--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাৰ্মিংহামত যোৱা ৮ আগষ্টত সামৰণি পৰিল কমনৱেলথ গেমছৰ। কমনৱেলথত ভাগ লোৱা প্ৰতিখন দেশৰে খেলুৱৈসকল উভতিল স্বদেশলৈ, লগত কঢ়িয়াই নিলে কমলৱেলথৰ সফলতা-বিফলতাৰ স্মৃতি। পিছে শেহতীয়াকৈ প্ৰকাশিত কমনৱেলথ সৈতে সম্পৰ্কিত এটা খবৰে সৃষ্টি কৰিছে চাঞ্চল্যৰ। সোমবাৰে কমনৱেলথৰ সামৰণিৰ পিছতে সকলো খেলুৱৈ নিজ-নিজ দেশলৈ উভতি গ'ল যদিও পাকিস্তানৰ দুগৰাকী খেলুৱৈ উভতা নাই স্বদেশলৈ। বাৰ্মিংহামতে নিখোঁজ হৈছে এই দুজন পাকিস্তানী বক্সাৰ। 

পাকিস্তানৰ ৰাষ্ট্ৰীয় বক্সিং ফেডাৰেচনে শেহতীয়াকৈ এক বিবৃতিত এই কথা প্ৰকাশ কৰিছে। পাকিস্তান বক্সিং ফেডাৰেচনৰ (পিবিএফ) সম্পাদক নাছিৰ টাঙে এক বিবৃতি যোগে বক্সাৰ চুলেমান বালোচ আৰু নাজিৰুল্লাহৰ সন্ধানহীন হোৱাৰ খবৰ নিশ্চিত কৰিছে। 

তেওঁ জানিবলৈ দিয়া মতে পাকিস্তানৰ কমনৱেলথ দলটো ইছলামাবাদলৈ ঘূৰি অহাৰ কেইঘণ্টামান পূৰ্ব নিৰুদ্দেশ হৈছিল। তেওঁলোকৰ পাছপোৰ্টসহ ভ্ৰমণ নথিপত্ৰ এতিয়াও ফেডাৰেচনৰ বিষয়াসকলৰ ওচৰতে আছে বুলি টাঙে লগতে কয়।

ইতিমধ্যে পাকিস্তানৰ কমনৱেলথ অভিযানৰ দল পৰিচালনা সমিতিয়ে ইংলেণ্ডস্থিত পাকিস্তান হাই কমিছন আৰু লণ্ডনৰ সংশ্লিষ্ট কৰ্তৃপক্ষক চুলেমান আৰু নাজিৰুল্লাহৰ নিৰুদ্দেশ হোৱাৰ বিষয়ে অৱগত কৰিছে।

ইফালে পাকিস্তান অলিম্পিক এছ'চিয়েশ্যনে (পিঅ'এ) সন্ধানহীন বক্সাৰ দুগৰাকীৰ বিষয়টো অনুসন্ধান কৰিবলৈ এটা চাৰিজনীয়া সমিতি গঠন কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বাৰ্মিংহামত পাকিস্তানে ভাৰোত্তোলন আৰু জেভলিন থ্ৰ’ত জিকা দুটা স্বৰ্ণসহ মুঠ আঠটা পদক লাভ কৰিছিল। কমনৱেলথ গেমছৰ বক্সিং ইভেণ্টত কোনো পদক অৰ্জনত ব্যৰ্থ হৈছিল দেশখনৰ বক্সাৰসকল।

লক্ষণীয়ভাৱে পাকিস্তানৰ খেলুৱৈ সন্ধানহীন হোৱাৰ ঘটনা এইবাৰেই প্ৰথম নহয়। দুমাহ পূৰ্বে হাংগেৰীত অনুষ্ঠিত ফিনা বিশ্ব চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি থকা সময়ত দেশখনৰ সাঁতোৰবিদ ফাইজান আকবৰো নিখোঁজ হৈছিল। বুদাপেষ্টত অৱতৰণৰ কেইঘণ্টামান পিছতে পাছপোৰ্ট আৰু অন্যান্য নথিপত্ৰৰ সৈতে আকবৰ নিৰুদ্দেশ হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু