--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ সাৰণ জিলাৰ ইছুৱাপুৰস্থিত এখন বজাৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। মহাবীৰ মেলাৰ আখৰাৰ সময়ত সেই ঠাইত থকা এখন ঘৰৰ বেলকনি ভাঙি পৰে। বেলকনিত বহি মানুহে সংগীতানুষ্ঠান উপভোগ কৰি আছিল। এই দুৰ্ঘটনাত প্ৰায় এশজন লোক আহত হয়৷ আটাইকেইজন ইছুৱাপুৰ কমিউনিটি হেল্থ চেণ্টাৰ হাস্পতালত চিকিৎসাধীন হৈ আছে, আনহাতে বহু লোকক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আহত একাংশৰ অৱস্থা অতি গুৰুতৰ । পতাকা মেলা সন্দৰ্ভত প্ৰশাসনিক ব্যৱস্থা কটকটীয়া হোৱাৰ বাবে ড্ৰ’ন কেমেৰাৰ জৰিয়তে মেলাখন নিৰীক্ষণ কৰা হৈছিল। 


সেই ঠাইত উপস্থিত থকা লোকৰ চিঞৰ-বাখৰত মানুহে ভয় খাই পলাবলৈ ধৰিলে। এই ভিৰত কিছু লোকে কোনোমতে নিজৰ প্ৰাণ ৰক্ষা কৰে ৷ বিপুল জনসমাগমৰ বাবে কিছুলোকে হেঁচা ঠেলাত মাটিত বাগৰি পৰে । এই দুৰ্ঘটনাত ১০০ৰো অধিক লোক আহত হয়। ইমানেই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় যে একাংশ লোকে ৰাইজক বাধা দিবলৈ চেষ্টা কৰে । আহত আটাইকেইজনকে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহত একাংশৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

স্থানীয় প্ৰশাসনিক আৰু আৰক্ষী বিষয়াৰ উপৰিও জিলাখনৰ পৰা ২০ গৰাকী দণ্ডাধীশ, ৫০ গৰাকী মহিলা আৰক্ষী বাহিনী আৰু ২০০ পুৰুষ বাহিনী উপস্থিত হৈ মেলাৰ প্ৰশাসনিক ব্যৱস্থা তদাৰক কৰে। মেলাত আগতীয়াকৈ এম্বুলেন্স আৰু প্ৰাথমিক স্বাস্থ্য শিবিৰৰো ব্যৱস্থা কৰা হৈছিল। সেয়েহে দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে কাম আৰম্ভ কৰা হয়, যাৰ বাবে বহু লোকৰ প্ৰাণ ৰক্ষা কৰিব পৰা যায়। উল্লেখ্য যে প্ৰতি বছৰৰ দৰে এইবাৰো মহাবীৰ মেলাত পতাকা শোভাযাত্ৰা উলিয়াই । ইয়াত বহুতো সংগীত শিল্পীয়ে অংশগ্ৰহণ কৰে।

নিশাৰ আন্ধাৰত সংঘটিত এই দুৰ্ঘটনাটোত কোনো লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা নাই । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ