--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এক ভয়ংকৰ পথ দুৰ্ঘটনাত পাঁচজনকৈ ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে আহত হয় আন দুজন গুৰুতৰভঅৱে আহত হয়৷ কানাডাৰ টৰণ্টোৰ ওচৰতে হোৱা দুৰ্ঘটনাত পাঁচজন ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু হয়৷ শিক্ষাৰ্থীকেইজনে শনিবাৰে পুৱা এখন যাত্ৰীবাহী ভানত পশ্চিমলৈ যাত্ৰা কৰাৰ সময়তে বাহনখন ট্ৰেক্টৰ-ট্ৰেইলাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। পথ দুৰ্ঘটনাত এই শোকাৱহ দুৰ্ঘটনাত পাঁচজনকৈ ভাৰতীয় শিক্ষাৰ্থীৰ মৃত্যু হয় বুলি কানাডাৰ ভাৰতীয় উচ্চআয়োগে জানিবলৈ দিয়ে। আনহাতে এই দুৰ্ঘটনাত দুজন যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আৰক্ষীয়ে জনোৱামতে ঘটনাস্থলীত ২৪ বছৰীয়া হৰপ্ৰীত সিং, ২১ বছৰীয়া জস্পিন্দৰ সিং, ২২ বছৰীয়া কৰণপাল সিং, ২৩ বছৰীয়া মোহিত চৌহান আৰু ২৩ বছৰীয়া পৱন কুমাৰক মৃত ঘোষণা কৰা হয়। পথ দুৰ্ঘটনাত তেওঁলোক আটাইকেইজনে মণ্ট্ৰিয়েল আৰু গ্ৰেটাৰ টৰণ্টো অঞ্চলত অধ্যয়ন কৰি আছিল। ভাৰতীয় দূত অজয় বিছাৰিয়াই টুইটযোগে কয়, "কানাডাত হৃদয় ভঙা ট্ৰেজেডীঃ শনিবাৰে টৰণ্টোৰ ওচৰত এক অটো দুৰ্ঘটনাত ৫ জন ভাৰতীয় ছাত্ৰৰ মৃত্যু হয়। চিকিৎসালয়ত আন দুজন। মৃতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। @IndiainToronto দলটোৱে সহায়ৰ বাবে ভুক্তভোগী সকলৰ বন্ধুবৰ্গৰ সৈতে যোগাযোগ কৰি আছে।" https://twitter.com/Ajaybis/status/1503162117209280513?s=20&t=nbTD2tFN5oHfQHwfpjQwyg ৰাষ্ট্ৰসংঘৰ ভাৰতৰ স্থায়ী প্ৰতিনিধি টি এছ তিৰুমূৰ্তিয়ে উত্তৰ দিছিল, "পৰিয়ালকেইটালৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। আৰক্ষীয়ে জনোৱা মতে দুৰ্ঘটনাৰ তদন্ত চলি আছে আৰু কোনো অভিযোগ দিয়া হোৱা নাই। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ