--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নতুনকৈ প্ৰেমত পৰিছে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী সুস্মিতা সেন। বয়ফ্ৰেণ্ড ললিত মোদী ভাৰতৰ আটাইতকৈ প্ৰভাৱশালী ব্যৱসায়ী। তেওঁ আই পি এলৰ প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন অধ্যক্ষ। সুস্মিতাই এই ধনী ব্যৱসায়ীৰ সৈতে বিভিন্ন দেশ ভ্ৰমণ কৰি আছে, ওচৰৰ সময় পাৰ কৰিছে।

ইণ্টাৰনেটত ভাইৰেল হৈছে সুস্মিতা আৰু ললিতৰ কেইবাখনো অন্তৰংগ ছবি। তেওঁলোকে নিজেই এই সম্পৰ্ক স্বীকাৰ কৰিছে। শীঘ্ৰেই বিয়া হ’ব বুলি ইংগিত দিলে ললিতে।

ইফালে সুস্মিতাৰ নতুন প্ৰেমক সমালোচনা প্ৰশংসিত লেখিকা তছলিমা নাছৰীণৰ । তেওঁলোকৰ সম্পৰ্কক সহজভাৱে ল’ব নোৱাৰি স্বাভাৱিকভাৱে সমালোচনা কৰে লেখিকাগৰাকীয়ে। তেওঁৰ ধাৰণা যে হয়তো সুস্মিতাই টকাৰ কাৰনে বিক্ৰী হৈছে

সুস্মিতাৰ প্ৰেমৰ বিষয়ে তথা কলকাতা বিমানবন্দৰত লগ হোৱাৰ কথা সুৱৰি তছলিমাই টুইটাৰত লিখিছে, ‘সুস্মিতা সেনক মই মাত্ৰ এবাৰহে লগ পাইছিলোঁ। কলকাতা বিমানবন্দৰত লগ হৈছিলো আমি। তেওঁ মোক সাৱটি ধৰি ক’লে, মই তোমাক ভাল পাওঁ। তেওঁৰ সৌন্দৰ্য্যৰ পৰা মই  মোৰ মোহৰ চকু  আঁতৰাই আনিব নোৱাৰিলোঁ।'

অভিনেত্ৰীগৰাকীৰ প্ৰতি থকা মৰম প্ৰকাশ কৰি তছলিমাই কয়, ‘সুস্মিতা সেনৰ ব্যক্তিত্ব মোৰ আটাইতকৈ ভাল লাগিল। বিশেষকৈ কম বয়সতে দুগৰাকী কন্যাৰ মাকৰ দায়িত্ব লৈছিল।' তেওঁৰ সততা, সাহস, সজাগতা, আত্মনিৰ্ভৰশীলতা, আৰু লগতে তেওঁৰ দৃঢ়তা, সৰলতা খিনি ভাল লাগিছিল বুলি প্ৰকাশ কৰে প্ৰশংসিত লেখিকাগৰাকীয়ে।

কিন্তু ব্যৱসায়ী ললিতৰ প্ৰেমৰ সন্দৰ্ভত  তেওঁ মন্তব্য কৰিছিল যে ‘সুস্মিতাই এতিয়া বিভিন্ন অপৰাধত জড়িত এজন অতি অনাকৰ্ষণীয় মানুহৰ লগত সময় পাৰ কৰিছে। কাৰণ মানুহজন বৰ ধনী ।গতিকে তেওঁক টকাত বিক্ৰী হ'ল ।হয়তো তেওঁ সেই বিশেষ ব্যক্তিজনৰ  লগত প্ৰেমত পৰিছে। কিন্তু প্ৰেমত পৰিছে বুলি সম্পুৰ্ণৰূপে বিশ্বাস কৰিব নিবিচাৰে লেখিকাগৰাকীয়ে। টকাৰ প্ৰেমত পৰা মানুহে সোনকালে মোৰ সন্মান হেৰুৱাই পেলায় বুলিও উল্লেখ কৰিছে তছলিমা নাছৰিনে

মন কৰিবলগীয়া যে কেইমাহমান আগতে সুস্মিতা ৰহমান শোল নামৰ এজন যুৱকৰ লগত প্ৰেমত পৰিছিল। যি সুস্মিতাতকৈ ১৫ বছৰ সৰু। তেওঁলোকৰ এংগেজমেণ্ট আৰু বিবাহৰ উৰাবাতৰিও চৰ্চা হৈছিল। কিন্তু যোৱা বছৰৰ ডিচেম্বৰ মাহত দুয়োৰে সম্পৰ্ক শেষ হৈছিল

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু