--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গ্ৰীষ্মকালীন ছুটীৰ সামৰণি পৰিছে। আৰু আদালত খোলাৰ প্ৰথম দিনটোতেই এক বিৰল নজিৰ উচ্চতম ন্যায়ালয়ৰ। সোমবাৰে উচ্চতম ন্যায়ালয়ত এদিনতে ৪৪টা গোচৰৰ নিষ্পত্তি কৰা হয়। ইয়াৰে ২০টা গোচৰত কেৱল ন্যায়াধীশ এম আৰ শ্বাহেই দিছে ৰায়।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ত ২৩ মে’ৰ পৰা ১০ জুলাইলৈ গ্ৰীষ্মকালীন ছুটী আছিল। ১১ জুলাইত আদালত খোলাৰ পাছতে ইটোৰ পিছত সিটো গোচৰৰ শুনানি আদালতত গ্ৰহণ কৰা হয়৷ অপৰাধমূলক গোচৰৰ পৰা জনস্বাৰ্থ, বেংকিং আৰু বাণিজ্যিক বিষয়লৈকে আদালতক অৱমাননা কৰালৈ —কি গোচৰ নাছিল এইখন তালিকাত! ইয়াৰ মাজতে ৪৪টা গোচৰত ৰায় প্ৰদান কৰিছে ন্যায়াধীশৰ বিচাৰপীঠে।

এদিনতে ইমানবোৰ গোচৰৰ ৰায় সাম্প্ৰতিক সময়ত অভূতপূৰ্ব বুলি অভিহিত কৰিছে আইনজীৱী সকলেই। তেওঁলোকৰ দাবী, ‘দীঘলীয়া সময়ৰ অন্তত ন্যায়াধীশসকলে বিভিন্ন গোচৰৰ অধ্যয়ন কৰিবলৈ সময় পাইছে। সেইবাবে, অৱকাশৰ প্ৰয়োজন আছে।’ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ কে জি বালাকৃষ্ণনেও একে মন্তব্যই কৰিছে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে,  ‘অৱকাশ থাকিলে ৰায়দানত সুবিধা হয়। বিচাৰকসকলে বিভিন্ন বিষয়ত গৱেষণা কৰিবলৈ সময় পায়। ইয়াৰ প্ৰতিফলন ঘটিছে শুনানিত।’ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশগৰাকীয়ে এদিনত ৪৪টা গোচৰত ন্যায়াধীশসকলৰ ৰায়দানৰ প্ৰসংগকো প্ৰশংসাৰ দৃষ্টিৰে চাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক