--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দেশ জনগণৰ সুৰক্ষা আৰু আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ দিশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে দেশৰ নাৰী শক্তিয়ে। সেনা-আৰক্ষী, অনুসন্ধান সংস্থা আদি সকলোতে দেশৰ নাৰীয়ে এতিয়া গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে আৰু দেশৰ সুৰক্ষাৰ দিশত তেওঁলোকৰ অংশগ্ৰহণ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। শক্তি আৰু সহনশীলতা উভয়ৰে প্ৰতীক নাৰীয়ে আৰক্ষী বাহিনীত যোগদান কৰা ফলত দেশৰ নিৰাপত্তাজনিত দিশটোলৈ অধিক বৈচিত্ৰ্য আহিছে। কিন্তু এতিয়াও দেশৰ আৰক্ষী বাহিনী বা সশস্ত্ৰ নিৰাপত্তা বাহিনীত মহিলাৰ অংশগ্ৰহণৰ হাৰ নগণ্য হৈয়েই ৰৈছে। যিটো উদ্বেগৰ বিষয় হিচাপে চিহ্নিত হৈছে। সংসদত দেশৰ আৰক্ষী বাহিনীত নাৰীৰ অংশগ্ৰহণ সম্পৰ্কীয় এটা তথ্য শেহতীয়াকৈ প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰোৱে প্ৰকাশ কৰা তথ্যৰ উদ্ধৃতিৰে সমগ্ৰ ভাৰততে আৰক্ষী বাহিনীত ১০.৩% মহিলা আছে বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে। মঙলবাৰে লোকসভাত তেওঁ এই তথ্য প্ৰকাশ কৰে। তেওঁ সংসদত কয় যে, ‘আৰক্ষী গৱেষণা আৰু উন্নয়ন ব্যুৰোৱে প্ৰকাশ কৰা আৰক্ষী সংগঠনৰ তথ্য অনুসৰি, ২০২০চনৰ ১ জানুৱাৰীলৈকে বিভিন্ন ৰাজ্যত ২০,৯১,৪৮৮ জন আৰক্ষী কৰ্মীৰ ভিতৰত, মহিলা আৰক্ষী কৰ্মীৰ সংখ্যা হৈছে, ২,১৫,৫০৪। এয়া আৰক্ষী বাহিনীৰ মুঠ সংখ্যাৰ ১০.৩ শতাংশ। ৰায়ে কংগ্ৰেছ সাংসদ বিজয়কুমাৰৰ এটা প্ৰশ্ন লিখিত উত্তৰত এইকথা প্ৰকাশ কৰে। বিভিন্ন ৰাজ্যৰ পৰিসংখ্যা প্ৰকাশ কৰি তেওঁ জনায় যে, জনায় যে বিহাৰত সৰ্বাধিকসংখ্যক মহিলা আৰক্ষী কৰ্মীৰ নিয়োজিত হৈ আছে। বিহাৰত মহিলা আৰক্ষীৰ পৰিসংখ্যা হৈছে ২৫.৩০শতাংশ। তাৰ পিছত আছে হিমাচল প্ৰদেশ য'ত ১৯.১৫শতাংশ মহিলা আৰক্ষী কৰ্মী আছে। চণ্ডীগড়ত আছে ১৮.৭৮শতাংশ। ইয়াৰ বাহিৰে, চাৰিখন ৰাজ্যত মহিলা আৰক্ষী সঞ্চালক প্ৰধানে দায়িত্ব পালন কৰি আছে। এইকেইখন ৰাজ্য হৈছে অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু আৰু তেলেংগানা। আনহাতে সৰ্বাধিকসংখ্যক অৰ্থাৎ ১০৫৫জন মহিলা পৰিদৰ্শক আছে তামিলনাডুত, তাৰ পাছতে মহাৰাষ্ট্ৰত ৪২৫জন আৰু ওড়িশাত ২৮৬গৰাকী মহিলা আৰক্ষী পৰিদৰ্শকে কৰ্তব্যৰত হৈ আছে। দেশৰ আৰক্ষী বাহিনীত মহিলা আৰক্ষীৰ এই ‘অত্যাধিক কম’ সংখ্যা বৃদ্ধিৰ বাবে লোৱা পদক্ষেপ সন্দৰ্ভত সাংসদ বিজয়কুমাৰৰ প্ৰশ্নৰ উত্তৰত ৰায়ে কয় যে, এমএইচএ-য়ে এই সন্দৰ্ভত একাধিক পৰামৰ্শ জাৰি কৰিছে। শেহতীয়াকৈ ২০২১ চনৰ জুন মাহত, আৰক্ষীত মহিলাৰ প্ৰতিনিধিত্ব ৩৩% লৈ বৃদ্ধি কৰাৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চল/ৰাজ্য চৰকাৰসমূহক পৰামৰ্শ দিয়া হৈছে। তেওঁ লগতে কয়, "আমাৰ লক্ষ্য হৈছে প্ৰতিখন আৰক্ষী থানাত কমেও ৩গৰাকী মহিলা উপ-পৰিদৰ্শক আৰু ১০ গৰাকী মহিলা আৰক্ষী কনিষ্টবল থাকিব লাগে, যাতে মহিলা হেল্প ডেস্ক এখন ২৪ ঘণ্টাই পৰিচালনা কৰিব পৰা যায়।" উল্লেখ্য যে, সংসদীয় সমিতিয়ে মঙলবাৰে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত মহিলাৰ মুঠ শক্তিৰ ন্যুনতম হাৰক লৈও অসন্তুষ্টি ব্যক্ত কৰে। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীত মহিলা প্ৰতিনিধিৰ হাৰ ৩.৬৮শতাংশহেষ। কেন্দ্ৰীয় আৰক্ষী সংগঠনসমূহত মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ বাবে কেন্দ্ৰীয় গৃহ বিভাগত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ