--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুনকৈ প্ৰেমত পৰিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী সুস্মিতা সেন। বয়ফ্ৰেণ্ড ললিত মোদী ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী ব্যৱসায়ী। তেওঁ আই পি এলৰ প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন অধ্যক্ষ। সুস্মিতাই এই ধনী ব্যৱসায়ীৰ সৈতে বিভিন্ন দেশ ভ্ৰমণ কৰি আছে, ওচৰৰ সময় পাৰ কৰিছে।

ইণ্টাৰনেটত ভাইৰেল হৈছে সুস্মিতা আৰু ললিতৰ কেইবাখনো অন্তৰংগ ছবি। তেওঁলোকে নিজেই এই সম্পৰ্ক স্বীকাৰ কৰিছে। শীঘ্ৰেই বিয়া হ’ব বুলি ইংগিত দিলে ললিতে।

ইফালে সুস্মিতাৰ নতুন প্ৰেমক সমালোচনা প্ৰশংসিত লেখিকা তছলিমা নাছৰীণৰ । তেওঁলোকৰ সম্পৰ্কক সহজভাৱে ল’ব নোৱাৰি স্বাভাৱিকভাৱে সমালোচনা কৰে লেখিকাগৰাকীয়ে। তেওঁৰ ধাৰণা যে হয়তো সুস্মিতাই টকাৰ কাৰনে বিক্ৰী হৈছে

সুস্মিতাৰ প্ৰেমৰ বিষয়ে তথা কলকাতা বিমানবন্দৰত লগ হোৱাৰ কথা সুৱৰি তছলিমাই টুইটাৰত লিখিছে, ‘সুস্মিতা সেনক মই মাত্ৰ এবাৰহে লগ পাইছিলোঁ। কলকাতা বিমানবন্দৰত লগ হৈছিলো আমি। তেওঁ মোক সাৱটি ধৰি ক’লে, মই তোমাক ভাল পাওঁ। তেওঁৰ সৌন্দৰ্য্যৰ পৰা মই  মোৰ মোহৰ চকু  আঁতৰাই আনিব নোৱাৰিলোঁ।'

অভিনেত্ৰীগৰাকীৰ প্ৰতি থকা মৰম প্ৰকাশ কৰি তছলিমাই কয়, ‘সুস্মিতা সেনৰ ব্যক্তিত্ব মোৰ আটাইতকৈ ভাল লাগিল। বিশেষকৈ কম বয়সতে দুগৰাকী কন্যাৰ মাকৰ দায়িত্ব লৈছিল।' তেওঁৰ সততা, সাহস, সজাগতা, আত্মনিৰ্ভৰশীলতা, আৰু লগতে তেওঁৰ দৃঢ়তা, সৰলতা খিনি ভাল লাগিছিল বুলি প্ৰকাশ কৰে প্ৰশংসিত লেখিকাগৰাকীয়ে।

কিন্তু ব্যৱসায়ী ললিতৰ প্ৰেমৰ সন্দৰ্ভত  তেওঁ মন্তব্য কৰিছিল যে ‘সুস্মিতাই এতিয়া বিভিন্ন অপৰাধত জড়িত এজন অতি অনাকৰ্ষণীয় মানুহৰ লগত সময় পাৰ কৰিছে। কাৰণ মানুহজন বৰ ধনী ।গতিকে তেওঁক টকাত বিক্ৰী হ'ল ।হয়তো তেওঁ সেই বিশেষ ব্যক্তিজনৰ  লগত প্ৰেমত পৰিছে। কিন্তু প্ৰেমত পৰিছে বুলি সম্পুৰ্ণৰূপে বিশ্বাস কৰিব নিবিচাৰে লেখিকাগৰাকীয়ে। টকাৰ প্ৰেমত পৰা মানুহে সোনকালে মোৰ সন্মান হেৰুৱাই পেলায় বুলিও উল্লেখ কৰিছে তছলিমা নাছৰিনে

মন কৰিবলগীয়া যে কেইমাহমান আগতে সুস্মিতা ৰহমান শোল নামৰ এজন যুৱকৰ লগত প্ৰেমত পৰিছিল। যি সুস্মিতাতকৈ ১৫ বছৰ সৰু। তেওঁলোকৰ এংগেজমেণ্ট আৰু বিবাহৰ উৰাবাতৰিও চৰ্চা হৈছিল। কিন্তু যোৱা বছৰৰ ডিচেম্বৰ মাহত দুয়োৰে সম্পৰ্ক শেষ হৈছিল

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ