--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ দ্বাৰা পৰিচালিত পিৰিয়াডিক লেবাৰ ফৰ্চ চাৰ্ভে প্ৰকাশ পাইছে৷ ২০২৩-২৪ চনৰ পিৰিয়ডিক লেবাৰ ফৰ্চ চাৰ্ভে(PLFS) অনুসৰি, ভাৰতত ১৫-২৯ বছৰৰ ভিতৰত যুৱ নিবনুৱাৰ হাৰ প্ৰায় ১০.২%। এই হাৰ নগৰ আৰু গ্ৰাম্য অঞ্চলসমূহত ভিন ভিন হোৱা পৰিলক্ষিত হৈছে। তথ্য অনুসৰি নগৰাঞ্চলৰ মহিলা নিবনুৱাৰ হাৰ ২০.১% হোৱাৰ পৰিৱৰ্তে নগৰাঞ্চলৰ পুৰুষ নিবনুৱাৰ হাৰ ১২.৮%। আনহাতে, গ্ৰাম্য অঞ্চলত পুৰুষ নিবনুৱাৰ হাৰ ৮.৭% আৰু মহিলা নিবনুৱাৰ হাৰ ৮.২% পৰিলক্ষিত হৈছে। 

উল্লেখযোগ্য যে চাৰ্ভে অনুসৰি ১৫ বছৰ আৰু তাৰ ওপৰৰ লোকৰ নিবনুৱাৰ হাৰ ২০২৩-২৪ চনত ৩.২% অপৰিৱৰ্তিত হৈ থকা পৰিলক্ষিত হৈছে৷মহিলাসকলৰ নিবনুৱাৰ হাৰ পূৰ্বৰ বছৰৰ ২.৯%ৰ তুলনাত ৩.২%লৈ বৃদ্ধি পাইছে।কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপত মহিলাৰ নিবনুৱা হাৰ ৭৯.৭% আৰু পুৰুষ নিবনুৱাৰ হাৰ ২৬.২% ৰে সৰ্বোচ্চ নিবনুৱাৰ হাৰ দেখিবলৈ পোৱা গৈছে। ইয়াৰ পিছতে আন এখন কেন্দ্ৰীয় শাসিত অঞ্চল আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, নিবনুৱাৰ হাৰ ৩৩.৬% য’ত মহিলাৰ নিবনুৱাৰ হাৰ ৪৯.৫% আৰু পুৰুষৰ নিবনুৱা হাৰ ২৪% দেখিবলৈ পোৱা গৈছে। 

আন কিছু ৰাজ্য, যেনে বিহাৰ-১০.৩%, হাৰিয়ানা-৯.৮%,  জম্মু আৰু কাশ্মীৰ-৮.৯%, অৰুণাচলপ্ৰদেশ-৮.৫%,ত্ৰিপুৰা-৮.১ আদি ৰাজ্যতো সৰ্বোচ্চ নিবনুৱাৰ হাৰ দেখিবলৈ পোৱা গৈছে। ইয়াৰ পৰিৱৰ্তে মধ্য প্ৰদেশ-২.৬%, গুজৰাট-২.৮%, মেঘালয়-৩.৫%, কৰ্ণাটক-৩.৮%,মহাৰাষ্ট্ৰ-৪.০% আদি ৰাজ্যত সৰ্বনিম্ন নিবনুৱাৰ হাৰ দেখিবলৈ পোৱা গৈছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু