--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৮৩ চনত বলিউডত প্ৰৱেশ। ইয়াৰ পিছত সতীশ কৌশিকে চাৰি দশক বলীউডত কাম কৰিছিল। বৃহস্পতিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতাজনে। হৃদৰোগৰ ফলত তেওঁৰ মৃত্যু হয়। পৰিচালক-অভিনেতাগৰাকীৰ অকাল মৃত্যুত মৰ্মাহত হৈ পৰিছে উদ্যোগটোৰ তাৰকাসকল।

মঙলবাৰে বলীউডৰ জনপ্ৰিয় গীতিকাৰ জাভেদ আখতাৰৰ ঘৰত অনুষ্ঠিত হোৱা হোলী অনুষ্ঠানত অংশগ্ৰহণ কৰে সতীশে। বৃহস্পতিবাৰে তেওঁ দিল্লীত আছিল। সেইদিনা ৰাতিপুৱাই তেওঁৰ অৱস্থাৰ অৱনতি ঘটাত সতীশে তেওঁৰ গাড়ীৰ চালকজনক চিকিৎসালয়লৈ নিয়াৰ নিৰ্দেশ দিয়ে। গাড়ীৰে চিকিৎসালয়লৈ যোৱাৰ পথত হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৬ বছৰ।

১৯৫৬ চনৰ ১৩ এপ্ৰিলত হাৰিয়ানাৰ মহেন্দ্ৰগড়ত জন্মগ্ৰহণ কৰিছিল সতীশে। হাৰিয়ানাতে স্কুলীয়া শিক্ষা সমাপ্ত কৰি দিল্লীলৈ গুচি যায়। ১৯৭২ চনত দিল্লীৰ কিৰোৰী মাল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

সতীশ সদায় অভিনয়ৰ প্ৰতি আগ্ৰহী আছিল। সেয়ে পঢ়া-শুনাৰ লগতে থিয়েটাৰতো যোগদান কৰাৰ কথা ভাবি আছিল। নতুন দিল্লীৰ নেচনেল স্কুল অৱ ড্ৰামা কলেজত অভিনয়ৰ শিক্ষা গ্ৰহণৰ বাবে ভৰ্তি হয়। অনুপম খেৰৰ লগত সতীশে তাত অভিনয় শিকিছিল।

নাট্যশিল্পী হিচাপে সতীশ জনপ্ৰিয় আছিল। ‘চেলছমেন ৰামলাল’ নাটকত অভিনয় কৰি তেওঁ প্ৰশংসা লাভ কৰে। আনকি, সতীশৰ চিনেমা জগতত প্ৰৱেশ ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰাই।

এক পুৰণি সাক্ষাৎকাৰত সতীশে প্ৰকাশ কৰে যে বলীউডৰ অভিনেতা অনিল কাপুৰে পৃথ্বী থিয়েটাৰত তেওঁৰ নাটক চাবলৈ গৈছিল। সতীশৰ অভিনয়ত অনিল আপ্লুত হৈছিল। ইয়াৰ পিছতে অভিনেতাজনে তেওঁৰ ভাতৃ বনীক সতীশৰ বিষয়ে অৱগত কৰে।

‘অ’ সাত দিন’ নামৰ এখন ৰোমান্টিক নাটকীয় ছবি নিৰ্মাণত ব্যস্ত আছিল সুৰিন্দৰ কাপুৰ আৰু বনী কাপুৰ। অনিলে বনীক অনুৰোধ কৰিছিল যে সতীশক এই ছবিখনত অভিনয় কৰাৰ সুযোগ দিয়ক।

১৯৮৩ চনত মুক্তি পোৱা ‘অ’ সাত দিন’ ছবিখনত সতীশে ফুল বিক্ৰেতাৰ চৰিত্ৰত অভিনয় কৰিছিল। ব’নীয়ে প্ৰথমে অভিনয়ৰ বাবে পাৰিশ্ৰমিক হিচাপে ২০১ টকা দিব বিচাৰিছিল।

কিন্তু অনিলে বনীৰ লগত সতীশৰ দৰমহা বৃদ্ধিৰ কথা পাতিলে। ইয়াৰ পিছত অনিলৰ কথাত সতীশৰ পাৰিতোষিক ২০১ টকাৰ পৰা ৫০০ টকালৈ বৃদ্ধি কৰা হ’ল।

‘অ’ সাত দিন’ ছবিখনত অনিল কাপুৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। সতীশে এটা সাক্ষাৎকাৰত অনিলৰ সৈতে থকা বন্ধুত্বৰ কথা মুকলিকৈ কৈছিল। সতীশে ক'লে, "অনিলৰ লগত মোৰ সম্পৰ্ক বহু বছৰ পুৰণি। এবাৰ তেওঁৰ লগত এখন ছবিৰ শ্বুটিং কৰি আছিলো। কিন্তু পিন্ধিবলৈ মোৰ কাপোৰ নাছিল। কিছু সময়ৰ পাছত দেখিলো অনিলে মোৰ বাবে ক’ৰবাৰ পৰা চাৰ্ট এটা আনিছে। সেই চাৰ্টটো পিন্ধিছিল ঋষি কাপুৰে ‘ফুল খিলে হায় গুলশান গুলশান’ ছবিখনত। সেই কথা জানি মই বৰ সুখী হৈছিলো।’’

‘অ’ সাত দিন’ ছবিখনত অভিনয় কৰাৰ পাছত শেখৰ কাপুৰৰ পৰিচালনাত নিৰ্মিত ‘মাছুম’ ছবিতো অভিনয় কৰা দেখা গৈছিল সতীশে। সেই ছবিখনৰ সহ-পৰিচালকৰ দায়িত্বও তেওঁ আছিল। 

হিন্দী ছবিত অভিনয় কৰাৰ উপৰিও সতীশে পৰিচালনাৰ ক্ষেত্ৰতো হাত চেষ্টা কৰিছিল। 'মিষ্টাৰ ইণ্ডিয়া'ত কেলেণ্ডাৰৰ চৰিত্ৰতেই হওক বা 'দীৱানা মস্তানা' ছবিতেই হওক - সতীশে অভিনয়ৰ জৰিয়তে দৰ্শকৰ প্ৰশংসা লাভ কৰিছিল।

‘ৰাম লক্ষ্মণ’ আৰু ‘সাজন চলি সসুৰাল’ ছবিত কমেডিয়ান হিচাপে অভিনয় কৰিও সতীশে বঁটা লাভ কৰে। ২০০৭ চনত মুক্তি পোৱা ‘ব্ৰিক লেন’ নামৰ এখন ইংৰাজী ছবিতো অভিনয় কৰা দেখা গৈছিল।

১৯৯৩ চনত ৰূপ কী ৰাণী চোৰো কা ৰাজা ছবিৰ জৰিয়তে সতীশে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। এই ছবিখনত অভিনয় কৰিছিল শ্ৰীদেৱী আৰু অনিল কাপুৰে।

১৯৯৫ চনত সতীশৰ পৰিচালনাত ‘প্ৰেম’ নামৰ এখন ৰোমান্টিক ধাৰাবাহিক ছবি মুক্তি লাভ কৰে। ছবিখনত অভিনয় কৰিছিল সঞ্জয় কাপুৰ আৰু টাবুৱে। কিন্তু এই ছবিখন বক্স অফিচত সফল নহ’ল।

‘প্ৰেম’ ছবি মুক্তিৰ চাৰি বছৰৰ পাছত বক্স অফিচত হিট দাঙি ধৰিলে সতীশে। অনিল কাপুৰ আৰু কাজোলক সতীশে বাছনি কৰিছিল 'হম আপকে দিল মেইন ৰাহতে হায়’ৰ বাবে। এই ছবিখনতো অনিলৰ বাবে পৰিচালকে কাম পাইছিল।

'হম আপকে দিল মেই ৰাহতে হায়’ প্ৰযোজনা কৰিছিল ডি ৰমনাইডুয়ে। ছবিখনৰ পৰিচালকৰ বাবে অনিলৰ প্ৰথম পছন্দ আছিল সতীশ। কিন্তু ৰমনাইডু পতিয়ন যোৱা নাছিল। পিছত অনিলৰ প্ৰস্তাৱত সন্মতি দিয়াৰ পিছত সতীশক পৰিচালনাৰ দায়িত্ব দিয়া হ’ল।

নব্বৈৰ দশকৰ কেইবাখনো ছবিৰ উপৰিও সতীশক ‘ভাৰত’, ‘বাঘী ৩’, ‘খালী পিলি’, ‘দিছুম’ আদি ছবিত অভিনয় কৰা দেখা গৈছিল। ‘থৰ’ ৱেব ছিৰিজতো অভিনয় কৰিছিল।

কংগনা ৰানাৱতৰ পৰিচালনা আৰু প্ৰযোজনা ‘ইমাৰ্জেন্সি’ চিনেমাখন চলিত বৰ্ষত ছবিগৃহত মুক্তি পাবলৈ গৈ আছে। এই ছবিখনত সতীশে অভিনয় কৰা বুলিও জনা যায়।

বলীউডৰ অভিনেত্ৰী নীনা গুপ্তাৰ সৈতে সতীশৰ ভাল বন্ধুত্ব আছিল। কলেজীয়া দিনৰ পৰাই দুয়ো চিনি পাইছিল। গুজৱ আছে যে সতীশে গৰ্ভৱতী অৱস্থাত নীনাক বিয়া কৰাব বিচাৰিছিল। সেই সময়ত ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ ভিভিয়ান ৰিচাৰ্ডছৰ স’তে সম্পৰ্কৰ ফলস্বৰূপে বিবাহ বহিৰ্ভূতভাৱে গৰ্ভৱতী হৈছিল নীনা গুপ্তা।

২০২১ চনত নীনাৰ আত্মজীৱনী ‘সচ কাহুন তো’ত অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল যে সতীশে মাছাবাৰ জন্মৰ আগতেই নীনাৰ লগত বিয়া হ’ব বিচাৰিছিল। সতীশে ক'লে, "চিন্তা নকৰিবা, যদি শিশুৰ ছালৰ ৰং ক'লা হয়, তেন্তে তুমি মোৰ সন্তান বুলি কোৱা। আমি বিয়া পাতিম, কোনেও সন্দেহ নকৰিব।''

১৯৮৫ চনত সতীশে শশী কৌশিকক বিয়া কৰায়। ১৯৯৬ চনত শশীৰ প্ৰথম পুত্ৰ সন্তান জন্ম হয়। কিন্তু জন্মৰ দুবছৰৰ পাছত তেওঁলোকৰ পুত্ৰৰ মৃত্যু হয়। ২০১২ চনত চেৰ’গেচিৰ জৰিয়তে শশীয়ে এটি কন্যা সন্তান জন্ম দিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
যদি আপুনি বৃদ্ধ বয়সলৈকে সুস্থ আৰু ফিট হৈ থাকিব বিচাৰে তেন্তে এই কাম কৰক
এইবাৰ নিষিদ্ধ গো-মাংস উদ্ধাৰ কামৰূপৰ মদন কামদেৱ দেৱালয়ৰ সমীপত
অম্বুবাচীত কি কি কাম কৰিব নালাগে?
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত