--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কলেষ্টেৰলত ভোগা ৰোগীসকলৰ বাবে কাচকল যথেষ্ট উপকাৰী। কাচকলত পটেচিয়াম থকাৰ উপৰিও যথেষ্ট পৰিমাণৰ ফাইবাৰ আৰু মেগনেচিয়াম থাকে।

ডিজিটেল ডেস্কঃ প্ৰায়বোৰ অসমীয়া লোকৰ ঘৰৰ বাৰীত সহজে পোৱা এবিধ কল হৈছে কাচকল বা পুৰাকল। কাচকলৰ পিতিকা, কাচকলৰ বৰ, কাচকলৰ চিপছ, ধনীয়া, তিল দি বনোৱা কাচকলৰ বাকলিৰ চাটনি, কাচকল ফ্ৰাই, কাচকলৰ আঞ্জা , কাচকলৰ কোফটা কাৰী , কাচকলৰ চপ ইত্যাদি বিবিধ ব্যঞ্জন আমাৰ বহুতৰে প্ৰিয়। কাচকল (Raw Banana) হৈছে আঁহ, পটাছিয়াম, ভিটামিন B6 আৰু C সমৃদ্ধ এক পুষ্টিকৰ থলুৱা পাচলি।


কাচকলৰ অনেক উপকাৰিতা আছে। জানি লওঁ আহক।


১) কাচকল মানুহৰ হাৰ্টৰ বাবে যথেষ্ট উপকাৰী। হাৰ্টত মাংসপেশী জমা হ’লে হাৰ্টবিট হোৱাত অসুবিধাৰ সৃষ্টি হয়। কাচকলত যথেষ্ট পৰিমাণে হাই পটেছিয়াম পোৱা যায়। কাচকল খালে মানুহৰ হাৰ্টত থকা মাংসপেশী নিয়ন্ত্ৰণত সহায় হয়।


২) কলেষ্টেৰলত ভোগা ৰোগীসকলৰ বাবে কাচকল যথেষ্ট উপকাৰী। কাচকলত পটেচিয়াম থকাৰ উপৰিও যথেষ্ট পৰিমাণৰ ফাইবাৰ আৰু মেগনেচিয়াম থাকে। ফাইবাৰ আৰু মেগনেচিয়ামে কলেষ্টেৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে।


৩) মধুমেহ অৰ্থাৎ ডাইবেটিছ ৰোগীসকলৰ বাবে কাচকল অতি উত্তম। কাচকলত থকা কাৰ্বহাইড্ৰেটে মানুহৰ শৰীৰত মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।


৪) পেটৰ অসুখৰ বাবে কাচকল উপকাৰী। মানুহৰ পেটত ডায়েৰীয়াৰ সমস্যা হ’লে কাচকলত থকা ফাইবাৰ কম্পাউণ্ডে ডায়েৰীয়াৰ পৰা উপশম পোৱাত সহায় কৰে।


৫) গেষ্ট্ৰিক আলচাৰৰ ৰোগীসকলৰ বাবেও কাচকল উপকাৰী।


৬) ওজন বৃদ্ধি আজিকালি প্ৰায়বোৰ লোকৰে এটা গুৰুত্বপূৰ্ণ সমস্যা। মানুহৰ দেহৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো কাচকলে সহায় কৰে।


৭) কাচকলত থকা ভিটামিন চিয়ে/ C এ মানুহৰ ছাল আৰু চুলি ভালে ৰখাত সহায় কৰে।


৮) কাচকলত পোৱা ভিটামিন বি ৬ৰ উচ্চ মাত্ৰাই প্ৰাক-ডায়েবেটিছ আৰু ডায়েবেটিছ ৰোগীৰ তেজৰ গ্লুক’জ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।


৯) কাচকল সেৱন কৰিলে বৃক্কৰ সমস্যা, যেনে বৃক্কৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।


১০) এই কলে কলনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে। কার্বোহাইড্রেট থকা বাবে শৰীৰক শক্তি প্রদান কৰে।


১১) ই হজম শক্তি উন্নত কৰাত সহায় কৰে। 


১২) কাচকল আয়ৰনৰ এক ভাল উৎস, যিয়ে হিমোগ্লোবিন তৈয়াৰ কৰি ৰক্তহীনতা দূৰ কৰাত সহায় কৰে।


১৩) কাচকলত থকা ভিটামিন B6 আৰু C ৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। 


গতিকে আপোনাৰ খাদ্য তালিকাত কাচকলক যোগ দিয়ক আৰু সুস্বাস্থ্য গঢ়ি তোলক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ