--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘মই ইয়াত আছোঁ। আমি আমাৰ অস্ত্ৰ সম্বৰণ নকৰোঁ। আমি আমাৰ দেশক ৰক্ষা কৰিম, কাৰণ আমাৰ অস্ত্ৰই আমাৰ সত্য।’ প্ৰৱল পৰাক্ৰমী ৰাছিয়াৰ বিৰুদ্ধে প্ৰাণপনে যুঁজ দিছে ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে। ইউক্ৰেইনৰ সামৰিক বাহিনীয়ে ৰাজধানী কিয়েভত ৰুছ সৈন্যৰ এক আক্ৰমণ প্ৰতিহত কৰা বুলি দাবী কৰাৰ পাছতে এই মন্তব্য কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে। ৰাছিয়াৰ বিৰুদ্ধে যুঁজ দিবলৈ নিজ দেশৰ সৈন্য বাহিনীক উদ্বুদ্ধ কৰি আহিছে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে। প্ৰকৃততে তেৱেঁই যুদ্ধক্ষেত্ৰত দেশখনৰ সৈন্য বাহিনীক উদ্বুদ্ধ কৰি আহিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইতিমধ্যে ঘোষণা কৰিছে যে, যদিহে ইউক্ৰেইনৰ সৈন্যই অস্ত্ৰ সম্বৰণ কৰে তেন্তে তেওঁ ইউক্ৰেইনৰ সৈতে আলোচনা কৰিবলৈ আগ্ৰহী হ’ব। কিন্তু অস্ত্ৰ সম্বৰণ কৰিবলৈ সাজু নহয় ইউক্ৰেইন। সমৰক্ষেত্ৰত তেওঁলোকে ৰাছিয়াক সমুচিত প্ৰত্যুত্তৰ দিয়া বুলি দাবী কৰি আহিছে। ইউক্ৰেইনে দাবী কৰা মতে এতিয়ালৈ তেওঁলোকে সহস্ৰাধিক ৰুছ সৈন্যক ধৰাশায়ী কৰিবলৈ সক্ষম হৈছে। ইউক্ৰেইনৰ সামৰিক বাহিনীক উদ্বুদ্ধ কৰাত বিশেষভাৱে তৎপৰতা প্ৰদৰ্শন কৰিছে দেশখনৰ ৰাষ্ট্ৰপতিয়ে। তেওঁ শেহতীয়াকৈ জাৰি কৰা এটা চমু ভিডিঅ’ত দেশৰ সৈনিকসকলৰ উদ্বুদ্ধ কৰিবলৈ বাৰ্তা দি কয় যে, ‘মই ইয়াত আছোঁ। আমি আমাৰ অস্ত্ৰ সম্বৰণ নকৰোঁ। আমি আমাৰ দেশক ৰক্ষা কৰিম, কাৰণ আমাৰ অস্ত্ৰই আমাৰ সত্য।’ তেওঁ ৰাছিয়াৰ ওচৰত আত্মসমৰ্পন কৰা বা পলাই যোৱা বুলি প্ৰচাৰ হোৱা বাতৰি নস্যাৎ কৰি এই মন্তব্য কৰে জেলেনস্কিয়ে। তেওঁ এনেবোৰ বাতৰি অস্বীকাৰ কৰি কয় যে, ‘বহু ভুৱা তথ্য তথা বাৰ্তাত এই বুলি কোৱা হৈছে যে, আমাৰ সৈন্যই অস্ত্ৰ সম্বৰণ কৰিছে আৰু এই প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে।’ নিজৰ কাৰ্যালয়ৰ বাহিৰত শ্বুট কৰা এটা ভিডিঅ’ বাৰ্তাত তেওঁ এইকথা অস্বীকাৰ কৰে আৰু সৈন্যসকলক যুদ্ধ অব্যাহত ৰখাৰ বাবে অনুপ্ৰেৰণা যোগায়। জলফাই বৰণীয়া সামৰিক পোছাক পৰিধান কৰি থকা ৰাষ্ট্ৰপতিগৰাকীক কিছু ভাগৰুৱা দেখা গৈছিল যদিও তেওঁক দৃঢ় প্ৰতিজ্ঞ যেন দেখা গৈছিল। তেওঁ কয় যে, আমাৰ সত্য হৈছে এয়া হৈছে আমাৰ ভূখণ্ড, আমাৰ দেশ, আমাৰ সন্তান আৰু আমি ইয়াক সুৰক্ষা প্ৰদান কৰিম। ইক্ৰেইনৰ গৰিমা আমি অটুত ৰাখিম।’ মন কৰিবলগীয়া যে, যিসময়ত তেওঁ এই ভিডিঅ’ শ্বুট কৰিছিল সেই সময়তো বিস্ফোৰণৰ শব্দ আৰু আকাশ বিদাৰি পেলোৱা ছাইৰেনৰ শব্দই জোকাৰি আছিল ৰাজধানীখনক। উল্লেখ্য যে, ইউক্ৰেইনৰ সামৰিক ঘাটীবোৰক লক্ষ্য কৰি ৰুছ সৈন্যই ব্যাপক হাৰত আকাশ আৰু জলভাগৰ পৰা নিক্ষেপ কৰি গৈছে বিধ্বংসী মিছাইল। এনে বিধ্বংসীতা আৰু প্ৰবল আগ্ৰাসনৰ মাজতো ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ এই দৃঢ়তা আৰু দেশপ্ৰেম সকলোৰে বাবে আদৰ্শস্বৰূপ হৈ পৰিছে আৰু তেওঁক বিভিন্নজনে প্ৰশংসা কৰাও দেখা গৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
টেক্সাছৰ বান : মৃতকৰ সংখ্যা ৮২ লৈ বৃদ্ধি
এমাহৰ ভিতৰতে তিনিটাকৈ চুৰিকাণ্ড কংগ্ৰেছী বিধায়কৰ ঘৰত
আমেৰিকা-বিৰোধী নীতিক সমৰ্থন কৰিলে অতিৰিক্ত ১০% শুল্ক আৰোপ কৰিব ট্রাম্পে
আৰ টি আই কৰ্মী দিলীপ নাথৰ বাসগৃহৰ পৰা জব্দ বৃহৎ পৰিমাণৰ মূল্যবান কাঠ
বাৰিষা বাঢ়িছে নেকি সাপৰ উপদ্ৰৱ? ঘৰত সাপ ওলালে এইদৰে আঁতৰাওক
পত্নীৰ নিৰ্যাতনৰ বলি হৈ এজন স্বামীয়ে বিচাৰিছে ইচ্ছামৃত্যু
পথাৰত অচেতন অৱস্থাত উদ্ধাৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় হকী খেলুৱৈ বিমল লাক্ৰা
হাতীশিলাত চাঞ্চল্যকৰ ঘটনা! কোনো দুৰ্বৃত্তই ৰে'লৰ পৰা পেলাই থৈ যায় মাতৃসহ দুই শিশুক
হিজাব, বোর্খা নিষিদ্ধ হ'ব কাজাখস্তানত
চিলাপথাৰত লাভ জেহাদৰ ঘটনা ; ধৰ্ষণ কৰি পেলাই থৈ গ'ল নাবালিকাক
শ্বাসৰুদ্ধ হোৱা পীড়িতাক ইনহেলাৰ দি কৰিছিল বলাৎকাৰ
হাই প্ৰেছাৰতকৈ ল ’ প্ৰেছাৰ বেছি বিপজ্জনক
আই লাভ ইউ বুলি কোৱাটো অপৰাধ নেকি ? বোম্বে উচ্চ ন্যায়ালয়ৰ দিলে ঐতিহাসিক ৰায়
ৰাজ্যজুৰি গো মাংসৰ বজাৰ উৎখাত