--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছৌদি আৰবে এদিনতে ৮১ জন লোকক মৃত্যুদণ্ড দিছে। যিটো পৃথিৱীৰ ইতিহাসতে এক উদাহৰণ। ছৌদি আৰবে এদিনতে সৰ্বাধিক মৃত্যুদণ্ডৰে এতিয়া অভিলেখ গঢ়িছে। মৃত্যুদণ্ডৰ সাব্যস্ত লোকসকল উগ্ৰপন্থী কাৰ্যকলাপকে ধৰি কেইবাটাও জঘন্য কাৰ্যকলাপত জড়িত আছিল। ছৌদি আৰবৰ চৰকাৰী সংবাদ সংস্থাত ৮১ জন লোকৰ মৃত্যুদণ্ডৰ খবৰ পোৱা গৈছে। এক বিবৃতিত কোৱা হৈছে, "তেওঁলোকে বহুতো নিৰীহ লোক, মহিলা আৰু শিশুৰ হত্যাকে ধৰি আন কেইবাটাও অপৰাধৰ বাবে দোষী আছিল। তেওঁলোকৰ বহুতে নিষিদ্ধ আল-কায়েদা গোটৰ ও সদস্য আছিল। লোকসকলৰ ভিতৰত আইএছআইএছ আৰু য়েমেনৰ হাইথি বিদ্ৰোহীও আছিল। ছৌদি প্ৰেছ এজেঞ্চীৰ মতে, "মৃত ৮১ জনৰ ভিতৰত ৭৩ জন ছৌদি আৰবৰ বাসিন্দা। বাকী আঠজনৰ ভিতৰত সাতজন য়েমেনী আৰু এজন চিৰিয়ানৰ।'' ইয়াৰ পূৰ্বে ১৯৮০ চনত ৬৩ জন লোকক মৃত্যুদণ্ড দিয়া হৈছিল। কিন্তু এইবাৰৰ মৃত্যুদণ্ডৰ হাৰ সৰ্বাধিক আছিল। ১৯৭৯ চনত ৬৩ জন লোকক মক্কাৰ গ্ৰেণ্ড মছজিদ দখল কৰাৰ বাবে অভিযুক্ত কৰা হৈছিল। তেওঁলোকক মুণ্ডন কৰা হৈছিল আৰু মৃত্যুদণ্ড দিয়াৰ নিৰ্দেশ দিয়া হৈছিল। ২০১৬ চনৰ পাছত, ছৌদি আৰবে ২০২২ চনত পুনৰ মৃত্যুদণ্ড দিয়া কাৰ্যই এতিয়া পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিছে। আৰব চৰকাৰৰ এই সিদ্ধান্তই এতিয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক শক্তিশালী স্থিতিৰ ইংগিত দিছে। উল্লেখ্য যে, ২০১৬ চনতো ছৌদি আৰবত ৪৭ জন লোকক ফাঁচী দিয়া হৈছিল। তেতিয়াৰ পৰা ইমান সৰহ সংখ্যক মানুহক একেলগে মৃত্যুদণ্ড দিয়াৰ কোনো উদাহৰণ নাই। শেহতীয়াকৈ ভাৰততো গুজৰাটৰ বিশেষ আদালতে ২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰৰ এক অভূতপূৰ্ব ৰায় ঘোষণা কৰিছিল। ৪৯ জন দোষীৰ ভিতৰত ৩৮ জনক মৃত্যুদণ্ড দিয়া হৈছিল আৰু বাকী ১১ জনক আজীৱন কাৰাদণ্ড দিয়া হৈছিল। দেশত প্ৰথমবাৰৰ বাবে, আদালতে একে সময়তে ইমান সংখ্যক লোকৰ মৃত্যুদণ্ড ঘোষণা কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি পৱিত্ৰ গুৰু পূৰ্ণিমা, আজিৰে পৰা কপাল ফুলিব এইকেইটা ৰাশিৰ ভাগ্য
ভাৰতলৈ সুখবৰ ! ভাৰতীয় মূলৰ ছাবিহ খানক এপ'লৰ নতুন COO হিচাপে নিযুক্তি
ত্ৰাণকৰ্তা ৰকী! এটা কুকুৰৰ বাবে প্ৰাণৰক্ষা পৰিল ৬৭জনৰ
পুনৰ প্ৰাণ পাই উঠিল ৱুলাৰ হ্ৰদ! ৩০ বছৰৰ পাছত আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদটোত ফুলি উঠিল পদুম
ভাৰতৰ শংকাৰ কাৰণ হৈ পৰিছে চীন-পাকিস্তান-বাংলাদেশৰ মিতিৰালি
চলচ্চিত্র মহোৎসৱত পাঁচটা বঁটাৰে উজলিল 'বোর্খা-দ্য ভেইল'