--°C
Loading...
Listen to Article
2 min read
80%
ডি়জিটেল ডেস্কঃ ''মোৰ পত্নী বহুত ধুনীয়া। সেয়েহে এতিয়া তেওঁ মোৰ লগত থাকিব নিবিচাৰে কিয়নো মই তেওঁৰ দেখাত ধুনীয়া নহয়।'' এই মন্তব্য এগৰাকী স্বামীৰ। পত্নীক লৈ এনেদৰে বিৰহ-বেদনা জাহিৰ কৰিলে এজন স্বামীয়ে। পত্নীৰ সৌন্দৰ্যই সংসাৰত লগালে আউল। এই ঘটনা মধ্যপ্ৰদেশৰ ছত্ৰপুৰ জিলাৰ বান্দা গাঁৱৰ। নন্দু পাল নামৰ যুৱকজনে এটা আচৰিত অভিযোগ লৈ আৰক্ষীৰ কাষ চাপে। আৰক্ষীক অভিযোগ দি নন্দু পালে কয়-''মোৰ পত্নী অতি ধুনীয়া। বিয়াৰ পাছত মাতৃৰ ঘৰলৈ গৈ মোৰ পত্নী এতিয়া ঘূৰি আহিবলৈ সাজু নহয়। কাৰণ মই তেওঁৰ দৰে ধুনীয়া নহয়। আপোনালোকে যাতে মোৰ পত্নীক মোৰ ওচৰলৈ ঘূৰাই আনে।'' উল্লেখ্য যে বান্দাৰ বাসিন্দা নন্দু পালে যোৱা বছৰ ৩০ এপ্ৰিলত ছত্ৰপুৰ জিলাৰ লাভকুশনগৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত নাগাৰৌলি গাঁৱৰ বাসিন্দা ৰীণা পালৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াখনত নন্দুৱে তেওঁৰ পত্নীক যিমান সম্ভৱ সিমান গহনাও আগবঢ়াইছিল। নন্দুৱে কয় যে ''মোৰ পত্নী ৰীণা অতি ধুনীয়া, স্মাৰ্ট আৰু শিক্ষিত কিন্তু মই তেওঁৰ দৰে ধুনীয়া আৰু স্মাৰ্ট নহয়। এইকাৰণেই ৰীণাই মাত্ৰ তিনিদিন মোৰ সৈতে আছিল, তাৰপাছত তেওঁ মাকৰ ঘৰলৈ যায় আৰু এতিয়া স্বামীগৃহলৈ ঘূৰি আহিবলৈ ইচ্ছুক নহয়।'' নন্দুৱে লগতে অভিযোগ কৰি কয় যে যেতিয়া পত্নীক আনিবলৈ তেওঁ শহুৰেকৰ ঘৰলৈ গৈছিল, তেতিয়া তেওঁক শহুৰেকৰ পৰিয়ালে এটা কোঠাত বন্দী কৰি প্ৰহাৰ কৰিছিল। স্বামীয়ে পত্নীৰ সৈতে সাক্ষাতৰ বাবে শহুৰেকৰ ওচৰত বহু অনুৰোধ কৰিছিল কিন্তু কোনো লাভ হোৱা নাছিল। ঘটনাটোৰ পাছত নন্দু পাল লাভকুশনগৰ আৰক্ষী থানালৈ গৈছিল কিন্তু তাত কোনেও তেওঁৰ অভিযোগ শুনা নাছিল। ইয়াৰ পাছত নন্দু পালে ছত্ৰপুৰৰ এছপিৰ কাৰ্যালয়ত উপস্থিত হৈছিল আৰু ন্যায়ৰ বাবে অনুৰোধ জনাইছিল। পত্নীক ঘৰলৈ ঘূৰাই অনাৰ লগতে যুৱকজনে শহুৰেকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাই কয় যে পত্নী ধুনীয়া হোৱাৰ অৰ্থ এইটো নহয় যে তেওঁ তেওঁৰ স্বামীক এৰি গুচি যাব লাগে। নন্দু পালৰ এই অভিযোগ সঁচা নে স্বামীগৃহ এৰি যোৱাৰ অন্তৰালত অন্য কোনো কাৰণ লুকাই আছে সেয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব। আৰু পঢ়কঃ আজি আপোনাৰ জীৱনত সুখ নে দুখ? ৰাশিফল চাই আৰম্ভ কৰক দিনটো

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন