--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হয়তো এইখন পৃথিৱীত ভ্ৰমণ কৰিবলৈ বেয়া পোৱা মানুহ হয়তো কোনো নোলাব, কম-বেছি পৰিমাণে সকলো লোকে ভ্ৰমণ কৰিবলৈ ভাল পায়। মানসিক চাপ হ্ৰাস কৰাৰ পৰা আমাৰ মন সতেজ কৰালৈকে, আমাৰ সকলোৰে বাবে কিছু সময়ৰ বাবে অৱসৰৰ প্ৰয়োজন। যদি আমি আপোনাক কওঁ যে, এটা পৰিয়ালে ২২ বছৰ ধৰি কেৱল ভ্ৰমণেই কৰি আছে তেনেহ’লে কথাটো শুনিবলৈ আপোনাৰ নিশ্চয় আচহুৱা যেন লাগিব। আচহুৱা লাগিলেও তেনে এটা পৰিয়ালৰ কথাকে ক’বলৈ লৈছো যিটো পৰিয়ালে ২২ বছৰ ধৰি কেৱল ভ্ৰমণেই কৰি আছে। জেপ পৰিয়ালৰ ২২ বছৰৰ বিশ্ব ভ্ৰমণৰ কাহিনীয়ে আপোনাক অনুপ্ৰাণিত কৰিব পাৰে। জেপ পৰিয়াল-হাৰমেন আৰু কেণ্ডেলাৰিয়া আৰু তেওঁলোকৰ সন্তানে ২০০০ চনৰ পৰাই সমগ্ৰ বিশ্ব ভ্ৰমণ কৰি আহিছে। ২২ বছৰত, ১০২খন দেশ ভ্ৰমণ আৰু অগণন স্মৃতি সংগ্ৰহ কৰাৰ পাছত, আৰ্জেণ্টিনাৰ পৰিয়ালটোৱে তেওঁলোকৰ জীৱনকালৰ ভ্ৰমণ সমাপ্ত কৰিবলৈ ওলাইছে। জেপ পৰিয়াল - হাৰমেন আৰু কেণ্ডেলাৰিয়া আৰু তেওঁলোকৰ সন্তানে মুঠ ৩৬২,০০০ কিলোমিটাৰ গাড়ী চলাইছে। জেপ পৰিয়ালৰ মুৰব্বী হাৰমেনে কয় যে, ‘এই মুহূৰ্তত মোৰ অনুভৱ মিশ্ৰিত। এই সময়ত আমি এটা সপোন শেষ কৰিছো বা এটা সপোন পূৰণ কৰিছো, ভ্ৰমণ আৰম্ভ হোৱাৰ সময়ত মোৰ বয়স আছিল ২৯ বছৰ আৰু এতিয়া মোৰ বয়স ৫১বছৰ। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক