ডিজিটেল ডেস্কঃ কম্পিউটাৰ বিস্ফোৰণ ঘটি মাতৃ আৰু দুই কন্যাই সাবটিলে কৰুণ মৃত্যু। এই ঘটনাত তেওঁলোকৰ পোহনীয়া কুকুৰটোৱেও হেৰুৱালে প্ৰাণ। তামিনাডুৰ কম্বাইটুৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। মঙলবাৰে পুৱতি নিশা কম্পিউটাৰ বেটাৰী বিস্ফোৰণ হোৱাৰ পাছত কম্বাইটুৰৰ উৰুমান্দমপালায়াম গাঁৱৰ ৰোজ গাৰ্ডেনৰ নিৱাসী ৫০ বছৰীয়া বিজয়লক্ষ্মী আৰু তেওঁৰ দুগৰাকী কন্যা অৰ্চনা, অঞ্জলী আৰু তেওঁলোকৰ পোহনীয়া কুকুৰটোৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হয়। অৰ্চনাৰ বয়স ২৪ আৰু অঞ্জলীৰ বয়স ২১।
বিজয়লক্ষ্মীৰ স্বামী জ্যোতিলিংগমৰ দুবছৰ আগতে মৃত্যু হৈছিল। পৰিয়ালটো ঘৰৰ প্ৰথম মহলাত বাস কৰিছিল আৰু তলৰ মহলাটো ভাড়াত দিছিল। মঙলবাৰে পুৱা প্ৰায় ৬ বজাত তেওঁলোকৰ ভাড়াতীয়াই ঘৰটোৰ পৰা ধোঁৱা ওলোৱা দেখিছিল আৰু অগ্নি আৰু উদ্ধাৰ সেৱাৰ কৰ্মীসকলক খবৰ দিছিল। অগ্নি নিৰ্বাপক সেৱাৰ কৰ্মীসকলে মূল দুৱাৰখন ভাঙি ঘৰটোৰ ভিতৰৰ জুই নুমুৱাইছিল আৰু এটা চোফা আৰু টেলিভিছন ছেট জ্বলি যোৱাৰ লগতে কুকুৰটোক মৃত অৱস্থাত পাইছিল।
বিজয়লক্ষ্মী আৰু অৰ্চনাক পাকঘৰত মৃত অৱস্থাত পোৱা গৈছিল। আনহাতে অঞ্জলীৰ মৃতদেহ শোৱনি কোঠাত পোৱা গৈছিল। তেওঁলোকে যোৱা ১৫ বছৰ ধৰি ৰোজ গাৰ্ডেনৰ ঘৰটোত বাস কৰি আছিল। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহকেইটা ওচৰৰে হাস্পতাললৈ প্ৰেৰণ কৰিছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। প্ৰথম তদন্তত এই ঘটনা কম্পিউটাৰ বিস্ফোৰণ হোৱাত সংঘটিত হয় বুলি পোহৰলৈ আহে। কৰুণ ঘটনাটোত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে।
আৰু পঢ়কঃ আজিৰ দিনটো কেনে যাব আপোনাৰ…চাওঁ আহক ৰাশিফল
