--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাৰিবাৰিক সংঘাতৰ কৰুণ পৰিণতি৷ পাৰিবাৰিক সমস্যাৰ বাবে আত্মহত্যাৰ দৰে পথ বাচি ল'লে এগৰাকী প্ৰযুক্তিবিদে ৷ হায়দৰাবাদৰ সনাথ নগৰত সংঘটিত হয় এই ঘটনা৷ শইক জামিল নামৰ এগৰাকী প্ৰযুক্তিবিদে ঘৰতে আত্মহত্যা কৰা ঘটনাই সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ 
সনাথ নগৰৰ আল্লাপুৰৰ বাসিন্দা জামিলে ২০২০ চনৰ অক্টোবৰত অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ নুজভিদৰ চোহাইলা খানুৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াৰ কেইদিনমানৰ পাছতেই দম্পতীহালৰ মাজত আৰম্ভ হৈছিল মতভেদৰ। ইপিনে ছয়মাহ পূৰ্বৰে পৰাই চোহাইলাই জামিলক এৰি পিতৃ-মাতৃৰ সৈতে থাকিবলৈ আৰম্ভ কৰিছিল। শেহতীয়াকৈ জামিল আৰু তেওঁৰ পিতৃ-মাতৃৰ বিৰুদ্ধে স্থানীয় আৰক্ষী চকীত এটা অভিযোগ দাখিল কৰিছিল, যাৰ ফলত জামিলৰ পৰিয়ালক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু কাৰাগাৰত বন্দী কৰা হৈছিল। কেইদিনমান আগতে তেওঁলোক জামিনত ওলাই আহিছিল।
তেতিয়াৰে পৰাই জামিল যথেষ্ট হতাশাত ভুগিছিল বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে৷ ঘটনাটোক কেন্দ্ৰ কৰি পৰিয়ালটোৱে সহিবলগীয়া হৈছিল বহু মানসিক নিৰ্যাতনো৷ শনিবাৰে নিশা পৰিয়ালৰ সকলো সদস্য ঘৰৰ প্ৰথম মহলাত কামত ব্যস্ত আছিল৷ ব্যস্ততাৰ সুযোগ লৈ জামিল তলৰ মহলালৈ নামি আহিছিল বুলি জানিবলৈ পোৱা গৈছে৷ পাছত তেওঁৰ পৰিয়ালৰ সদস্যসকলে তেওঁক ওলমি থকা দেখিছিল। পৰিয়ালৰ অভিযোগ অনুসৰি জামিলে তেওঁৰ পত্নীৰ দ্বাৰা নিৰ্যাতনৰ বাবে চৰম পদক্ষেপ গ্ৰহণ কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক