--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দীঘলীয়া আন্দোলনৰ সমাপ্তিৰে ঘৰমুৱা যাত্ৰা প্ৰতিবাদী কৃষকৰ৷ বিদ্বেষভাবেৰে নহয়, বিজয়-উল্লাসেৰে এই যাত্ৰা কৃষকৰ৷ এবছৰ ৪মাহৰো অধিক কাল ৰাজপথত প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত সফল উভটনি যাত্ৰা কৃষকসকলৰ৷ ইয়াৰ লগতেই বহুতৰে মনত এক প্ৰশ্ন উদয় হৈছে কেনেকৈ সফল হ’ল কৃষকসকল? এনে সময়তে কেইজনমান বিশেষ ব্যক্তিৰ নামো সৰ্বত্ৰে চৰ্চিত হৈছে৷ তেওঁলোক হৈছে ৰাকেশ টিকাইট, বলবীৰ সিং ৰাজেৱাল, ড০ দৰ্শন পাল, গুৰনাম সিং চাধুনি, হান্নান মোল্লা, জগজিৎ সিং দাল্লেৱাল, যোগিন্দৰ সিং উগ্ৰহন, শিৱকুমাৰ শৰ্মা (কাক্কাজী), যুধবীৰ সিং আৰু যোগেন্দ্ৰ যাদৱ৷ ভাৰত চৰকাৰে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সচিবৰ জৰিয়তে ইউনাইটেড কিষাণ মৰ্চালৈ এখন আনুষ্ঠানিক-পত্ৰ প্ৰেৰণ কৰিছিল৷ প্ৰতিবাদকাৰী কৃষকসকলৰ কেইবাটাও অমীমাংসিত দাবীৰ সৈতে সন্মত হয় চৰকাৰ৷ যাৰ প্ৰতিক্ৰিয়াস্বৰূপে ইউনাইটেড কিষাণ মৰ্চাই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় ঘাইপথ আৰু দিল্লী সীমান্তৰ অন্যান্য স্থানত চলি থকা বিভিন্ন মৰ্চা আঁতৰ হোৱাৰ কথা ঘোষণা কৰে৷ আৰু এই আন্দোলন উঠাই লয় কৃষকসকলে৷ তাৰপাছত তেওঁলোকৰ মুখত কেৱল বিজয়ৰ উল্লাস ‘যুদ্ধ জিকিছো - যুদ্ধ জিকিছো।’ আৰু কৃষকসকলৰ অধিকাৰ নিশ্চিত কৰিবলৈ, বিশেষকৈ সকলো কৃষকৰ বাবে, এমএছপিৰ আইনী অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সংগ্ৰাম অব্যাহত থাকিব বুলিও সদৰী কৰে এছকেএম সংগঠনটোৱে৷

এছকেএমে লখিমপুৰ খেৰীকে ধৰি আন্দোলন ৰ প্ৰায় ৭১৫ জন শ্বহীদক সংগ্ৰামৰ চমৎকাৰ আৰু ঐতিহাসিক বিজয় উৎসৰ্গা কৰিছে৷ আন্দোলনৰ অভূতপূৰ্ব সংগ্ৰাম আৰু চমৎকাৰ বিজয়ৰ বাবে সকলো প্ৰতিবাদকাৰী কৃষক আৰু নাগৰিক আৰু তেওঁলোকৰ সমৰ্থকসকলক এছকেএমে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

কৃষকসকলৰ বিজয়ৰ চাবিকাঠিৰ মূলমন্ত্ৰ হৈছে একতা, শান্তি আৰু ধৈৰ্য্য৷ যিকোনো পৰিস্থিতিত কৃষক আন্দোলন শেষ হ’বলৈ দিয়া নহ’ব এই মূলমন্ত্ৰৰে কৃষকসকলে শপতগ্ৰহণ কৰিছিল৷ এছকেএমে সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰতিশ্ৰুতি নিশ্চিত কৰাৰ বাবে এক সামূহিক সিদ্ধান্ত লৈছিল। যাৰ পৰিপ্ৰেক্ষিতত আজি সফল হয় কৃষক আন্দোলন৷

শেহতীয়াকৈ তামিলনাডুৰ কুন্নুৰত হোৱা সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত হোৱা সেনাপ্রধান বিপিন ৰাৱট আৰু তেওঁৰ সহকৰ্মীসকলৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে, এছকেএমে আজি কৃষকৰ বিজয় সন্দৰ্ভত সকলো উদযাপন স্থগিত ৰখাৰ সিদ্ধান্ত লয় - উদযাপন ৰেলী এতিয়া পৰৱৰ্তী দিনত ১১ ডিচেম্বৰ অনুষ্ঠিত হ’ব বুলিও উল্লেখ কৰে৷

ভাৰত চৰকাৰে প্ৰতিবাদকাৰী কৃষকসকলৰ প্ৰতি কৰা প্ৰতিশ্ৰুতি পূৰণ কৰা আৰু ভৱিষ্যতৰ পদক্ষেপৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰা নিশ্চিত কৰিবলৈ, এছকেএমৰ পৰৱৰ্তী বৈঠক ১৫ জানুৱাৰীত দিল্লীত অনুষ্ঠিত হ’ব বুলিও অবিহিত কৰে।

দীঘলীয়া আন্দোলনৰ সময়ত ধৈৰ্য্য আৰু সমৰ্থনৰ বাবে এছকেএম-এ সন্মুখৰ স্থানসমূহৰ স্থানীয় বাসিন্দাসকলক ধন্যবাদ জ্ঞাপন কৰিছে৷ তেওঁলোকৰ অসুবিধাৰ বাবে ক্ষমা বিচাৰিছে৷ এছকেএম আন্দোলনটোৱে শ্ৰমিক সংগঠন, মহিলা সংগঠন আৰু যুৱ/ছাত্ৰ সংগঠন, সমাজকৰ্মী, আইনী সহায় আৰু সংহতি বৃদ্ধি কৰা উকীল, চিকিৎসা শিবিৰ স্থাপন কৰা আৰু তেওঁলোকৰ অক্লান্ত সেৱা আগবঢ়োৱা চিকিৎসকসকলক সমৰ্থন প্ৰদান কৰিব বিচাৰে৷ বিভিন্ন ধৰ্মীয় সংস্থা যিয়ে প্ৰতিবাদকাৰীসকলক চৰ্তহীনভাৱে আৰু নিৰৱচ্ছিন্নভাৱে আহাৰ প্ৰদান কৰিছিল৷ সমৰ্থনত থিয় দিয়া মানৱ অধিকাৰ সংগঠনকে ধৰি বিভিন্ন প্ৰগতিশীল সংগঠন, নিৰন্তৰ আন্দোলনৰ সৈতে থকা বহুতো শিল্পী, এছকেএম, ঘাইপথ ধাবাৰ মালিক আৰু কৃষক আন্দোলনক তেওঁলোকৰ সাংগঠনিক সভা অনুষ্ঠিত কৰিবলৈ স্থান দিয়া লোকসকলৰ আহ্বানৰ প্ৰতি ধাৰাবাহিকভাৱে সঁহাৰি দিয়া বহুতো সংগঠন, অনাবাসী ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় কৃষক সংগঠন আৰু আন যিসকলে তেওঁলোকৰ নিজ নিজ স্থানত সংহতিৰ পদক্ষেপ লৈছিল, তেওঁলোকৰ সেৱা আগবঢ়াই অংশগ্ৰহণ কৰা শ শ স্বেচ্ছাসেৱক আৰু অন্যান্য শুভাকাংক্ষীসকলকো ধন্যবাদ জনাইছিল৷ তেওঁলোকৰ মূলমন্ত্ৰ এটাই আছিল একতা, শান্তি আৰু ধৈৰ্য্য৷ যাৰ পৰিপ্ৰেক্ষিতত আজি সফল হয় প্ৰতিবাদী কৃষক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ আহিব মোহন ভাগৱত
অম্বুবাচী মহাযোগ পৰিচালনা সমিতিৰ নতুন নিৰ্দেশনা
বহি:ৰাজ্যত উদ্ধাৰ আমগুৰি যুৱকৰ মৃতদেহ
অম্বুবাচী মহাযোগ উপলক্ষে গুৱাহাটী আৰক্ষীৰ বিশেষ নিৰ্দেশনা
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?