--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অন্ধ জাত্যভিমানৰ এক ভয়ংকৰ পৰিণতি পোহৰলৈ আহিছে দেশত। সভ্যতাৰ যিমানেই বিকাশ সাধন হোৱা বুলি দাবী কৰা নহওক কিয়, বিজ্ঞান প্ৰযুক্তিৰ অগ্ৰগতিৰ জৰিয়তে মানুহ যিমানেই উদাৰ আৰু বহলমনা হোৱা বুলি দাবী কৰি নহওক কিয় এতিয়াও একাংশ লোকৰ মন মানসিকতাত বৰ্তি আছে এলান্ধুকলীয়া মানসিকতা। অন্ধ জাত্যাভিমান আৰু নিজকে উচ্চশ্ৰেণীৰ বুলি ভবাৰ মানসিকতাৰ বিষম পৰিণতি দেখিবলৈ পোৱা গৈছে এই দেশতে। জাত্যাভিমান আৰু উচ্চবৰ্ণ হোৱাৰ ফোপোলা অহংকাৰে এটা পৰিয়াল সম্পূৰ্ণৰূপে নিঃশেষ কৰি পেলোৱাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে সৃষ্টি হৈছে চাঞ্চল্যৰ। তামিলনাডুৰ নাগাপাট্টিনামৰ এজন লোকে তেওঁৰ কন্যাই অনুসূচিত জাতিৰ লোক এজনক বিয়া কৰোৱাৰ দুখতে নিজৰ পৰিয়ালৰ তিনিজনকৈ সদস্যক হত্যা কৰি আত্মহত্যা কৰে। লোকজনে তেওঁৰ পত্নী আৰু এগৰাকী নাবালিকাসহ দুগৰাকী কন্যাক হত্যা কৰে। আৰক্ষীয়ে এই শোকাৱহ ঘটনাৰ কথা প্ৰকাশ কৰিছে। নাগাপাট্টিনামৰ আৰক্ষী অধীক্ষক জি জৱাহৰে প্ৰকাশ কৰা অনুসৰি লক্ষণম নামৰ লোকজনে এই ভয়ংকৰ ঘটনা সংঘটিত কৰে। চাহ বিক্ৰেতা লোকজনক জ্যেষ্ঠ কন্যাই এজন পিছপৰা সম্প্ৰদায়ৰ যুৱকৰ সৈতে বিবাহত বহিছিল। এই ঘটনাক লৈ তেওঁ তীব্ৰভাৱে বিক্ষুদ্ধ হৈ পৰে আৰু পৰিয়ালৰ আটাইকেইজন সদস্যক হত্যা কৰি আত্মহত্যা কৰে। ইফালে, স্বামীগৃহত থকা তেওঁৰ জ্যেষ্ঠ কন্যা সুকলমে আছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে। উল্লেখ্য যে, অসবৰ্ণ বিবাহৰ ঘটনাই তামিলনাডুৰ বিভিন্ন গ্ৰামীণ অঞ্চলত বহু লোকৰ প্ৰাণ কাঢ়িছে। পৰিয়ালৰ লোকৰ হাততে হত্যাৰ বলি হ’বলগীয়া হৈছে বহু লোক। অন্ধ জাত্যভিমান আৰু উচ্চবৰ্ণৰ হোৱাৰ ফোপোলা অহংকাৰে পৰিয়ালৰ লোকৰে প্ৰাণ কাঢ়ি নিয়াৰ এনে ঘটনা আজিও সভ্য সমাজৰ বাবে এক কলংক হিচাপে বিবেচিত হৈ আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন