--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাৰ্মিংহামত যোৱা ৮ আগষ্টত সামৰণি পৰিল কমনৱেলথ গেমছৰ। কমনৱেলথত ভাগ লোৱা প্ৰতিখন দেশৰে খেলুৱৈসকল উভতিল স্বদেশলৈ, লগত কঢ়িয়াই নিলে কমলৱেলথৰ সফলতা-বিফলতাৰ স্মৃতি। পিছে শেহতীয়াকৈ প্ৰকাশিত কমনৱেলথ সৈতে সম্পৰ্কিত এটা খবৰে সৃষ্টি কৰিছে চাঞ্চল্যৰ। সোমবাৰে কমনৱেলথৰ সামৰণিৰ পিছতে সকলো খেলুৱৈ নিজ-নিজ দেশলৈ উভতি গ'ল যদিও পাকিস্তানৰ দুগৰাকী খেলুৱৈ উভতা নাই স্বদেশলৈ। বাৰ্মিংহামতে নিখোঁজ হৈছে এই দুজন পাকিস্তানী বক্সাৰ। 

পাকিস্তানৰ ৰাষ্ট্ৰীয় বক্সিং ফেডাৰেচনে শেহতীয়াকৈ এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে। পাকিস্তান বক্সিং ফেডাৰেচনৰ (পিবিএফ) সম্পাদক নাছিৰ টাঙে এক বিবৃতি যোগে বক্সাৰ চুলেমান বালোচ আৰু নাজিৰুল্লাহৰ সন্ধানহীন হোৱাৰ খবৰ নিশ্চিত কৰিছে। 

তেওঁ জানিবলৈ দিয়া মতে পাকিস্তানৰ কমনৱেলথ দলটো ইছলামাবাদলৈ ঘূৰি অহাৰ কেইঘণ্টামান পূৰ্ব নিৰুদ্দেশ হৈছিল। তেওঁলোকৰ পাছপোৰ্টসহ ভ্ৰমণ নথিপত্ৰ এতিয়াও ফেডাৰেচনৰ বিষয়াসকলৰ ওচৰতে আছে বুলি টাঙে লগতে কয়।

ইতিমধ্যে পাকিস্তানৰ কমনৱেলথ অভিযানৰ দল পৰিচালনা সমিতিয়ে ইংলেণ্ডস্থিত পাকিস্তান হাই কমিছন আৰু লণ্ডনৰ সংশ্লিষ্ট কৰ্তৃপক্ষক চুলেমান আৰু নাজিৰুল্লাহৰ নিৰুদ্দেশ হোৱাৰ বিষয়ে অৱগত কৰিছে।

ইফালে পাকিস্তান অলিম্পিক এছ'চিয়েশ্যনে (পিঅ'এ) সন্ধানহীন বক্সাৰ দুগৰাকীৰ বিষয়টো অনুসন্ধান কৰিবলৈ এটা চাৰিজনীয়া সমিতি গঠন কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বাৰ্মিংহামত পাকিস্তানে ভাৰোত্তোলন আৰু জেভলিন থ্ৰ’ত জিকা দুটা স্বৰ্ণসহ মুঠ আঠটা পদক লাভ কৰিছিল। কমনৱেলথ গেমছৰ বক্সিং ইভেণ্টত কোনো পদক অৰ্জনত ব্যৰ্থ হৈছিল দেশখনৰ বক্সাৰসকল।

লক্ষণীয়ভাৱে পাকিস্তানৰ খেলুৱৈ সন্ধানহীন হোৱাৰ ঘটনা এইবাৰেই প্ৰথম নহয়। দুমাহ পূৰ্বে হাংগেৰীত অনুষ্ঠিত ফিনা বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি থকা সময়ত দেশখনৰ সাঁতোৰবিদ ফাইজান আকবৰো নিখোঁজ হৈছিল। বুদাপেষ্টত অৱতৰণৰ কেইঘণ্টামান পিছতে পাছপোৰ্ট আৰু অন্যান্য নথিপত্ৰৰ সৈতে আকবৰ নিৰুদ্দেশ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement