--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘কালী’ শীৰ্ষক এখন তথ্যচিত্ৰৰ পোষ্টাৰৰ বাবে বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰা চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকলাইক দিল্লীৰ এখন আদালতে চমন জাৰি কৰিছে। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ আৰাধ্যা দেৱী কালীক সচৰাচৰ দেখা পোৱা ছবিসমূহৰ সম্পূৰ্ণ বিপৰীত ৰূপত দেখুওৱা হৈছিল এই পোষ্টাৰখনত। এই নতুন ছবিখনত কালীয়ে পৰম্পৰাগত দৃশ্যমান ধ্যান-ধাৰণাক সম্পূৰ্ণৰূপে ধূলিস্যাৎ কৰি পেলাইছিল। পোষ্টাৰখনত দেখা পোৱা কালীৰ ওঁঠত লাগি আছিল এটা চিগাৰেট। চিগাৰেটত টান মাৰি কালীয়ে শূন্যলৈ উৰুৱাই দিছে ধোৱাৰ কুণ্ডলী। এখন হাতেৰে কালীয়ে উৰুৱাই আছে LGBTQ+ সকলৰ গৌৰৱৰ পতাকা! পোষ্টাৰখন প্ৰকাশ পোৱাৰ পাছতে সমগ্ৰ দেশতে সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল হিন্দুত্ববাদী মহল। 

কালীৰ এই নতুন বিতৰ্কিত পোষ্টাৰে হিন্দু ধৰ্মক অপমান কৰাৰ অভিযোগ তুলি লীনা মণিমেকলাইৰ বিৰুদ্ধে দেশৰ বিভিন্ন প্ৰান্তত ৰুজু কৰা হৈছিল গোচৰ। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীতো হিন্দুৰ আৰাধ্য দেৱীগৰাকীক বিকৃত ৰূপত উপস্থাপন কৰাৰ অভিযোগত আইনী আদেশ বিচাৰি এগৰাকী হিন্দুত্ববাদী লোকে আদালতত আবেদন দাখিল কৰিছিল। এই আবেদনৰ ভিত্তিত দিল্লীৰ এখন স্থানীয় আদালতে চলচ্চিত্ৰ নিৰ্মাতা লীনা মণিমেকলাইক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে।

ন্যায়াধীশ অভিষেক কুমাৰে মণিমেকলাইক ৬ আগষ্টত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছে। ন্যায়াধীশ গৰাকীয়ে কয় যে অভিযুক্তৰ বিৰুদ্ধে আদালতে যিকোনো আদেশ দিয়াৰ পূৰ্বে তেওঁৰ শুনানি গ্ৰহণ কৰা প্ৰয়োজন আৰু অভিযুক্তক আত্মপক্ষ সমৰ্থনৰ সুবিধা দিয়া উচিত। সেয়ে ন্যায়াধীশ কুমাৰে অভিযুক্ত মণিমেকলাইলৈ গোচৰটোৰ চমন জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে। 

উল্লেখ্য যে চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ বিৰুদ্ধে স্থায়ী আৰু বাধ্যতামূলক আদেশ অনুৰোধ কৰি আবেদনকাৰী হিন্দুত্ববাদী ব্যক্তিগৰাকীয়ে আবেদনখনত অভিযোগ কৰিছিল যে লীনা মণিমেকলায়ে তেওঁৰ "কালী" শীৰ্ষক তথ্যচিত্ৰখনৰ পোষ্টাৰ আৰু প্ৰমো ভিডিঅ'ত হিন্দু দেৱী কালীক অতি বিকৃত ধৰণে চিত্ৰিত কৰিছে। 

লগতে চলচ্চিত্ৰখনৰ পোষ্টাৰত যিধৰণে হিন্দু দেৱী গৰাকীক চিগাৰেট সেৱন কৰা দেখুওৱা হৈছে, ই কেৱল সাধাৰণ হিন্দুৰ ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ লগতে নৈতিকতা আৰু শালীনতাৰ মৌলিক বিষয়বোৰকো উলংঘা কৰিছে বুলি আবেদনখনত দাবী কৰা হৈছে। সেয়েহে আবেদনকাৰী ৰাজ গৌৰৱে মণিমেকলাইৰ বিৰুদ্ধে অন্তৱৰ্তীকালীন আদেশ প্ৰদান কৰিবলৈ আদালতক আহ্বান জনায়।

আনহাতে পোষ্টাৰখনৰ বিৰুদ্ধে গঢ়ি উঠা বিতৰ্কক প্ৰত্যাহ্বান জনাই পৰিচালক লীনা মণিমাকলাই স্পষ্ট কৰি দিছিল যে তেওঁ কালীক নিজস্ব ধৰণে কেনেদৰে গ্ৰহণ কৰে, তাৰ আধাৰত উপস্থাপন কৰিছে। লীনাই কয় যে তেওঁ বিশ্বাস কৰা কালী গৰাকী এগৰাকী কুইৰ। এই কালী এক মুক্ত আত্মা আৰু তেওঁ পুৰুষতান্ত্ৰিকতাক মুকলি প্ৰত্যাহ্বান জনায়। তেওঁৰ কালীয়ে হিন্দুত্ববাদ আৰু পুঁজিবাদক ধ্বংস কৰি সহস্ৰ হাতেৰে সকলোকে আলিঙ্গন কৰে বুলি মত পোষণ কৰিছিল লীনাই। 

লগতে আত্মপক্ষ সমৰ্থন কৰি মণিমেকলায়ে দাবী কৰে যে এজন অভিনেতাই দেৱীৰ পোছাক পিন্ধাটো তথা চলচ্চিত্ৰৰ চৰিত্ৰ ৰূপায়ণত ধূমপান কৰাটো অপৰাধ নহয়। কিন্তু বিজেপিৰ ভাৰাতীয়া সৈন্যই যি কৰি আছে, সেয়া হৈছে সংগঠিত অপৰাধ। “মই এখন সাৰ্বভৌম দেশত বাস কৰোঁ আৰু ইয়াত আইন প্ৰৱৰ্তনকাৰীসকলে কলা কি সেয়া ভালদৰে জানে” বুলি এক নিজ ভাষ্যত পৰিচালকগৰাকীয়ে উল্লেখ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ