--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ দ্বাৰা পৰিচালিত পিৰিয়াডিক লেবাৰ ফৰ্চ চাৰ্ভে প্ৰকাশ পাইছে৷ ২০২৩-২৪ চনৰ পিৰিয়ডিক লেবাৰ ফৰ্চ চাৰ্ভে(PLFS) অনুসৰি, ভাৰতত ১৫-২৯ বছৰৰ ভিতৰত যুৱ নিবনুৱাৰ হাৰ প্ৰায় ১০.২%। এই হাৰ নগৰ আৰু গ্ৰাম্য অঞ্চলসমূহত ভিন ভিন হোৱা পৰিলক্ষিত হৈছে। তথ্য অনুসৰি নগৰাঞ্চলৰ মহিলা নিবনুৱাৰ হাৰ ২০.১% হোৱাৰ পৰিৱৰ্তে নগৰাঞ্চলৰ পুৰুষ নিবনুৱাৰ হাৰ ১২.৮%। আনহাতে, গ্ৰাম্য অঞ্চলত পুৰুষ নিবনুৱাৰ হাৰ ৮.৭% আৰু মহিলা নিবনুৱাৰ হাৰ ৮.২% পৰিলক্ষিত হৈছে। 

উল্লেখযোগ্য যে চাৰ্ভে অনুসৰি ১৫ বছৰ আৰু তাৰ ওপৰৰ লোকৰ নিবনুৱাৰ হাৰ ২০২৩-২৪ চনত ৩.২% অপৰিৱৰ্তিত হৈ থকা পৰিলক্ষিত হৈছে৷মহিলাসকলৰ নিবনুৱাৰ হাৰ পূৰ্বৰ বছৰৰ ২.৯%ৰ তুলনাত ৩.২%লৈ বৃদ্ধি পাইছে।কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপত মহিলাৰ নিবনুৱা হাৰ ৭৯.৭% আৰু পুৰুষ নিবনুৱাৰ হাৰ ২৬.২% ৰে সৰ্বোচ্চ নিবনুৱাৰ হাৰ দেখিবলৈ পোৱা গৈছে। ইয়াৰ পিছতে আন এখন কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, নিবনুৱাৰ হাৰ ৩৩.৬% য’ত মহিলাৰ নিবনুৱাৰ হাৰ ৪৯.৫% আৰু পুৰুষৰ নিবনুৱা হাৰ ২৪% দেখিবলৈ পোৱা গৈছে। 

আন কিছু ৰাজ্য, যেনে বিহাৰ-১০.৩%, হাৰিয়ানা-৯.৮%,  জম্মু আৰু কাশ্মীৰ-৮.৯%, অৰুণাচলপ্ৰদেশ-৮.৫%,ত্ৰিপুৰা-৮.১ আদি ৰাজ্যতো সৰ্বোচ্চ নিবনুৱাৰ হাৰ দেখিবলৈ পোৱা গৈছে। ইয়াৰ পৰিৱৰ্তে মধ্য প্ৰদেশ-২.৬%, গুজৰাট-২.৮%, মেঘালয়-৩.৫%, কৰ্ণাটক-৩.৮%,মহাৰাষ্ট্ৰ-৪.০% আদি ৰাজ্যত সৰ্বনিম্ন নিবনুৱাৰ হাৰ দেখিবলৈ পোৱা গৈছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু