--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আঙুৰত প্ৰচুৰ পৰিমাণে পানী, শৰ্কৰা, ছ’ডিয়াম, পটেচিয়াম, চাইট্ৰিক এচিড, ফ্ল’ৰাইড, মেগনেচিয়াম, ভিটামিন B6, লৌহ আদি থাকে, যিবোৰ শৰীৰৰ বাবে অত্যাৱশ্যকীয়।

ডিজিটেল ডেস্ক: আঙুৰ এবিধ বৰ সোৱাদযুক্ত ফল। এই পুষ্টিকৰ ফলবিধ ভিটামিন C, K, A, পটাছিয়াম, আৰু এণ্টিঅক্সিডেণ্টেৰে (যেনে ৰেচভেৰাট্ৰল) সমৃদ্ধ। আঙুৰৰ সোৱাদ টেঙা-মিঠা। আঙুৰ খাই বেয়া পোৱা মানুহ নাই বুলিবই পাৰি। আঙুৰক ‘মাতৃ-দুগ্ধ’ৰ সমান বুলি গণ্য কৰা হয়৷ ইয়াৰ বৈজ্ঞানিক নাম ভিটিছ ভিনিফেৰা (Vitis vinifera)৷ 


আঙুৰত প্ৰচুৰ পৰিমাণে পানী, শৰ্কৰা, ছ’ডিয়াম, পটেচিয়াম, চাইট্ৰিক এচিড, ফ্ল’ৰাইড, মেগনেচিয়াম, ভিটামিন B6, লৌহ আদি থাকে, যিবোৰ শৰীৰৰ বাবে অত্যাৱশ্যকীয়। 


আঙুৰৰ নানা উপকাৰিতাৰ বিষয়ে জানো আহক


১) ইয়াত থকা ভিটামিন-এ- য়ে ভোক বঢ়োৱাত সহায় কৰে৷ আঙুৰে পাচনশক্তি ঠিকমতে ৰাখে৷ 


২) আঙুৰত থকা উপাদানবোৰে কেঞ্চাৰ, চকুৰ বিভিন্ন সমস্যা, কৰ্ডিঅ’ভাছকুলাৰ আদি নিৰাময়ত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ 


৩) ডায়েবেটিছ ৰোগীৰ কাৰণে আঙুৰ খোৱাটো প্ৰয়োজনীয়৷ নিয়মিতভাৱে আঙুৰ খালে তেজ বৃদ্ধি আৰু পৰিষ্কাৰ হয়৷ 


৪) আঙুৰৰ ৰসে চকুৰ গুৰিত পৰা ক’লা দাগ নিৰ্মূলত সহায় কৰে৷


৫) ই হৃদযন্ত্ৰ সুৰক্ষিত কৰে। আঙুৰত থকা এণ্টিঅক্সিডেণ্টে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু হৃদৰোগৰ সম্ভাৱনা কমায়।


৬) ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। ভিটামিন C-ৰ বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।


৭) চকুৰ স্বাস্থ্য উন্নত কৰে। আঙুৰত থকা কেৰোটিনইড আৰু এণ্টিঅক্সিডেণ্টে চকু সুস্থ ৰাখে। 


৮) ছালৰ বাৰ্ধক্য ৰোধ কৰাত সহায় কৰে। ই ছালক UV ৰশ্মিৰ ক্ষতিৰ পৰা ৰক্ষা কৰে


৯) ইয়াত থকা ফাইবাৰ আৰু পানীয়ে কোষ্ঠকাঠিন্য দূৰ কৰি হজম শক্তি ভালে ৰাখে।


১০) আঙুৰ খালে হাঁওফাঁওত জমা হোৱা কফ বাহিৰলৈ উলিয়াই আনে, ফলত কাহৰ পৰা উপশম পোৱা যায়৷ 


গতিকে আহক এনে এবিধ ঔষধিগুণসম্পন্ন সোৱাদযুক্ত ফলক আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি শৰীৰ সুস্থ আৰু নিৰোগী কৰি ৰাখো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ