--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সংবাদ মাধ্যমৰ ওপৰত কেন্দ্ৰৰ বিজেপি চৰকাৰে অবাঞ্চিত হস্তক্ষেপ কৰা বুলি প্ৰায়েই অভিযোগ উত্থাপন হয়। সংবাদ মাধ্যম এতিয়া চৰকাৰৰ হাতৰ পুতলা বুলিও অভিযোগ কৰা হয়। এতিয়া বহুতেই মূলসুঁতিৰ সংবাদ মাধ্যমৰ সলনি ছ’চিয়েল মিডিয়াৰ ওপৰত অধিক নিৰ্ভৰশীল হ’বলৈ লৈছে। কিন্তু ছ’চিয়েল মিডিয়াও জানো হস্তক্ষেপহীন হৈ আছে? চৰকাৰে শেহতীয়াকৈ ছ’চিয়েল মিডিয়া একাউণ্টসমূহৰ ওপৰতো তীক্ষ্ণ নজৰ ৰাখি আহিছে। মোদী চৰকাৰৰ আমোলত বহু লোক ছ’চিয়েল মিডিয়াত দিয়া পোষ্টৰ কাৰণেই গ্ৰেপ্তাৰ হ’বলগীয়া হৈছে। সাধাৰণ লোকৰ পৰা সাংবাদিকলৈকে বিভিন্নজনৰ ওপৰত জাপি দিয়া হৈছে কঠোৰ ইউএপিএৰ দৰে গোচৰ।

কেৱল এয়াই নহয়, মোদী চৰকাৰৰ আমোলত বহু ছ’চিয়েল মিডিয়া একাউণ্ট বন্ধ কৰি দিয়া বুলি শেহতীয়াকৈ তথ্য প্ৰকাশ পাইছে। খোদ কেন্দ্ৰীয় চৰকাৰে এই তথ্য প্ৰকাশ কৰিছে ৰাজ্যসভাত। তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে এটা প্ৰশ্নৰ লিখিত উত্তৰ দি সদনত জনায় যে, ২০২০চনত চৰকাৰে ৯,৮৪৯টা ছ’চিয়েল মিডিয়া একাউণ্ট বন্ধ কৰি দিছে। ২০১৪ চনত কেৱল ৪৭১টা ছ’চিয়েল মিডিয়া একাউণ্ট বন্ধ কৰা হৈছিল যদিও ২০২০ চনত কেন্দ্ৰীয় চৰকাৰে ২০০০শতাংশ অধিক ছ’চিয়েল মিডিয়া একাউণ্টত তলা ওলোমাইছে। তথ্য-প্ৰযুক্তি আইনৰ নিয়মৰ আধাৰত দায়িত্ববাহী ন’ডেল বিষয়াৰ পৰামৰ্শৰ আধাৰত এই একাউণ্টসমূহ বন্ধ কৰা দিয়াৰ কথা সদৰি কৰে চন্দ্ৰশেখৰে। ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ ‘ৰিস্ক আৰু বিপদ’ৰ কথা বুলি উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰ এইদিশত অতি সতৰ্ক বুলিও তেওঁ সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে দিয়া তথ্য অনুসৰি ২০১৪ চনত ৪৭১টা ছ’চিয়েল মিডিয়া একাউণ্ট বন্ধ কৰি দিয়াৰ বিপৰীতে ২০১৭ চনত ১,৩৮৫টা, ২০১৮ চনত ২,৭৯৯টা আৰু ২০১৯ চনত ৩,৬৩৫টা ছ’চিয়েল মিডিয়া একাউণ্ট বন্ধ কৰি দিছিল চৰকাৰে। আনহাতে ২০২০চনত এই সংখ্যা তাৎক্ষণিকভাৱে বৃদ্ধি পায় আৰু চৰকাৰে ৯,৮৪৯টা একাউণ্ট বন্ধ কৰি দিয়ে। এই তথ্যই ভালেমান উদ্বেগজনক দিশৰ প্ৰতি আঙুলি টোঁৱায়।


মন কৰিবলগীয়া যে, ২০২০চনত দেশত কেইবাটাও ভয়ংকৰ আন্দোলনে গা কৰি উঠিছিল। ‘কা’বিৰোধী আন্দোলন, দেশজোৰা কৃষক আন্দোলন ইয়াৰ ভিতৰত অন্যতম। এই সময়ছোৱাত ছ’চিয়েই মিডিয়াৰ ভূমিকা নিয়ন্ত্ৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছিল। বহু একাউণ্ট বন্ধ কৰি দিয়া হৈছিল সেই সময়তে। কেৱল ব্যক্তি বিশেষ নহয়, ‘কাৰাৱান’ আলোচনী, ‘কিষাণ একতা মৰ্চা’ৰ দৰে সংগঠনৰ ছ’চিয়েল মিডিয়া একাউণ্টো বন্ধ কৰি দিয়া হৈছিল। কেইবাগৰাকীও সমাজকৰ্মী, ৰাজনীতিকৰ ছ’চিয়েল মিডিয়া একাউণ্টো লক্ষ্য কৰি লোৱা হৈছিল। এই পদক্ষেপে এটা কথা স্পষ্ট কৰি দিয়ে যে কেন্দ্ৰীয় চৰকাৰে এই পদক্ষেপ পৰিকল্পিতভাৱে গ্ৰহণ কৰিছে। পৰম্পৰাগত সংবাদ মাধ্যমৰ পাছত ছ’চিয়েল মিডিয়াকো নিজৰ নজৰত, নিজৰ হাতৰ মুঠিত ৰাখিব খোজা চৰকাৰৰ এই কাৰ্য গণতান্ত্ৰিক দেশ এখনৰ কাৰণে শুভ লক্ষণ নিশ্চয় নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এই ৩ টা বস্তু হৃদযন্ত্ৰৰ বাবে বৰ উপকাৰী! বহু সমস্যাও আঁতৰত থাকে
লামডিঙত ১৬ লাখ টকাৰ ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক আটক
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ