--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেটপ্ৰেমী সকলৰ বাবে দুখবৰ৷ভাৰতৰ এদিনীয়া আৰু টেষ্টৰ অধিনায়ক ৰোহিত শৰ্মাই টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা গুণাগথা চলিছে৷ ২০২২ চনৰ নৱেম্বৰ মাহত ভাৰতে টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলৰ পৰা বাহিৰ হোৱাৰ পাছত ৰোহিতে টি-২০ ফৰ্মেটত এখনো খেল খেলিব পৰা নাই।তাৰ পাছত হাৰ্দিক পাণ্ডিয়াই বেছিভাগেই টি-২০ত ভাৰতীয় দলটোক নেতৃত্ব দি আহিছে।ভাৰতৰ ৩৬ বছৰীয়া অধিনায়কগৰাকীয়ে ১৪৮খন টি-২০ খেলত ৩৮৫৩ ৰাণ সংগ্ৰহ কৰিছে।

নাম প্ৰকাশ নকৰাৰ চৰ্তত পিটিআইক বিচিচিআইৰ এক জ্যেষ্ঠ সূত্ৰই জনাই যে- 'এয়া নতুন কথা নহয়। এদিনীয়া বিশ্বকাপৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে বিগত এবছৰত ৰোহিতে কোনো টি-২০ খেলা নাই। এই সন্দৰ্ভত নিৰ্বাচক অধ্যক্ষ অজিত আগৰকাৰৰ সৈতে তেওঁ বিস্তৃত আলোচনাত মিলিত হয়। তেওঁ নিজেই স্বেচ্ছাই টি-২০আইৰ পৰা আঁতৰি আছে।এয়া সম্পূৰ্ণৰূপে ৰোহিতৰ আহ্বান।' 

ৰোহিতৰ পাছত এতিয়া ভাৰতৰ চাৰিজন অ’পেনাৰ আছে -- শুভমন গিল, যশস্বী জয়ছোৱাল, ঈশান কিষাণ আৰু ঋতুৰাজ গাইকোৱাদ - আৰু এই আটাইকেইজনেই টি-২০ আই পি এলৰ প্ৰমাণিত প্ৰদৰ্শনকাৰী।

উল্লেখ্য যে প্ৰতি বছৰে তিনিটা ফৰ্মেট আৰু আই পি এল খেলা অসম্ভৱ হ’ব আৰু ২০২৩ চনৰ ডিচেম্বৰৰ পৰা ২০২৪ চনৰ মাৰ্চলৈকে ৭খন টেষ্ট খেলিবলগীয়া হোৱাৰ বাবে ভাৰতীয় অধিনায়কগৰাকীৰ গুৰুত্ব বেছিকৈ ৰেডবল ক্ৰিকেটত থাকিব।২০২৫ চনত ভাৰতক আন এখন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি)ৰ ফাইনেললৈ লৈ যোৱাৰ বাস্তৱসন্মত সম্ভাৱনা এতিয়াও আছে আৰু ২০১৯ চনত ভাৰতৰ হৈ অ’পেনিং আৰম্ভ কৰাৰ পাছৰে পৰা পৰম্পৰাগত ফৰ্মেটত তেওঁৰ নিজৰ ফৰ্ম বৰ্তমান অতি উত্তম।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক