--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ এবাৰ ফুটবলৰ উন্মাদনাই জোকাৰিবলৈ সাজু সমগ্ৰ বিশ্বক। তাৰকা-মহাতাৰকাৰ নিপুণ ক্ৰীড়াশৈলীৰ ছন্দৰ তালে-তালে ৰোমাঞ্চিত হৈ পৰিব বিশ্বৰ অসংখ্য ক্ৰীড়াপ্ৰেমীৰ মন। চলিত বৰ্ষৰ শেষৰফালে এমাহযোৰা সূচীৰে এই উন্মাদনা সৃষ্টিৰ বাবে সাজু হৈ উঠিছে কাটাৰ। নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ফিফা বিশ্বকাপলৈ মহা উৎকণ্ঠাৰে বাট চাই থকা ক্ৰীড়াপ্ৰেমীৰ উৎকণ্ঠাৰ মাজতে শেহতীয়াকৈ ফিফাই ঘোষণা কৰিছে কাটাৰ বিশ্বকাপৰ নতুন সময়সূচী। এই নতুন সময়সূচী অনুসৰি পূৰ্ব নিৰ্ধাৰিত সময়সূচীতকৈ এদিন আগুৱাব কাটাৰ বিশ্বকাপ। এতিয়া পূৰ্বে নিৰ্ধাৰিত ২১ নৱেম্বৰৰ পৰিৱৰ্তে ২০ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব ফিফা কাটাৰ বিশ্বকাপ।

বৃহস্পতিবাৰে ‘ব্যুৰো অৱ দ্য ফিফা কাউঞ্চিল’- এ এক সৰ্বসন্মত সিদ্ধান্তমৰ্মে এই ঘোষণা কৰিছে। ফিফা বিশ্বকাপৰ পৰাম্পৰা অনুসৰি আয়োজক ৰাষ্ট্ৰখনে পূৰ্বৰ প্ৰতিখন বিশ্বকাপত উদ্বোধনী মেচত অৱতীৰ্ণ হৈ আহিছে। এই পৰম্পৰা অব্যাহত ৰাখিবলৈকে ফিফাই পূৰ্বৰ সময়সূচীৰ সাল-সলনি কৰিছে বুলি এক বৃবিতিত প্ৰকাশ কৰিছে। 

বিবিতিটোত ফিফাই কয় “আজি ব্যুৰো অৱ দ্য ফিফা কাউঞ্চিল’ৰ দ্বাৰা লোৱা সৰ্বসন্মত সিদ্ধান্তৰ পিছত আল বায়েট ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ফিফা বিশ্বকাপৰ উদ্বোধনী অনুষ্ঠান আৰু খেলৰ সময়সূচী এদিন আগবঢ়োৱা হৈছে। সময়সূচীৰ এই নতুন পৰিৱৰ্তনৰ ফলত প্ৰথমখন খেলত আয়োজক দেশ বা ডিফেণ্ডিং চেম্পিয়ন দেশখন অৱতীৰ্ণ হোৱাৰ বিশ্বকাপৰ দীৰ্ঘদিনীয়া পৰম্পৰাৰ ধাৰাবাহিকতা নিশ্চিত হয় বুলি ফিফাই লগতে কয়।

নতুন সময়সূচী অনুসৰি এতিয়া বিশ্বকাপৰ উদ্বোধনী মেচখনত আয়োজক কাটাৰ আৰু ইকুৱেডৰে প্ৰতিদ্বন্দিতা আগবঢ়াব।  কাটাৰ বিশ্বকাপৰ বাবে ইতিমধ্যে টিকট বুক কৰা প্ৰতিজন ব্যক্তিকে ইমেইলযোগে পুনৰ নিৰ্ধাৰণ কৰা সময়সূচী প্ৰেৰণ কৰা হ’ব বুলি ফিফাই জানিবলৈ দিছে। সময়সূচীৰ পৰিৱৰ্তন হ’লেও দৰ্শক সকলৰ টিকট বৈধ থাকিব বুলিও ফিফাই ঘোষণা কৰিছে।

২০ নৱেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ প্ৰায় এমাহ ধৰি চলিবলগীয়া কাটাৰ বিশ্বকাপত পূৰ্বৰ দৰেই ৩২ খন অংশগ্ৰহণ কৰিব। উল্লেখ্য যে আৰৱ বিশ্বত এইবাৰেই প্ৰথম বাৰৰ বাবে বিশ্বকাপ অনুষ্ঠিত হ’ব। তদুপৰি ২০০২ চনত দক্ষিণ কোৰিয়া আৰু জাপানত অনুষ্ঠিত হোৱা বিশ্বকাপৰ পিছত এছিয়াত দ্বিতীয়বাৰ বিশ্বকাপ অনুষ্ঠিত হ'ব। 

সাধাৰণতে প্ৰতিবছৰে ফিফা বিশ্বকাপ মে, জুন বা জুলাই মাহৰ ভিতৰত অনুষ্ঠিত হয় যদিও কাটাৰত এই সময়ছোৱাত গৰমৰ মাত্ৰা অধিক হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰৰ বিশ্বকাপ নৱেম্বৰ-ডিচেম্বৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয় ফিফাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ