--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মধুৰী ভিটামিন, খনিজ পদাৰ্থ, ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ ফল। সেয়েহে এই ফল দৈনিক খালে শৰীৰৰ বহু দিশত উপকাৰ হয়। মধুৰীত কমলাতকৈও বেছি ভিটামিন C পোৱা যায়।

ডিজিটেল ডেস্ক: মধুৰী এবিধ পুষ্টিকৰ সুমিষ্ট ফল। মধুৰীৰ ফলৰ লগতে পাতবোৰ উপকাৰিতাৰে সমৃদ্ধ। মধুৰীক ইংৰাজীত ‘Guava’ বুলি কোৱা হয়। মধুৰীত অধিক ভিটামিন C, পটাছিয়াম আদি থাকে। এই মধুৰীৰ আছে বহু উপকাৰিতা। কিন্তু আপুনি বাৰু জানেনে কি কি উপকাৰিতা আছে এই মধুৰীত। 


বহুলোকৰ বাৰীত সাধাৰণতে মধুৰী গছ দেখা যায়। কিন্তু অধিকাংশ লোক হয়তো মধুৰীৰ গুণাগুণৰ বিষয়ে জ্ঞাত নহয়।


মধুৰীৰ স্বাস্থ্যকৰ গুণাগুণৰ কথা জানিলে হয়তো আপুনিও আচৰিত হৈ পৰিব। মধুৰী ভিটামিন, খনিজ পদাৰ্থ, ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ ফল। সেয়েহে এই ফল দৈনিক খালে শৰীৰৰ বহু দিশত উপকাৰ হয়। মধুৰীত কমলাতকৈও বেছি ভিটামিন C পোৱা যায়। এই ফলবিধৰ নানা উপকাৰিতাৰ বিষয়ে জানো আহক।


মধুৰীৰ নানা উপকাৰী গুণ


১. মধুৰীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, হজম শক্তি উন্নত, ডায়েবেটিছ নিয়ন্ত্ৰণ, হৃদযন্ত্ৰ সবল কৰা আৰু ওজন কমোৱাত সহায় কৰে। ইয়াৰ পাতো পেটৰ বিষ, দাঁতৰ বিষ, চৰ্দি আৰু ছালৰ সমস্যাৰ বাবে অত্যন্ত উপকাৰী। 


২. মধুৰীৰ ব্যৱহাৰে চকুৰ ৰশ্মি বৃদ্ধি কৰাত সহায় কৰে


৩. মধুৰীৰ জৰিয়তে ওজন বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি কাৰণ ইয়াত কম কেলৰি আৰু অধিক আঁহ থাকে।


৪. বদহজমৰ লগতে পেটৰ বিভিন্ন সমস্যাৰ বাবে মধুৰীৰ পাত অতিকৈ উপকাৰী।


৫. দাঁতৰ ক্ষেত্ৰতো মধুৰীৰ লাভালাভ দেখা যায়। মধুৰীৰ পাত চোবালে দাঁতৰ বিষ নিয়ন্ত্ৰণ কৰাত সহায় হয়।


৬. মধুৰীক Ascorbic Acid অৰ্থাৎ Vitamin C ৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বহুতো ভাইৰাছজনিত ৰোগৰ পৰা আপোনাক ৰক্ষা কৰে।


৭. মধুৰীত থকা ভিটামিন A আৰু C ৰ বাবে চকুৰ ৰশ্মি বৃদ্ধি হয় আৰু ছাল উজ্জ্বল হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু