষ বাহিনী উপস্থিত হৈ মেলাৰ প্ৰশাসনিক ব্যৱস্থা তদাৰক কৰে। মেলাত আগতীয়াকৈ এম্বুলেন্স আৰু প্ৰাথমিক স্বাস্থ্য শিবিৰৰো ব্যৱস্থা কৰা হৈছিল। সেয়েহে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে কাম আৰম্ভ কৰা হয়, যাৰ বাবে বহু লোকৰ প্ৰাণ ৰক্ষা কৰিব পৰা যায়। উল্লেখ্য যে প্ৰতি বছৰৰ দৰে এইবাৰো মহাবীৰ মেলাত পতাকা শোভাযাত্ৰা উলিয়াই । ইয়াত বহুতো সংগীত শিল্পীয়ে অংশগ্ৰহণ কৰে।

নিশাৰ আন্ধাৰত সংঘটিত এই দুৰ্ঘটনাটোত কোনো লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা নাই । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু