--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গ্ৰীষ্মকালীন ছুটীৰ সামৰণি পৰিছে। আৰু আদালত খোলাৰ প্ৰথম দিনটোতেই এক বিৰল নজিৰ উচ্চতম ন্যায়ালয়ৰ। সোমবাৰে উচ্চতম ন্যায়ালয়ত এদিনতে ৪৪টা গোচৰৰ নিষ্পত্তি কৰা হয়। ইয়াৰে ২০টা গোচৰত কেৱল ন্যায়াধীশ এম আৰ শ্বাহেই দিছে ৰায়।

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ত ২৩ মে’ৰ পৰা ১০ জুলাইলৈ গ্ৰীষ্মকালীন ছুটী আছিল। ১১ জুলাইত আদালত খোলাৰ পাছতে ইটোৰ পিছত সিটো গোচৰৰ শুনানি আদালতত গ্ৰহণ কৰা হয়৷ অপৰাধমূলক গোচৰৰ পৰা জনস্বাৰ্থ, বেংকিং আৰু বাণিজ্যিক বিষয়লৈকে আদালতক অৱমাননা কৰালৈ —কি গোচৰ নাছিল এইখন তালিকাত! ইয়াৰ মাজতে ৪৪টা গোচৰত ৰায় প্ৰদান কৰিছে ন্যায়াধীশৰ বিচাৰপীঠে।

এদিনতে ইমানবোৰ গোচৰৰ ৰায় সাম্প্ৰতিক সময়ত অভূতপূৰ্ব বুলি অভিহিত কৰিছে আইনজীৱী সকলেই। তেওঁলোকৰ দাবী, ‘দীঘলীয়া সময়ৰ অন্তত ন্যায়াধীশসকলে বিভিন্ন গোচৰৰ অধ্যয়ন কৰিবলৈ সময় পাইছে। সেইবাবে, অৱকাশৰ প্ৰয়োজন আছে।’ উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ কে জি বালাকৃষ্ণনেও একে মন্তব্যই কৰিছে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে,  ‘অৱকাশ থাকিলে ৰায়দানত সুবিধা হয়। বিচাৰকসকলে বিভিন্ন বিষয়ত গৱেষণা কৰিবলৈ সময় পায়। ইয়াৰ প্ৰতিফলন ঘটিছে শুনানিত।’ অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশগৰাকীয়ে এদিনত ৪৪টা গোচৰত ন্যায়াধীশসকলৰ ৰায়দানৰ প্ৰসংগকো প্ৰশংসাৰ দৃষ্টিৰে চাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ