--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ পাছত আইচিচিয়ে নতুন ৰেংকিং প্ৰকাশ কৰিছে৷ য’ত বহু ভাৰতীয় ৰেংক হৈছে, আনহাতে মহম্মদ ছিৰাজে ৰেংকিঙত নিজৰ স্থান হেৰুৱাইছে। অৱশ্যে ভাৰতীয় তাৰকা অ’পেনাৰ শুভমন গীল শীৰ্ষ স্থানত আছে। আনহাতে অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰাক্তন অধিনায়ক বিৰাট কোহলী শীৰ্ষ ৫ ৰ ভিতৰত আহিছে।

বেটছমেনৰ ভিতৰত শীৰ্ষ ৫ স্থানত আছে শুভমন গীল, বিৰাট কোহলী আৰু ৰোহিত শৰ্মা। আনহাতে, মহম্মদ ছিৰাজ, যশপ্ৰীত বুমৰাহ, কুলদীপ যাদৱ আৰু মহম্মদ ছামিকে ধৰি চাৰিজন ভাৰতীয় বলাৰক শীৰ্ষ দহজন বলাৰৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে। এদিনীয়া ৰেংকিঙৰ প্ৰথম স্থানৰ বলাৰ মহম্মদ ছিৰাজে ৬৯৯ ৰেটিঙেৰে তৃতীয় স্থানত আছে। দক্ষিণ আফ্ৰিকাৰ কেশৱ মহাৰাজে ৭৪১ ৰেটিং লাভ কৰি প্ৰথম স্থানত আছে। ইয়াৰ উপৰিও বুমৰাহ ৬৮৫ ৰেটিংৰে চতুৰ্থ স্থানত, কুলদীপ যাদৱ ৬৬৭ ৰেটিংৰে ষষ্ঠ স্থানত আৰু মহম্মদ ছামী ৬৪৮ ৰেটিঙেৰে দশম স্থানত আছে।

ইয়াৰ বাহিৰেও যদি আমি বেটছমেনৰ কথা কওঁ তেন্তে ভাৰতৰ শুভমন গীল ৮২৬ ৰেটিংৰে প্ৰথম স্থানত, বিৰাট কোহলী ৭৯১ ৰেটিংৰে তৃতীয় স্থানত আৰু অধিনায়ক ৰোহিত শৰ্মা ৭৬৯ ৰেটিংৰে চতুৰ্থ স্থানত আছে। ৮২৪ ৰেটিংৰে দ্বিতীয় স্থানত আছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক বাবৰ আজম। ২০২৩ চনৰ বিশ্বকাপত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা বিৰাট কোহলীয়ে আকৌ এবাৰ এদিনীয়াত এক নম্বৰ ৰেংকিঙৰ দিশে আগবাঢ়িছে। একেৰাহে সৰ্বাধিক ১২৫৮ দিন এদিনীয়া ৰেংকিঙত এক নম্বৰ স্থানত থকা খেলুৱৈগৰাকী হৈছে কোহলী। 

উল্লেখযোগ্য যে বিৰাট কোহলীয়ে এদিনীয়া ফৰ্মেটত ৫০টা শতক অৰ্জন কৰাৰ পৰিসংখ্যা স্পৰ্শ কৰিছে। এই সংখ্যাৰে তেওঁ এদিনীয়া ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে ভাৰতীয় প্ৰাক্তন কিংবদন্তি শচীন তেণ্ডুলকাৰে এই ফৰ্মেটত সৰ্বাধিক শতক অৰ্জন কৰাৰ অভিলেখ অৰ্জন কৰিছিল। স্মৰ্তব্য যে কোহলীয়ে মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমি-ফাইনেলত পঞ্চাশতম শতক অৰ্জন কৰাৰ কৃতিত্ব অৰ্জন কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক