--°C
Loading...
Listen to Article
2 min read
80%
ডি়জিটেল ডেস্কঃ ''মোৰ পত্নী বহুত ধুনীয়া। সেয়েহে এতিয়া তেওঁ মোৰ লগত থাকিব নিবিচাৰে কিয়নো মই তেওঁৰ দেখাত ধুনীয়া নহয়।'' এই মন্তব্য এগৰাকী স্বামীৰ। পত্নীক লৈ এনেদৰে বিৰহ-বেদনা জাহিৰ কৰিলে এজন স্বামীয়ে। পত্নীৰ সৌন্দৰ্যই সংসাৰত লগালে আউল। এই ঘটনা মধ্যপ্ৰদেশৰ ছত্ৰপুৰ জিলাৰ বান্দা গাঁৱৰ। নন্দু পাল নামৰ যুৱকজনে এটা আচৰিত অভিযোগ লৈ আৰক্ষীৰ কাষ চাপে। আৰক্ষীক অভিযোগ দি নন্দু পালে কয়-''মোৰ পত্নী অতি ধুনীয়া। বিয়াৰ পাছত মাতৃৰ ঘৰলৈ গৈ মোৰ পত্নী এতিয়া ঘূৰি আহিবলৈ সাজু নহয়। কাৰণ মই তেওঁৰ দৰে ধুনীয়া নহয়। আপোনালোকে যাতে মোৰ পত্নীক মোৰ ওচৰলৈ ঘূৰাই আনে।'' উল্লেখ্য যে বান্দাৰ বাসিন্দা নন্দু পালে যোৱা বছৰ ৩০ এপ্ৰিলত ছত্ৰপুৰ জিলাৰ লাভকুশনগৰ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত নাগাৰৌলি গাঁৱৰ বাসিন্দা ৰীণা পালৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। বিয়াখনত নন্দুৱে তেওঁৰ পত্নীক যিমান সম্ভৱ সিমান গহনাও আগবঢ়াইছিল। নন্দুৱে কয় যে ''মোৰ পত্নী ৰীণা অতি ধুনীয়া, স্মাৰ্ট আৰু শিক্ষিত কিন্তু মই তেওঁৰ দৰে ধুনীয়া আৰু স্মাৰ্ট নহয়। এইকাৰণেই ৰীণাই মাত্ৰ তিনিদিন মোৰ সৈতে আছিল, তাৰপাছত তেওঁ মাকৰ ঘৰলৈ যায় আৰু এতিয়া স্বামীগৃহলৈ ঘূৰি আহিবলৈ ইচ্ছুক নহয়।'' নন্দুৱে লগতে অভিযোগ কৰি কয় যে যেতিয়া পত্নীক আনিবলৈ তেওঁ শহুৰেকৰ ঘৰলৈ গৈছিল, তেতিয়া তেওঁক শহুৰেকৰ পৰিয়ালে এটা কোঠাত বন্দী কৰি প্ৰহাৰ কৰিছিল। স্বামীয়ে পত্নীৰ সৈতে সাক্ষাতৰ বাবে শহুৰেকৰ ওচৰত বহু অনুৰোধ কৰিছিল কিন্তু কোনো লাভ হোৱা নাছিল। ঘটনাটোৰ পাছত নন্দু পাল লাভকুশনগৰ আৰক্ষী থানালৈ গৈছিল কিন্তু তাত কোনেও তেওঁৰ অভিযোগ শুনা নাছিল। ইয়াৰ পাছত নন্দু পালে ছত্ৰপুৰৰ এছপিৰ কাৰ্যালয়ত উপস্থিত হৈছিল আৰু ন্যায়ৰ বাবে অনুৰোধ জনাইছিল। পত্নীক ঘৰলৈ ঘূৰাই অনাৰ লগতে যুৱকজনে শহুৰেকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাই কয় যে পত্নী ধুনীয়া হোৱাৰ অৰ্থ এইটো নহয় যে তেওঁ তেওঁৰ স্বামীক এৰি গুচি যাব লাগে। নন্দু পালৰ এই অভিযোগ সঁচা নে স্বামীগৃহ এৰি যোৱাৰ অন্তৰালত অন্য কোনো কাৰণ লুকাই আছে সেয়া আৰক্ষীৰ তদন্তত হে পোহৰলৈ আহিব। আৰু পঢ়কঃ আজি আপোনাৰ জীৱনত সুখ নে দুখ? ৰাশিফল চাই আৰম্ভ কৰক দিনটো

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভূটানত পুনাটছাংচু-২ জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণ, শক্তি ক্ষমতা ৪০ শতাংশলৈ বৃদ্ধি
ড° ভূপেন হাজৰিকা স্মাৰক ১০০ টকীয়া ৰূপৰ মুদ্ৰাৰ সবিশেষ প্রকাশ
'বনতাৰা'ৰ তদন্তৰ বাবে SIT গঠন উচ্চতম ন্যায়ালয়ৰ
সম্ভাব্য বান পৰিস্থিতিক লৈ পাকিস্তানক পুনৰ কৰিলে সতৰ্ক ; ভাৰতৰ মানৱীয়তাৰ বাবেই প্রাণ বাচিল ২ লক্ষ পাকিস্তানীৰ
অমিত শ্বাহক অসমলৈ আদৰণি জনাইছোঁ কিন্তু আহি কেৱল মিছা প্ৰতিশ্ৰুতি দি গ'লে নহ'ব: লুৰিণজ্যোতি গগৈ
দিল্লীৰ ২০খন মহাবিদ্যালয়ত বোমাৰ ভাবুকি, ভাবুকিপূৰ্ণ ই-মেইলে টোপনি কাঢ়িছে প্ৰশাসনৰ
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড