--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পাছত আইচিচিয়ে নতুন ৰেংকিং প্ৰকাশ কৰিছে৷ য’ত বহু ভাৰতীয় ৰেংক হৈছে, আনহাতে মহম্মদ ছিৰাজে ৰেংকিঙত নিজৰ স্থান হেৰুৱাইছে। অৱশ্যে ভাৰতীয় তাৰকা অ’পেনাৰ শুভমন গীল শীৰ্ষ স্থানত আছে। আনহাতে অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰাক্তন অধিনায়ক বিৰাট কোহলী শীৰ্ষ ৫ ৰ ভিতৰত আহিছে।

বেটছমেনৰ ভিতৰত শীৰ্ষ ৫ স্থানত আছে শুভমন গীল, বিৰাট কোহলী আৰু ৰোহিত শৰ্মা। আনহাতে, মহম্মদ ছিৰাজ, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ আৰু মহম্মদ ছামিকে ধৰি চাৰিজন ভাৰতীয় বলাৰক শীৰ্ষ দহজন বলাৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। এদিনীয়া ৰেংকিঙৰ প্ৰথম স্থানৰ বলাৰ মহম্মদ ছিৰাজে ৬৯৯ ৰেটিঙেৰে তৃতীয় স্থানত আছে। দক্ষিণ আফ্ৰিকাৰ কেশৱ মহাৰাজে ৭৪১ ৰেটিং লাভ কৰি প্ৰথম স্থানত আছে। ইয়াৰ উপৰিও বুমৰাহ ৬৮৫ ৰেটিংৰে চতুৰ্থ স্থানত, কুলদীপ যাদৱ ৬৬৭ ৰেটিংৰে ষষ্ঠ স্থানত আৰু মহম্মদ ছামী ৬৪৮ ৰেটিঙেৰে দশম স্থানত আছে।

ইয়াৰ বাহিৰেও যদি আমি বেটছমেনৰ কথা কওঁ তেন্তে ভাৰতৰ শুভমন গীল ৮২৬ ৰেটিংৰে প্ৰথম স্থানত, বিৰাট কোহলী ৭৯১ ৰেটিংৰে তৃতীয় স্থানত আৰু অধিনায়ক ৰোহিত শৰ্মা ৭৬৯ ৰেটিংৰে চতুৰ্থ স্থানত আছে। ৮২৪ ৰেটিংৰে দ্বিতীয় স্থানত আছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক বাবৰ আজম। ২০২৩ চনৰ বিশ্বকাপত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা বিৰাট কোহলীয়ে আকৌ এবাৰ এদিনীয়াত এক নম্বৰ ৰেংকিঙৰ দিশে আগবাঢ়িছে। একেৰাহে সৰ্বাধিক ১২৫৮ দিন এদিনীয়া ৰেংকিঙত এক নম্বৰ স্থানত থকা খেলুৱৈগৰাকী হৈছে কোহলী। 

উল্লেখযোগ্য যে বিৰাট কোহলীয়ে এদিনীয়া ফৰ্মেটত ৫০টা শতক অৰ্জন কৰাৰ পৰিসংখ্যা স্পৰ্শ কৰিছে। এই সংখ্যাৰে তেওঁ এদিনীয়া ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে ভাৰতীয় প্ৰাক্তন কিংবদন্তি শচীন তেণ্ডুলকাৰে এই ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ অৰ্জন কৰিছিল। স্মৰ্তব্য যে কোহলীয়ে মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমি-ফাইনেলত পঞ্চাশতম শতক অৰ্জন কৰাৰ কৃতিত্ব অৰ্জন কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক