--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এটি মিছাইলৰ গুলীবৰ্ষণ আৰু হঠাতেই ধূলিস্যাৎ হয় এটি পৰিয়ালৰ সপোন৷ বিদেশৰ ভূমিত মৃত্যুবৰণ কৰে ভাৰতীয় ছাত্ৰই৷ এই ঘটনাই সমগ্ৰ দেশবাসীকে কৰি তুলিছিল শোকাহত৷ ১ মাৰ্চ, যুদ্ধবিধ্বস্ত ইউক্ৰেইনত নিহত হৈছিল ২১ বছৰীয়া ভাৰতীয় ছাত্ৰ নবীন শেখৰাপ্পা জ্ঞানগৌদাৰ৷ নবীনৰ নশ্বৰ দেহ নিৰাপত্তাজনিত কাৰণত খাৰকিভৰ পৰা স্থানান্তৰিত কৰা হয়। নবীনৰ পিতৃ শেখৰ গৌড়াই এই কথা সদৰী কৰি কয় যে, 'কালি চৰকাৰে আমাক জনাইছিল যে নিৰাপত্তাজনিত কাৰণত মৃতদেহটো খাৰকিভ চহৰৰ বাহিৰলৈ স্থানান্তৰ কৰা হৈছে। তাত পৰিস্থিতিৰ অৱনতি ঘটিছে। আমাক কোৱা হৈছিল যে মৃতদেহটো বৰ্তমান ভিনিৎচিয়াত আছে৷'  খাৰকিভ ৰাছিয়ান সীমান্তবৰ্তী পূৱ ইউক্ৰেইনৰ ডনবাছ অঞ্চলৰ ঠিক উত্তৰে অৱস্থিত। ভিনিটচিয়া হৈছে পশ্চিম-মধ্য ইউক্ৰেইনৰ এখন চহৰ, যি খাৰকিভৰ পৰা প্ৰায় ৭১০ কিলোমিটাৰ দূৰত অৱস্থিত। ১ মাৰ্চত খাৰকিভ নেচনেল মেডিকেল ইউনিভাৰ্চিটিত নামভৰ্তি কৰা এজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰ নবীনে ওচৰতে সামগ্ৰী ক্ৰয় কৰি থকা অৱস্থাত চহৰখনৰ এটা প্ৰশাসনিক ভৱনত মিছাইলে আক্ৰমণৰ গুলীবৰ্ষণৰ ফলত মৃত্যু বৰণ কৰে। ইফালে, তেওঁৰ কলেজৰ সহপাঠীসকলে ভূগৰ্ভস্থ বোমাআশ্ৰয়স্থলত লুকাই আছিল। যুৱ ছাত্ৰজনৰ এজন শল্য চিকিৎসক হ'বলৈ ভাৰতলৈ উভতি অহাৰ সপোন আছিল। নবীনৰ পৰিয়ালৰ মতে, বৰ্তমান পোলেণ্ডৰ বাহিৰত কাম কৰি থকা ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে তেওঁৰ নশ্বৰ দেহ দেশলৈ উভতাই অনাৰ বাবে সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে৷ দেওবাৰে, কেন্দ্ৰ আৰু কৰ্ণাটক চৰকাৰে কৈছিল যে মৃতদেহটো স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাৰ প্ৰচেষ্টা চলি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক ছাত্ৰজনৰ মৃতদেহ ঘূৰাই অনাৰ বাবে সকলো সম্ভৱ প্ৰচেষ্টা চলাবলৈ নিৰ্দেশ দিয়ে, আনহাতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাই কয় যে খাৰকিভত গুলীবৰ্ষণ বন্ধ হোৱাৰ পাছত চৰকাৰে প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰিব। BFC Banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে