--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰায় দুই দশক ধৰি বিচ্ছিন্নতাবাদী বিদ্ৰোহী সংগঠনৰ মাজত সংঘটি সশস্ত্ৰ সংঘাতে জুৰুলা কৰা ত্ৰিপুৰা ৰাজ্যত পৰিসমাপ্তি ঘটিছে সশস্ত্ৰ বিদ্ৰোহৰ৷ বুধবাৰে কেন্দ্ৰ আৰু ত্ৰিপুৰা চৰকাৰে নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ ত্ৰিপুৰা (এন এল এফ টি) আৰু অল ত্ৰিপুৰা টাইগাৰ ফ’ৰচ(এ টি টি এফ)ৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰিছে৷অৱশেষত সশস্ত্ৰ সংঘাতৰ পৰা মুক্তি লাভ কৰিলে ত্ৰিপুৰাই৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা আৰু এন এল এফ টি আৰু এ টি টি এফৰ ১০ জনীয়া প্ৰতিনিধি দলৰ উপস্থিতিত কেন্দ্ৰীয় সচিবালয় ভৱনৰ উত্তৰ ব্লকত এই শান্তি চুক্তি স্বাক্ষৰ কৰা হয়। এন এল এফ টি গ্ৰুপৰ মুৰব্বী বিশ্ব মোহন দেৱবৰ্মা আৰু সংস্থাটোৰ উপ-সভাপতি উপেন্দ্ৰ ৰেয়াঙ আৰু এ টি টি এফৰ পৰা অলিন্দ্ৰ ৰেয়াঙে স্বাক্ষৰ কৰিছিল৷ এই শান্তি চুক্তিক  শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত মাইলৰ খুঁটি বুলি অভিহিত কৰি অমিত শ্বাহে ৫০ লাখ টকাৰ অৰ্থসাহাৰ্য্য ঘোষণা কৰে। শান্তি চুক্তি অনুসৰি অস্ত্ৰ সম্বৰণ কৰা ৩২৮ জন কেডাৰৰ বাবে ২৫০ কোটি টকাৰ অৰ্থসাহাৰ্য্য ঘোষণা কৰিছে। উত্তৰ-পূব অঞ্চলৰ শান্তি আৰু সমৃদ্ধি বৰ্তাই ৰাখিবৰ বাবে চৰকাৰে ১২ খন গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ কৰিছে৷ ইয়াৰে তিনিখন চুক্তি ত্ৰিপুৰাৰ সৈতে জড়িত বুলি বিবৃতিত প্ৰকাশ কৰিছে।

বুধবাৰে স্বাক্ষৰিত চুক্তিখন সঠিকভবে কাৰ্যকৰী কৰা হ’ব আৰু ত্ৰিপুৰা বাসীৰ সকলো আকাংক্ষা গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে পূৰণ কৰিব বুলিও   সশস্ত্ৰ সংগঠন দুটাক আশ্বাস প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ‘সশস্ত্ৰ বাহিনীৰ বিশেষ শক্তি আইন
 (Armed Forces Special Power Act(AFSPA)’সমগ্ৰ ত্ৰিপুৰাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে বুলি সদৰি কৰিছে৷ সমগ্ৰ উত্তৰপূৰ্বাঞ্চলত এই আইনৰ অধীনত থকা অঞ্চলসমূহ যথেষ্ট হ্ৰাস পাইছে বুলিও সদৰি কৰিছে। এই পদক্ষেপৰ শলাগ লৈ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহাই।

‘কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আস্থা প্ৰকাশ কৰি মূলসুঁতিৰ সৈতে যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে’ বুলি সদৰি কৰে এন এল এফ টিৰ নেতা উপেন্দ্ৰ ৰেয়াঙে।লগতে ভাৰত চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতি পালন কৰি ত্ৰিপুৰা জনসাধাৰণৰ কল্যাণৰ বাবে বিত্তীয় সাহাৰ্য্য কাৰ্যকৰী কৰিব বুলি আশা প্ৰকাশ কৰে এন এল এফ টিৰ নেতা উপেন্দ্ৰ ৰেয়াঙে। 

উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ এন ই উপদেষ্টা এ কে মিশ্ৰ, পশ্চিম ত্ৰিপুৰা, আৰু টিপ্ৰা ম’ঠা পাৰ্টিৰ প্ৰতিষ্ঠাপক প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ, ৰাজকীয় বংশ প্ৰদ্যোৎ কিশোৰ দেৱবৰ্মন, আই বি প্ৰধান তপন ডেকা, আৰু এম এইচ এৰ জ্যেষ্ঠ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থকে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ