--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই/ জনমৰ আদিম পুৱাত/ মুদিম আকৌ চকু তোমাৰ কোলাতেই শুই/ জীৱনৰ শেষ সন্ধিয়াত।/ মৰাৰ পিছতো যেন পাওহি আকৌ ঠাই/ চেনেহৰ শীতলী কোলাত/ ভাগৰুৱা আতমাই শেষৰ জিৰণি লৈ (নলিনীবালা দেৱীৰ কবিতা) নলিনীবালা দেৱীৰ জনমভূমি এই কবিতাটো বৰ্তমান সময়ত হয়তো প্ৰতিজন লোকেই অনুভৱ কৰিব পাৰিছে। যুদ্ধৰ বিভীষিকাৰ সময়, ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই বৰ্বৰভাৱে আক্ৰমণ কৰিছে, আক্ৰমণ মানে সামৰিক আক্ৰমণ৷ সামৰিক আক্ৰমণৰ কথা আজিৰ তাৰিখত হয়তো কোনো এখন দেশে কাহানিও কল্পনা কৰা নাছিল৷ কিন্তু ইউক্ৰেইনৰ লগত আমি সেই নভৱা কথাটোৱেই হ’ল৷ সামৰিক আক্ৰমণ চলালে ৰাছিয়াই৷ পাছত কি হ’ল আমি সকলোৱে দেখিলো, ইউক্ৰেইনৰ প্ৰায় পাঁচ শতাধিকতকৈ অধিক লোক এই যুদ্ধৰ ফলত মৃত্যু হ’ল৷ এই কঠিন পৰিস্থিতিত সকলোৱে যি যেনেকৈ পাৰে ইউক্ৰেইন ত্যাগ কৰি নিজৰ দেশখন অৰ্থাৎ জন্মভূমিলৈ উভতি আহিছে৷ সকলোৱে মানুহৰ নিজৰ ঠাইখনৰ প্ৰতি যেন এটা টান আছে, সেই কথা এতিয়া যুদ্ধৰ সময়ত সকলোৱে উপলদ্ধি কৰিছে৷ কোনোবাই হয়তো চাকৰি সূত্ৰে, আন কোনোৱে হয়তো শিক্ষাগ্ৰহণৰ বাবে ইউক্ৰেইনত অস্থায়ীভাৱে বসবাস কৰিছিল, কিন্তু হঠাৎ যেন তেওঁলোকলৈ নামি আহিল কাল অমানিশা, অভিশপ্ত এটা পুৱা! বিস্ফোৰণৰ ভয়ংকৰ শব্দই ‘কেঁচা টোপনি’ ভাঙিছিল ইউক্ৰেইনবাসীৰ। এই জটিল সময়খিনিত সকলো প্ৰবাসীয়েই নিজৰ ঘৰখনলৈ উভতি আহিবলৈ হাহকাৰ কৰি আছে৷ কোনোবাই বিমানেৰে নিজৰ ঘৰখনলৈ উভতি আহিছে, আন কাৰোবাৰ বাবে হয়তো এইকণ সৌভাগ্য হোৱা নাই৷ কৰ্তব্যৰ তাগিদাত হয়তো আপোন ঘৰখনলৈ আহিবলৈ সময় নোপোৱা মানুহে এই সময়খিনিত মানুহৰ চাগে বাৰে-বাৰে মনত পৰিছে৷ কেঁচা মাটিৰ গোন্ধ ল’বলৈ পাহৰি যোৱা মানুহে আকৌ এবাৰ আপোন ঠাইখনৰ গোন্ধ ল’ব৷ ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত যুদ্ধ ঘোষণা কৰাৰ পাছতেই আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যিয়ে যেনেকৈ সক্ষম হৈছে, সেই মুহূৰ্ততেই ইউক্ৰেইন এৰি স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিছে বা সুৰক্ষিত স্থানলৈ গতি কৰিছে। ভাৰতৰ ১৫ সহস্ৰাধিক নাগৰিক দেশখনত আবদ্ধ হোৱাৰো খবৰ আহি পৰিছিল। ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক স্বদেশলৈ ঘূৰাই আনিবলৈ চৰকাৰো তৎপৰ হৈ পৰা দেখা গৈছে। ইতিমধ্যে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীক ঘূৰাই আনিবলৈ সক্ষম হৈছে যদিও অধিকাংশই দেশ খনত আবদ্ধ হৈ আছে। চৰকাৰৰ ফালৰ পৰা তেওঁলোকক গুগুলত চাৰ্চ কৰি সুৰক্ষিত স্থানত আশ্ৰয় ল’বলৈ আহ্বান জনাইছে। সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি ৪০জন ভাৰতীয় শিক্ষাৰ্থীয়ে খোজ কাঢ়ি নিকটৱৰ্তী পোলেণ্ডৰ সীমাত উপস্থিত হৈছে। তেওঁলোকৰ মহাবিদ্যালয়ৰ বাছখন সীমান্তৰ পৰা ৮ কিলোমিটাৰ দূৰত পেলাই দিয়াৰ পাছত ইউক্ৰেইন-পোলেণ্ড সীমান্তলৈ খোজ কাঢ়ি গৈছিল বুলি সংবাদমাধ্যমত প্ৰকাশ পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ