--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘মই ইয়াত আছোঁ। আমি আমাৰ অস্ত্ৰ সম্বৰণ নকৰোঁ। আমি আমাৰ দেশক ৰক্ষা কৰিম, কাৰণ আমাৰ অস্ত্ৰই আমাৰ সত্য।’ প্ৰৱল পৰাক্ৰমী ৰাছিয়াৰ বিৰুদ্ধে প্ৰাণপনে যুঁজ দিছে ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে। ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে ৰাজধানী কিয়েভত ৰুছ সৈন্যৰ এক আক্ৰমণ প্ৰতিহত কৰা বুলি দাবী কৰাৰ পাছতে এই মন্তব্য কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে। ৰাছিয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ নিজ দেশৰ সৈন্য বাহিনীক উদ্বুদ্ধ কৰি আহিছে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে। প্ৰকৃততে তেৱেঁই যুদ্ধক্ষেত্ৰত দেশখনৰ সৈন্য বাহিনীক উদ্বুদ্ধ কৰি আহিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইতিমধ্যে ঘোষণা কৰিছে যে, যদিহে ইউক্ৰেইনৰ সৈন্যই অস্ত্ৰ সম্বৰণ কৰে তেন্তে তেওঁ ইউক্ৰেইনৰ সৈতে আলোচনা কৰিবলৈ আগ্ৰহী হ’ব। কিন্তু অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু নহয় ইউক্ৰেইন। সমৰক্ষেত্ৰত তেওঁলোকে ৰাছিয়াক সমুচিত প্ৰত্যুত্তৰ দিয়া বুলি দাবী কৰি আহিছে। ইউক্ৰেইনে দাবী কৰা মতে এতিয়ালৈ তেওঁলোকে সহস্ৰাধিক ৰুছ সৈন্যক ধৰাশায়ী কৰিবলৈ সক্ষম হৈছে। ইউক্ৰেইনৰ সামৰিক বাহিনীক উদ্বুদ্ধ কৰাত বিশেষভাৱে তৎপৰতা প্ৰদৰ্শন কৰিছে দেশখনৰ ৰাষ্ট্ৰপতিয়ে। তেওঁ শেহতীয়াকৈ জাৰি কৰা এটা চমু ভিডিঅ’ত দেশৰ সৈনিকসকলৰ উদ্বুদ্ধ কৰিবলৈ বাৰ্তা দি কয় যে, ‘মই ইয়াত আছোঁ। আমি আমাৰ অস্ত্ৰ সম্বৰণ নকৰোঁ। আমি আমাৰ দেশক ৰক্ষা কৰিম, কাৰণ আমাৰ অস্ত্ৰই আমাৰ সত্য।’ তেওঁ ৰাছিয়াৰ ওচৰত আত্মসমৰ্পন কৰা বা পলাই যোৱা বুলি প্ৰচাৰ হোৱা বাতৰি নস্যাৎ কৰি এই মন্তব্য কৰে জেলেনস্কিয়ে। তেওঁ এনেবোৰ বাতৰি অস্বীকাৰ কৰি কয় যে, ‘বহু ভুৱা তথ্য তথা বাৰ্তাত এই বুলি কোৱা হৈছে যে, আমাৰ সৈন্যই অস্ত্ৰ সম্বৰণ কৰিছে আৰু এই প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে।’ নিজৰ কাৰ্যালয়ৰ বাহিৰত শ্বুট কৰা এটা ভিডিঅ’ বাৰ্তাত তেওঁ এইকথা অস্বীকাৰ কৰে আৰু সৈন্যসকলক যুদ্ধ অব্যাহত ৰখাৰ বাবে অনুপ্ৰেৰণা যোগায়। জলফাই বৰণীয়া সামৰিক পোছাক পৰিধান কৰি থকা ৰাষ্ট্ৰপতিগৰাকীক কিছু ভাগৰুৱা দেখা গৈছিল যদিও তেওঁক দৃঢ় প্ৰতিজ্ঞ যেন দেখা গৈছিল। তেওঁ কয় যে, আমাৰ সত্য হৈছে এয়া হৈছে আমাৰ ভূখণ্ড, আমাৰ দেশ, আমাৰ সন্তান আৰু আমি ইয়াক সুৰক্ষা প্ৰদান কৰিম। ইক্ৰেইনৰ গৰিমা আমি অটুত ৰাখিম।’ মন কৰিবলগীয়া যে, যিসময়ত তেওঁ এই ভিডিঅ’ শ্বুট কৰিছিল সেই সময়তো বিস্ফোৰণৰ শব্দ আৰু আকাশ বিদাৰি পেলোৱা ছাইৰেনৰ শব্দই জোকাৰি আছিল ৰাজধানীখনক। উল্লেখ্য যে, ইউক্ৰেইনৰ সামৰিক ঘাটীবোৰক লক্ষ্য কৰি ৰুছ সৈন্যই ব্যাপক হাৰত আকাশ আৰু জলভাগৰ পৰা নিক্ষেপ কৰি গৈছে বিধ্বংসী মিছাইল। এনে বিধ্বংসীতা আৰু প্ৰবল আগ্ৰাসনৰ মাজতো ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ এই দৃঢ়তা আৰু দেশপ্ৰেম সকলোৰে বাবে আদৰ্শস্বৰূপ হৈ পৰিছে আৰু তেওঁক বিভিন্নজনে প্ৰশংসা কৰাও দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক