--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কম্পিউটাৰ বিস্ফোৰণ ঘটি মাতৃ আৰু দুই কন্যাই সাবটিলে কৰুণ মৃত্যু। এই ঘটনাত তেওঁলোকৰ পোহনীয়া কুকুৰটোৱেও হেৰুৱালে প্ৰাণ। তামিনাডুৰ কম্বাইটুৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। মঙলবাৰে পুৱতি নিশা কম্পিউটাৰ বেটাৰী বিস্ফোৰণ হোৱাৰ পাছত কম্বাইটুৰৰ উৰুমান্দমপালায়াম গাঁৱৰ ৰোজ গাৰ্ডেনৰ নিৱাসী ৫০ বছৰীয়া বিজয়লক্ষ্মী আৰু তেওঁৰ দুগৰাকী কন্যা অৰ্চনা, অঞ্জলী আৰু তেওঁলোকৰ পোহনীয়া কুকুৰটোৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হয়। অৰ্চনাৰ বয়স ২৪ আৰু অঞ্জলীৰ বয়স ২১। বিজয়লক্ষ্মীৰ স্বামী জ্যোতিলিংগমৰ দুবছৰ আগতে মৃত্যু হৈছিল। পৰিয়ালটো ঘৰৰ প্ৰথম মহলাত বাস কৰিছিল আৰু তলৰ মহলাটো ভাড়াত দিছিল। মঙলবাৰে পুৱা প্ৰায় ৬ বজাত তেওঁলোকৰ ভাড়াতীয়াই ঘৰটোৰ পৰা ধোঁৱা ওলোৱা দেখিছিল আৰু অগ্নি আৰু উদ্ধাৰ সেৱাৰ কৰ্মীসকলক খবৰ দিছিল। অগ্নি নিৰ্বাপক সেৱাৰ কৰ্মীসকলে মূল দুৱাৰখন ভাঙি ঘৰটোৰ ভিতৰৰ জুই নুমুৱাইছিল আৰু এটা চোফা আৰু টেলিভিছন ছেট জ্বলি যোৱাৰ লগতে কুকুৰটোক মৃত অৱস্থাত পাইছিল। বিজয়লক্ষ্মী আৰু অৰ্চনাক পাকঘৰত মৃত অৱস্থাত পোৱা গৈছিল। আনহাতে অঞ্জলীৰ মৃতদেহ শোৱনি কোঠাত পোৱা গৈছিল। তেওঁলোকে যোৱা ১৫ বছৰ ধৰি ৰোজ গাৰ্ডেনৰ ঘৰটোত বাস কৰি আছিল। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহকেইটা ওচৰৰে হাস্পতাললৈ প্ৰেৰণ কৰিছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। প্ৰথম তদন্তত এই ঘটনা কম্পিউটাৰ বিস্ফোৰণ হোৱাত সংঘটিত হয় বুলি পোহৰলৈ আহে। কৰুণ ঘটনাটোত সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে। আৰু পঢ়কঃ আজিৰ দিনটো কেনে যাব আপোনাৰ…চাওঁ আহক ৰাশিফল BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন