--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৱেব ছিৰিজৰ প্ৰতি আসক্তি হৈ এজন কিশোৰে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা৷ 'প্লেটিনাম এণ্ড' নামৰ জনপ্ৰিয় জাপানী ৱেব-চিৰিজৰ প্ৰতি আসক্তি এজন ১২ বছৰীয়া কিশোৰে উত্তৰ কলকাতাৰ এটা এপাৰ্টমেণ্টৰ ১১ মহলাৰ পৰা জঁপিয়াই মৃত্যুমুখত পৰে বুলি সোমবাৰে আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই শোকাৱহ ঘটনাটো শনিবাৰে সংঘটিত হৈছিল আৰু প্ৰাৰম্ভিক অনুসন্ধানৰ পাছত, আৰক্ষীয়ে জানিব পাৰে যে কিশোৰজন ৱেব-ছিৰিজ 'প্লেটিনাম এণ্ড'ত দেখুওৱাৰ দৰে এজনী 'এঞ্জেল'-এ তেওঁক ৰক্ষা কৰাৰ আশাৰে জঁপিয়াই দিছিল। জাপানীছ অনুষ্ঠান 'প্লেটিনাম এণ্ড' এটা কাল্পনিক কাহিনীৰ ওপৰত আধাৰিত৷ ইয়াত কিশোৰ-নায়কজনে এটা অট্টালিকাৰ চালৰ পৰা জঁপিয়াই পৰাৰ পাছতে এজন দেৱদূতে ৰক্ষা কৰিছিল যাৰ পাছত নায়কজনে যাদুকৰী শক্তি বিকশিত কৰিছিল, আৰক্ষীয়ে জানিবলৈ দিয়ে। লগতে কয়, 'প্ৰাথমিক অনুসন্ধানৰ পাছত নিশ্চিত যে কিশোৰজন এই ধাৰাবাহিকখনৰ প্ৰতি আসক্ত আছিল আৰু ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ এই মাৰাত্মক পদক্ষেপ লৈছিল৷' আৰক্ষীয়ে জনোৱা অনুসৰি, শনিবাৰে সৰস্বতী পূজাৰ দিনা পাৰ্ক চাৰ্কাছৰ ফুলবাগান অঞ্চলৰ কেনেল চাৰ্কুলাৰ ৰোডৰ এটা উচ্চ মানৰ হাউচিং কমপ্লেক্সত এই ঘটনা সংঘটিত হয়। পৰিয়ালৰ আন সদস্যসকলে পূজাত ব্যস্ত থকাৰ সময়ত বিৰাজ পাচিচিয়া নামৰ ১২ বছৰীয়া কিশোৰজনে ছাদলৈ গৈ জঁপিয়াই দিছিল আৰু পুলটোৰ কাষৰ কংক্ৰিটৰ মজিয়াত পৰিছিলগৈ৷ শব্দটো শুনি হাউচিং কমপ্লেক্সৰ লোকসকলে এখন প্ৰিমিয়াৰ স্কুলৰ পাৰ্কত তেজেৰে তুমুৰলি হৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে। ঘটনাৰ পাছতে তেওঁক ততাতৈয়াকৈ ওচৰৰে নাৰ্চিং হোমলৈ লৈ যোৱা হয় যদিও কিশোৰটিক মৃত ঘোষণা কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম