--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অন্ধ জাত্যভিমানৰ এক ভয়ংকৰ পৰিণতি পোহৰলৈ আহিছে দেশত। সভ্যতাৰ যিমানেই বিকাশ সাধন হোৱা বুলি দাবী কৰা নহওক কিয়, বিজ্ঞান প্ৰযুক্তিৰ অগ্ৰগতিৰ জৰিয়তে মানুহ যিমানেই উদাৰ আৰু বহলমনা হোৱা বুলি দাবী কৰি নহওক কিয় এতিয়াও একাংশ লোকৰ মন মানসিকতাত বৰ্তি আছে এলান্ধুকলীয়া মানসিকতা। অন্ধ জাত্যাভিমান আৰু নিজকে উচ্চশ্ৰেণীৰ বুলি ভবাৰ মানসিকতাৰ বিষম পৰিণতি দেখিবলৈ পোৱা গৈছে এই দেশতে। জাত্যাভিমান আৰু উচ্চবৰ্ণ হোৱাৰ ফোপোলা অহংকাৰে এটা পৰিয়াল সম্পূৰ্ণৰূপে নিঃশেষ কৰি পেলোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ। তামিলনাডুৰ নাগাপাট্টিনামৰ এজন লোকে তেওঁৰ কন্যাই অনুসূচিত জাতিৰ লোক এজনক বিয়া কৰোৱাৰ দুখতে নিজৰ পৰিয়ালৰ তিনিজনকৈ সদস্যক হত্যা কৰি আত্মহত্যা কৰে। লোকজনে তেওঁৰ পত্নী আৰু এগৰাকী নাবালিকাসহ দুগৰাকী কন্যাক হত্যা কৰে। আৰক্ষীয়ে এই শোকাৱহ ঘটনাৰ কথা প্ৰকাশ কৰিছে। নাগাপাট্টিনামৰ আৰক্ষী অধীক্ষক জি জৱাহৰে প্ৰকাশ কৰা অনুসৰি লক্ষণম নামৰ লোকজনে এই ভয়ংকৰ ঘটনা সংঘটিত কৰে। চাহ বিক্ৰেতা লোকজনক জ্যেষ্ঠ কন্যাই এজন পিছপৰা সম্প্ৰদায়ৰ যুৱকৰ সৈতে বিবাহত বহিছিল। এই ঘটনাক লৈ তেওঁ তীব্ৰভাৱে বিক্ষুদ্ধ হৈ পৰে আৰু পৰিয়ালৰ আটাইকেইজন সদস্যক হত্যা কৰি আত্মহত্যা কৰে। ইফালে, স্বামীগৃহত থকা তেওঁৰ জ্যেষ্ঠ কন্যা সুকলমে আছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে। উল্লেখ্য যে, অসবৰ্ণ বিবাহৰ ঘটনাই তামিলনাডুৰ বিভিন্ন গ্ৰামীণ অঞ্চলত বহু লোকৰ প্ৰাণ কাঢ়িছে। পৰিয়ালৰ লোকৰ হাততে হত্যাৰ বলি হ’বলগীয়া হৈছে বহু লোক। অন্ধ জাত্যভিমান আৰু উচ্চবৰ্ণৰ হোৱাৰ ফোপোলা অহংকাৰে পৰিয়ালৰ লোকৰে প্ৰাণ কাঢ়ি নিয়াৰ এনে ঘটনা আজিও সভ্য সমাজৰ বাবে এক কলংক হিচাপে বিবেচিত হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ টা বলত ২২ ৰান ! CPL ২০২৫-ত আৰ চি বিৰ খেলুৱৈয়ে ৰচিলে ইতিহাস
চিকিৎসকৰ গাফিলতিত ঘুণীয়া হ'ল চন্দ্ৰপুৰৰ ছাত্ৰী; ঘটনাৰ তদন্ত ঘোষণা জি এম চি এইচ কর্তৃপক্ষৰ
কৰ আৰু শুল্কক লৈ আপোনাৰো লাগিছে নেকি খেলিমেলি? জানো আহক দুয়োটাৰ মাজত পাৰ্থক্য
বিহাৰত 'ভোটাৰ অধিকাৰ যাত্ৰা'ত ৰাহুলক সংগ দিলে প্ৰিয়ংকা-ৰেৱন্ত ৰেড্ডীয়ে
গাৰ নোম শিয়ৰি যোৱা এক ঘটনা ;বিদ্যালয়ৰ বাথৰুমত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে নিজৰ দেহত কৰিলে অগ্নিসংযোগ
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
মাত্ৰ ১৪ দিন দৈনিক মেথিৰ গুটি খাওক; এই লোকসকলে লাভ কৰিব বহু উপকাৰ
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ