--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এটি মিছাইলৰ গুলীবৰ্ষণ আৰু হঠাতেই ধূলিস্যাৎ হয় এটি পৰিয়ালৰ সপোন৷ বিদেশৰ ভূমিত মৃত্যুবৰণ কৰে ভাৰতীয় ছাত্ৰই৷ এই ঘটনাই সমগ্ৰ দেশবাসীকে কৰি তুলিছিল শোকাহত৷ ১ মাৰ্চ, যুদ্ধবিধ্বস্ত ইউক্ৰেইনত নিহত হৈছিল ২১ বছৰীয়া ভাৰতীয় ছাত্ৰ নবীন শেখৰাপ্পা জ্ঞানগৌদাৰ৷ নবীনৰ নশ্বৰ দেহ নিৰাপত্তাজনিত কাৰণত খাৰকিভৰ পৰা স্থানান্তৰিত কৰা হয়। নবীনৰ পিতৃ শেখৰ গৌড়াই এই কথা সদৰী কৰি কয় যে, 'কালি চৰকাৰে আমাক জনাইছিল যে নিৰাপত্তাজনিত কাৰণত মৃতদেহটো খাৰকিভ চহৰৰ বাহিৰলৈ স্থানান্তৰ কৰা হৈছে। তাত পৰিস্থিতিৰ অৱনতি ঘটিছে। আমাক কোৱা হৈছিল যে মৃতদেহটো বৰ্তমান ভিনিৎচিয়াত আছে৷'  খাৰকিভ ৰাছিয়ান সীমান্তবৰ্তী পূৱ ইউক্ৰেইনৰ ডনবাছ অঞ্চলৰ ঠিক উত্তৰে অৱস্থিত। ভিনিটচিয়া হৈছে পশ্চিম-মধ্য ইউক্ৰেইনৰ এখন চহৰ, যি খাৰকিভৰ পৰা প্ৰায় ৭১০ কিলোমিটাৰ দূৰত অৱস্থিত। ১ মাৰ্চত খাৰকিভ নেচনেল মেডিকেল ইউনিভাৰ্চিটিত নামভৰ্তি কৰা এজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰ নবীনে ওচৰতে সামগ্ৰী ক্ৰয় কৰি থকা অৱস্থাত চহৰখনৰ এটা প্ৰশাসনিক ভৱনত মিছাইলে আক্ৰমণৰ গুলীবৰ্ষণৰ ফলত মৃত্যু বৰণ কৰে। ইফালে, তেওঁৰ কলেজৰ সহপাঠীসকলে ভূগৰ্ভস্থ বোমাআশ্ৰয়স্থলত লুকাই আছিল। যুৱ ছাত্ৰজনৰ এজন শল্য চিকিৎসক হ'বলৈ ভাৰতলৈ উভতি অহাৰ সপোন আছিল। নবীনৰ পৰিয়ালৰ মতে, বৰ্তমান পোলেণ্ডৰ বাহিৰত কাম কৰি থকা ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে তেওঁৰ নশ্বৰ দেহ দেশলৈ উভতাই অনাৰ বাবে সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে৷ দেওবাৰে, কেন্দ্ৰ আৰু কৰ্ণাটক চৰকাৰে কৈছিল যে মৃতদেহটো স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ প্ৰচেষ্টা চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক ছাত্ৰজনৰ মৃতদেহ ঘূৰাই অনাৰ বাবে সকলো সম্ভৱ প্ৰচেষ্টা চলাবলৈ নিৰ্দেশ দিয়ে, আনহাতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই কয় যে খাৰকিভত গুলীবৰ্ষণ বন্ধ হোৱাৰ পাছত চৰকাৰে প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিব। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন