--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীত আৰম্ভ কৰিছিল ইউক্ৰেইন সামৰিক অভিযান। ইয়াৰ পাছতে  দেশখনত আৰম্ভ হৈ গৈছিল মৃত্যুযজ্ঞ। ইখনৰ পাছত সিখন চহৰত ৰুছ সৈন্যৰ আগ্ৰাসনে সৃষ্টি কৰিছিল ব্যাপক ধ্বংসলীলা। ধুনীয়া দেশখনৰ সুসজ্জিত চহৰবোৰৰ ওপৰত ৰুছ সৈন্যই কৰা নিৰ্মম মিছাইল আক্ৰমণে ধ্বংসস্তুপত পৰিণত কৰিছে।  এই ধুনীয়া চহৰবোৰে যুদ্ধই দিয়া নীৰৱতা, মৃত্যু আৰু চিঞৰ-বাখৰবোৰৰ স্মৃতি এতিয়া বুকুত সামৰি ৰাখিছে ৰাছিয়াৰ সৈন্যদলে উৎপীড়ন চলাই এৰি যোৱা চহৰবোৰত এতিয়া অন্তহীন শূন্যতা আৰু বিধ্বংসিতাই গ্ৰাস কৰিছে

 

ইউক্ৰেইন নামৰ ধুনীয়া দেশখনৰ চেহেৰা যোৱা ডেৰ মাহতে সলনি হৈ পৰিছে। এতিয়া এই দেশ যুদ্ধই দান কৰা শূন্যতা, বেদনা, চিৎকাৰ, মৃত্যুকাতৰতা আৰু নীৰৱতাৰ বাবেহে পৰিচিত হৈ পৰিছে। ৰাছিয়াই এই এই দেশখনত চলোৱা উৎপীড়নৰ স্মৃতি বহু বছৰলৈ হয়তো ইউক্ৰেনীয়সকলৰ মনৰ পৰা আঁতৰ কৰা নহ'ব। ধ্বংসপ্ৰাপ্ত চহৰবোৰ ইয়াৰ সৈতে হোৱা বৰ্বৰতাৰ এক জীৱন্ত উদাহৰণ হৈ পৰিছে। তাৰ উপৰি বিধ্বংসী ৰুছ সৈন্যই চলোৱা গণহত্যাৰ কাহিনীয়ে অন্য এক শূন্যতাৰ নজিৰ সৃষ্টি কৰিছে দেশখনত।

 

ইউক্ৰেইনত এতিয়ালৈকে চলি থকা যুদ্ধৰ আটাইতকৈ ভয়ংকৰ ছবি হৈছে বুচা গণহত্যা। ৰাছিয়াৰ সৈন্যৰ প্ৰস্থানৰ পিছত একে সময়তে ইয়াত ৪১০ তকৈও অধিক মৃতদেহ পোৱা গৈছিল। এইসকল লোকক হত্যাৰ পূৰ্বে যি বৰ্বৰ আক্ৰমণ তেওঁলোকৰ ওপৰত চলোৱা হৈছিল সেই বিষয়ে জানিলেও সকলো সংবেদনশীল লোক শিহৰিত হৈ উঠিব। বাতৰি অনুসৰি, বুচাত সংঘটিত গণহত্যাৰ বেছিভাগ মৃতদেহৰ হাত বান্ধি কপালত গুলী কৰা হৈছিল। অৰ্থাৎ তেওঁলোকক হত্যা কৰাৰ আগতে হাত বান্ধি অত্যাচাৰ কৰা হৈছিল। এতিয়া এই মৃতদেহবোৰ কবৰ দিবলৈ কিয়েভত এটা ৪৫ ফুট দীঘল কবৰ খনন কৰা হৈছে।

 

ইউক্ৰেনে এই গণহত্যাৰ বাবে ৰাছিয়াক দোষাৰোপ কৰিছে। বুচাৰ এই গণহত্যাৰ তথ্য প্ৰকাশ হোৱাৰ পাছতে সমগ্ৰ বিশ্বতে শিহৰণৰ সৃষ্টি হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কীয়ে ৰাছিয়াৰ সৈন্যসকলক হত্যাকাৰী বুলি অভিহিত কৰিছে। তেওঁ অভিযোগ কৰে যে ৰাছিয়াৰ সৈন্যসকল হত্যাকাৰী। তেওঁলোকক ধৰ্ষণকাৰী, লুণ্ঠনকাৰীও আখ্যা দিছে ইউক্ৰেইনে। ইউক্ৰেইনৰ কৰ্তৃপক্ষই কৈছে যে ৰাছিয়াৰ সৈন্যই উৎপীড়ন চলাই এৰি যোৱা চহৰবোৰ এক নৃশংস অধ্যায়ৰ সাক্ষী হ’বলগীয়া হৈছে ৰুছ সৈন্যৰ বৰ্বৰতা তথা ধ্বংসকামী মানসিকতাৰ দলজল পট পট নিদৰ্শন দেখিবলৈ পোৱা যায় এই আক্ৰমণৰ পাছত। ইউক্ৰেইনৰ সাধাৰণ লোকৰ বেছিভাগ মৃতদেহ ৰাছিয়াৰ সৈন্যসকলে তেওঁলোকৰ ঘাটী পতা অঞ্চলবোৰতে অৰ্থাৎ অস্থায়ী শিবিৰবোৰলৈ ধৰি নি ইউক্ৰেইনৰ নাগৰিকক নিৰ্মমভাৱে হত্যা কৰিছিল ৰুছ সৈন্যই।

 

যুদ্ধত, ৰাছিয়াই ইউক্ৰেইনৰ বহু চহৰ ক্ষতিগ্ৰস্ত কৰিছে। আক্ৰমণৰ বলি হোৱা ঠাইবোৰৰ বেছিভাগ অট্টালিকা ধ্বংস হৈছে। অৱশ্যে, উপকূলীয় চহৰ মাৰিঅ’পুল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। চহৰখনৰ মেয়ৰে প্ৰকাশ কৰিছে যে ৰাছিয়াৰ আক্ৰমণত মাৰিঅ’পুলৰ ৯০ শতাংশ ধ্বংস হৈছে। এই চহৰখন দখল কৰিবলৈ চেষ্টা কৰি থকা ৰাছিয়াক প্ৰতিহত কৰিবলৈ ইউক্ৰেইনে নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰিছে আৰু এতিয়াও অঞ্চলটোত সংঘৰ্ষ অব্যাহত আছে


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ