--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৱেব ছিৰিজৰ প্ৰতি আসক্তি হৈ এজন কিশোৰে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা৷ 'প্লেটিনাম এণ্ড' নামৰ জনপ্ৰিয় জাপানী ৱেব-চিৰিজৰ প্ৰতি আসক্তি এজন ১২ বছৰীয়া কিশোৰে উত্তৰ কলকাতাৰ এটা এপাৰ্টমেণ্টৰ ১১ মহলাৰ পৰা জঁপিয়াই মৃত্যুমুখত পৰে বুলি সোমবাৰে আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই শোকাৱহ ঘটনাটো শনিবাৰে সংঘটিত হৈছিল আৰু প্ৰাৰম্ভিক অনুসন্ধানৰ পাছত, আৰক্ষীয়ে জানিব পাৰে যে কিশোৰজন ৱেব-ছিৰিজ 'প্লেটিনাম এণ্ড'ত দেখুওৱাৰ দৰে এজনী 'এঞ্জেল'-এ তেওঁক ৰক্ষা কৰাৰ আশাৰে জঁপিয়াই দিছিল। জাপানীছ অনুষ্ঠান 'প্লেটিনাম এণ্ড' এটা কাল্পনিক কাহিনীৰ ওপৰত আধাৰিত৷ ইয়াত কিশোৰ-নায়কজনে এটা অট্টালিকাৰ চালৰ পৰা জঁপিয়াই পৰাৰ পাছতে এজন দেৱদূতে ৰক্ষা কৰিছিল যাৰ পাছত নায়কজনে যাদুকৰী শক্তি বিকশিত কৰিছিল, আৰক্ষীয়ে জানিবলৈ দিয়ে। লগতে কয়, 'প্ৰাথমিক অনুসন্ধানৰ পাছত নিশ্চিত যে কিশোৰজন এই ধাৰাবাহিকখনৰ প্ৰতি আসক্ত আছিল আৰু ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই মাৰাত্মক পদক্ষেপ লৈছিল৷' আৰক্ষীয়ে জনোৱা অনুসৰি, শনিবাৰে সৰস্বতী পূজাৰ দিনা পাৰ্ক চাৰ্কাছৰ ফুলবাগান অঞ্চলৰ কেনেল চাৰ্কুলাৰ ৰোডৰ এটা উচ্চ মানৰ হাউচিং কমপ্লেক্সত এই ঘটনা সংঘটিত হয়। পৰিয়ালৰ আন সদস্যসকলে পূজাত ব্যস্ত থকাৰ সময়ত বিৰাজ পাচিচিয়া নামৰ ১২ বছৰীয়া কিশোৰজনে ছাদলৈ গৈ জঁপিয়াই দিছিল আৰু পুলটোৰ কাষৰ কংক্ৰিটৰ মজিয়াত পৰিছিলগৈ৷ শব্দটো শুনি হাউচিং কমপ্লেক্সৰ লোকসকলে এখন প্ৰিমিয়াৰ স্কুলৰ পাৰ্কত তেজেৰে তুমুৰলি হৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে। ঘটনাৰ পাছতে তেওঁক ততাতৈয়াকৈ ওচৰৰে নাৰ্চিং হোমলৈ লৈ যোৱা হয় যদিও কিশোৰটিক মৃত ঘোষণা কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক