--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত বৰ্ষৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে দেশৰ চিনেমা জগতখনত মুক্তি লাভ কৰিছে কেইবাখনো চিনেমাই। বৰ্ষটোত মুক্তিপ্ৰাপ্ত কেইবাখনো চিনেমাই বক্স অফিচত খলকনি তুলিবলৈ সক্ষম হোৱাৰ বিপৰীতে আন কেইখনমান চৰ্চিত চিনেমাই বেয়াকৈ মুখথেকেচা খাইছে। বিশেষকৈ বলীউডৰ তুলনাত দাক্ষিণাত্যৰ ছবিসমূহে চলিত বৰ্ষত অধিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। অৱশ্যে চিনেমা এখনৰ উপাৰ্জনেই চিনেমাখনৰ সফলতা নিৰ্ধাৰণ কৰে এনে নহয়, দৰ্শকৰ সেই চিনেমাখনৰ সম্পৰ্কে ধাৰণা তথা মতামতো বহু পৰিমাণে চিনেমা এখনৰ সফলতা নিৰ্ভৰ কৰে। IMDb ৰ ৱেবছাইটত এখন চলচ্চিত্ৰৰ ওপৰত দিয়া দৰ্শকৰ ৰেটিঙে এই সাফল্য স্পষ্টকৈ দেখুৱাই দিয়ে। এই ৱেবছাইটত দৰ্শকে তেওঁলোকৰ পছন্দ আৰু অপছন্দ অনুসৰি হলত মুক্তিপ্ৰাপ্ত ছবিৰ লগতে অ'টিটি প্লেটফৰ্মত মুক্তি লাভ কৰা চলচ্চিত্ৰবোৰক ৰেটিং প্ৰদান কৰে।

চলিত বৰ্ষত মুক্তিপ্ৰাপ্ত চিনেমাসমূহৰ ভিতৰত IMDb ৰেটিঙত শীৰ্ষ দহখন চিনেমাৰ ভিতৰত আধিপত্য দখল কৰিছে দাক্ষিণাত্যৰ চিনেমাই। IMDb ৰেটিঙৰ প্ৰথম দহটা স্থানৰ অধিকাংশই দাক্ষিণাত্যৰ চিনেমা। এই তালিকাত প্ৰথম স্থানত আছে সদ্য মুক্তিপ্ৰাপ্ত বলীউডৰ চিনেমা ‘ৰকেট্ৰী: দ্য নাম্বি এফেক্ট’। এতিয়ালৈকে মুক্তি পোৱা কেইখনমান চিনেমা বিশেষভাৱে চৰ্চিত হৈ পৰিছিল। এনে কেইখনমান চিনেমাৰ ভিতৰত অন্যতম আছিল ‘দ্য কাশ্মীৰ ফাইলছ’।

যোৱা ১১ মাৰ্চত দেশত মুক্তিলাভ কৰিছিল বলীউডৰ চিনেমা ‘দ্য কাশ্মীৰ ফাইলছ্”-এ। ৯০ ৰ দশকত কাশ্মীৰত নিৰ্যাতনৰ সন্মুখীন হোৱা কাশ্মীৰি পণ্ডিতসকলৰ আধাৰত নিৰ্মিত এই ছবিখনে সমগ্ৰ দেশতে এক ঢৌৰ সৃষ্টি কৰিছিল। এই ঢৌত হাত উজান দিছিল চৰকাৰৰ লগতে বিজেপি দলকে ধৰি হিন্দুত্ববাদী দল-সংগঠনসমূহ। খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিনেমাখনৰ প্ৰচাৰত নামি পৰি অন্য এক গতি প্ৰদান কৰিছিল। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ লগতে বিজেপি শাসিত ৰাজ্য চৰকাৰসমূহেও চিনেমাখনৰ প্ৰচাৰত কোনো হেলা কৰা নাছিল। আনকি বিজেপি শাসিত কেইবাখনো ৰাজ্যত চিনেমাখনক কৰমুক্তও ঘোষণা কৰিছিল। এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰ তথা অসম বিজেপিও ব্যতিক্ৰম নাছিল।

বিবেক অগ্নিহোত্ৰী পৰিচালিত আৰু ব্যক্তিগত প্ৰযোজনা গোষ্ঠীৰ দ্বাৰা প্ৰযোজিত ‘দ্য কাশ্মীৰ ফাইলছ্’- এ চৰকাৰী পৃষ্ঠপোষকতা লাভ কৰাৰ পিছত স্বাভাৱিকতেই কম দিনৰ ভিতৰতে উপাৰ্জন কৰিছিল ৩০০ কোটিৰো অধিক টকা। কাশ্মীৰি পণ্ডিতসকলৰ কৰুণ ইতিহাস চাবলৈ দেশৰ জনসাধাৰণক উদ্বুদ্ধ কৰি তুলিছিল কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা বিজেপিৰ নেতা-পালি নেতালৈকে। আনকি চিনেমাখন চাই উঠি দুখতে কান্দোনতো ভাগি পৰিছিল বিজেপিৰ কেইবাগৰাকীও নেতা-নেত্ৰী।

কিন্তু আমোদজনক ভাৱে ২০২২ চনত এতিয়ালৈকে মুক্তি পোৱা শীৰ্ষ-১০ খন ভাৰতীয় চলচ্চিত্ৰৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম নহ’ল 'দ্য কাশ্মীৰ ফাইলছ'। এনে পৰিস্থিতিত স্বাভাৱিকতেই প্ৰশ্ন উঠিছে, প্ৰত্যক্ষভাৱে চৰকাৰী সমৰ্থন লাভ কৰাৰ পিছতো দ্য কাশ্মীৰ ফাইলছে কিয় দৰ্শকৰ পচন্দৰ ছবি হিচাপে খ্যাতি লাভ কৰিব নোৱাৰিলে। প্ৰচাৰৰ ধামখুমীয়াত চিনেমাখনে বক্স অফিচত ঠিকেই উপাৰ্জন কৰিছিল, তৎসত্বেও চিনেমাখনক লৈ দৰ্শক সুখী নোহোৱাৰ কাৰণ কি ?

দৰাচলতে চিনেমাখনৰ মুক্তিৰ পাছতে বিজেপি চৰকাৰ তথা হিন্দুত্ববাদী গোটসমূহে যিধৰণে প্ৰচাৰত উবুৰি খাই নামি পৰিছিল, তাৰ দ্বাৰা স্পষ্ট হৈ পৰিছিল চিনেমাখনৰ সৈতে জড়িত ৰাজনৈতিক স্বাৰ্থ। পূৰ্বে কেইবাখনো কলাত্মক তথা খ্যাতিসম্পন্ন চলচ্চিত্ৰ নিৰ্মাণৰ সময়তো চিনেমাৰ প্ৰতি কোনো আকৰ্ষণ নথকা চৰকাৰ তথা হিন্দুত্ববাদী গোটসমূহৰ হঠাতে সৃষ্টি হোৱা চিনেমা ৰসিক চৰিত্ৰই সকলোকে হতবাক কৰি তুলিছিল।

কিন্তু পিছত যেতিয়া এই চিনেমাখনৰ আধাৰত হিন্দুত্ববাদী মহলৰ সাম্প্ৰদায়িক ঘৃণাৰ মুকলি প্ৰকাশ সমুখলৈ আহে, তেতিয়াই উন্মোচন হয় বিজেপি তথা হিন্দুত্ববাদী মহলৰ ‘দ্য কাশ্মীৰ ফাইলছ’ৰ সৈতে জড়িত ৰাজনৈতিক স্বাৰ্থৰ উদ্দেশ্য। তদুপৰি চিনেমাখনক লৈ যিদৰে কাশ্মীৰি পণ্ডিতৰ ত্ৰাণকৰ্তা হিচাপে বিজেপিয়ে নিজকে প্ৰক্ষেপ কৰিব বিচাৰিছিল, তাৰ তুলনাত কাশ্মীৰত বাস্তৱত বিজেপি শাসনকালতে কাশ্মীৰি পণ্ডিতসকলে সন্মুখীন হোৱা সমস্যাইও বিজেপিৰ প্ৰকৃত উদ্দেশ্য ফাদিল কৰিছিল।

সমসাময়িভাৱে কাশ্মীৰত বাস কৰা কেইবাগৰাকীও লোকে চিনেমাখনক সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাত উদগনি যোগোৱা বুলিও অভিযোগ কৰিছিল। চিনেমাখনৰ জৰিয়তে বৰ্তমান মিলাপ্ৰীতিৰে থকা হিন্দু-মুছলমান লোকসকলৰ মাজত এক বিদ্বেষমূলক পৰিস্থিতি সৃষ্টিৰ সম্ভাৱনা আছে বুলি তেওঁলোকে দাবী কৰিছিল।

আনহাতে প্ৰথমাৱস্থাত চিনেমাখনৰ পৰিচালকৰ পৰা অভিনেতা-অভিনেত্ৰী সকলো কাশ্মীৰি পণ্ডিতৰ দুখৰ সমভাগী হৈ খুবেই আশাপ্ৰদ বক্তব্য কৰিছিল। কিন্তু সন্ত্ৰাসবাদীৰ দ্বাৰা কাশ্মীৰত হত্যাৰ বলি হোৱা কাশ্মীৰি পণ্ডিতৰ মৃত্যুৰ সময়ত এইসকল কলা-কুশলী হৈ পৰে মৌন। মানুহৰ আবেগৰ সৈতে খেলা কৰি এটা স্পৰ্শকাতৰ বিষয়ক যে এইসকল কলা-কুশলীয়ে কোটি কোটি টকা উপাৰ্জনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিছিল সেইয়া স্পষ্ট হৈ পৰিছিল। গতিকে এনেবোৰ কাৰণতে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ প্ৰতি গৰিষ্ঠসংখ্যক দৰ্শকৰ অসন্তুষ্টি বৃদ্ধি পাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু