--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছৌদি আৰবে এদিনতে ৮১ জন লোকক মৃত্যুদণ্ড দিছে। যিটো পৃথিৱীৰ ইতিহাসতে এক উদাহৰণ। ছৌদি আৰবে এদিনতে সৰ্বাধিক মৃত্যুদণ্ডৰে এতিয়া অভিলেখ গঢ়িছে। মৃত্যুদণ্ডৰ সাব্যস্ত লোকসকল উগ্ৰপন্থী কাৰ্যকলাপকে ধৰি কেইবাটাও জঘন্য কাৰ্যকলাপত জড়িত আছিল। ছৌদি আৰবৰ চৰকাৰী সংবাদ সংস্থাত ৮১ জন লোকৰ মৃত্যুদণ্ডৰ খবৰ পোৱা গৈছে। এক বিবৃতিত কোৱা হৈছে, "তেওঁলোকে বহুতো নিৰীহ লোক, মহিলা আৰু শিশুৰ হত্যাকে ধৰি আন কেইবাটাও অপৰাধৰ বাবে দোষী আছিল। তেওঁলোকৰ বহুতে নিষিদ্ধ আল-কায়েদা গোটৰ ও সদস্য আছিল। লোকসকলৰ ভিতৰত আইএছআইএছ আৰু য়েমেনৰ হাইথি বিদ্ৰোহীও আছিল। ছৌদি প্ৰেছ এজেঞ্চীৰ মতে, "মৃত ৮১ জনৰ ভিতৰত ৭৩ জন ছৌদি আৰবৰ বাসিন্দা। বাকী আঠজনৰ ভিতৰত সাতজন য়েমেনী আৰু এজন চিৰিয়ানৰ।'' ইয়াৰ পূৰ্বে ১৯৮০ চনত ৬৩ জন লোকক মৃত্যুদণ্ড দিয়া হৈছিল। কিন্তু এইবাৰৰ মৃত্যুদণ্ডৰ হাৰ সৰ্বাধিক আছিল। ১৯৭৯ চনত ৬৩ জন লোকক মক্কাৰ গ্ৰেণ্ড মছজিদ দখল কৰাৰ বাবে অভিযুক্ত কৰা হৈছিল। তেওঁলোকক মুণ্ডন কৰা হৈছিল আৰু মৃত্যুদণ্ড দিয়াৰ নিৰ্দেশ দিয়া হৈছিল। ২০১৬ চনৰ পাছত, ছৌদি আৰবে ২০২২ চনত পুনৰ মৃত্যুদণ্ড দিয়া কাৰ্যই এতিয়া পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। আৰব চৰকাৰৰ এই সিদ্ধান্তই এতিয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক শক্তিশালী স্থিতিৰ ইংগিত দিছে। উল্লেখ্য যে, ২০১৬ চনতো ছৌদি আৰবত ৪৭ জন লোকক ফাঁচী দিয়া হৈছিল। তেতিয়াৰ পৰা ইমান সৰহ সংখ্যক মানুহক একেলগে মৃত্যুদণ্ড দিয়াৰ কোনো উদাহৰণ নাই। শেহতীয়াকৈ ভাৰততো গুজৰাটৰ বিশেষ আদালতে ২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰৰ এক অভূতপূৰ্ব ৰায় ঘোষণা কৰিছিল। ৪৯ জন দোষীৰ ভিতৰত ৩৮ জনক মৃত্যুদণ্ড দিয়া হৈছিল আৰু বাকী ১১ জনক আজীৱন কাৰাদণ্ড দিয়া হৈছিল। দেশত প্ৰথমবাৰৰ বাবে, আদালতে একে সময়তে ইমান সংখ্যক লোকৰ মৃত্যুদণ্ড ঘোষণা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক