--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি বিহিছে এখন আদালতে। ২০০৮ চনত দেশ কঁপাইছিল আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণৰ ঘটনাই। এই ঘটনাত দোষী সাব্যস্ত ৪৯জন লোকৰ ভিতৰত ৩৮জনক মৃত্যুদণ্ড দিছে ন্যায়ালয়ে। আন এঘাৰ জনক আমৃত্যু কাৰাবাসৰ শাস্তি বিহা হৈছে। এই গোচৰৰ দ্ৰুত বিচাৰৰ বাবে দায়িত্ব অৰ্পন কৰা এখন বিশেষ আদালতে আনলফুল এক্টিভিটী প্ৰিভেনচন আইন (ইউএপিএ) আৰু ভাৰতীয় দণ্ডবিধিৰ ৩০২ধাৰাৰ অধীনত এই ৰায় দিয়ে। এই ৰায় ঘোষণা কৰি বিশেষ ন্যায়াধীশ এ আৰ পেটেলে এই বিস্ফোৰণত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ ১লাখকৈ ক্ষতিপূৰণ দিয়াৰ লগতে গুৰুতৰভাৱে আহতলৈ ৫০হাজাৰ আৰু আংশিকভাৱে আহতলৈ ২৫হাজাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে। মৃত্যুদণ্ড বিহা ওছমান অগৰবাত্তিৱালা অস্ত্ৰ আইনৰ গোচৰতো দোষী সাব্যস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁক অতিৰিক্তভাৱে এবছৰৰ কাৰাদণ্ডৰ শাস্তি ও বিহা হয়। এই গোচৰত দোষী সাব্যস্ত হোৱা ৪৯জন অভিযুক্তৰ আটাইকেইজনৰ বিৰু্দ্ধে ভাৰতীয় দণ্ডবিধি, ইউএপিএ, বিস্ফোৰক সামগ্ৰী আইন, প্ৰিভেনচন অব ডেমেজ অব পাব্লিক প্ৰপাৰ্টী আইনৰ অদীনত সমান্তৰালভাৱে গোচৰ চলোৱা হৈছিল। ৪৮জন দোষীক অতিৰিক্তভাৱে ২.৮৫লাখলৈ টকাৰ জৰিমনাও বিহিছে আদালতে। আনহাতে অস্ত্ৰ আইনত দোষী সাব্যস্ত হোৱা অগৰবাট্টিৱালাক বিহা হৈছে ২.৮৮লাখৰ জৰিমনা। যোৱা ৮ ফেব্ৰুৱাৰীত বিশেষ ন্যায়াধীশে ৭৮জন অভিযুক্তৰ ভিতৰত ৪৯জনক দোষী সাব্যস্ত কৰিছিল। উল্লেখ্য যে, এই ভয়ংকাৰ ধাৰাবাহিক বোমা আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল ২০০৮চনৰ ২৬জুলাইত। আহমেদাবাদ চহৰৰ বিভিন্ন অঞ্চল যেনে চৰকাৰী চিকিৎসালয়, বাছ, যান-বাহন আদিত ২২টাকৈ বোমা বিস্ফোৰণ ঘটোৱা হৈছিল। এই ভয়ংকৰ বিস্ফোৰণত ৫৬জন লোকে প্ৰাণ হেৰুৱায় আৰু আন ২০০জন লোক আহত হয়। সন্ত্ৰাসবাদীয়ে সংস্থাপিত কৰা ২৪টা বোমাৰ ভিতৰত কালোল আৰু নাৰোদাত সংস্থাপন কৰা বোমা দুটা বিস্ফোৰিত হোৱা নাছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
চাহ গছৰ পেলনীয়া মুঢ়াত সৃষ্টিৰ যাদু ; নিৰৱ ভাস্কৰ্য শিল্পী অমৃত হাজৰিকাৰ সৃষ্টি দেশ-বিদেশত সমাদৃত
'আঞ্চলিকতাকেন্দ্রিক, জাতিগত ৰাজনীতি বিপজ্জনক'
চুলতান-মোগলৰ শাসন আছিল নিষ্ঠুৰ
সত্যজিৎ ৰয়ৰ ঐতিহাসিক বাসভৱন ভাঙিছে বাংলাদেশ চৰকাৰে
দক্ষিণ ছিৰিয়াত ড্ৰুজ সম্প্ৰদায়ৰ লোকৰ হত্যাৰ প্ৰতিশোধ ; ডামাস্কাছত ইজৰাইলৰ শক্তিশালী বিমান আক্রমণ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে